বলীউড অভিনেত্ৰী সোণালী বেন্দ্ৰেৰ ছবি ভুলকৈ এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে ভাইৰেল হৈছে!

False International

অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দীঘলীয়া অনুপ্ৰেৰণামূলক শিৰোনামৰ সৈতে ওপৰত অলপ লিখনি থকা দুখন ছবিৰ এটা ক’লাজ ভাইৰেল হৈ আছে। ক’লাজটোত একেগৰাকী মহিলাৰ দুখন ছবি আছে, এখনত চিকিৎসালয়ৰ বিচনাৰ দৰে দেখাত এখন বিচনাত মহিলা গৰাকীক শুই থকা দেখা গৈছে আৰু আনটোত মহিলাগৰাকীক চুটি চুলিৰে সৈতে দেখা গৈছে। শিৰোনামটোত দাবী কৰা হৈছে যে ছবিখনত থকা ব্যক্তিজন ফেশ্বন ডিজাইনাৰ কিৰজাদা ৰড্ৰিগেজ । Facebook Link | Archived Link

ক’লাজৰ সৈতে থকা দীঘল শিৰোনামটো নিম্নলিখিত ধৰণৰ

“#ক্ৰিছডা #ৰড্ৰিগেজৰ জীৱনৰ হৃদয়স্পৰ্শী অন্তিম বাস্তৱ কাহিনী,,

👉বিশ্বৰ আটাইতকৈ বিখ্যাত ফেশ্বন ডিজাইনাৰ আৰু লেখিকা ক্ৰিছডা ৰড্ৰিগেজে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুহোৱাৰ আগতে এই বাস্তৱ প্ৰবন্ধটো লিখিছিল,,,

জীৱনৰ বাস্তৱতা……..

১) মোৰ গেৰেজত পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল গাড়ীৰ ব্ৰেণ্ড আছিল কিন্তু এতিয়া মই হুইলচেয়াৰত ভ্ৰমণ কৰি আছোঁ,,,

২) মোৰ ঘৰটো সকলো ধৰণৰ ডিজাইনাৰ কাপোৰ, জোতা আৰু মূল্যৱান সামগ্ৰীৰে ভৰি আছে,, কিন্তু মোৰ শৰীৰটো চিকিৎসালয়ৰ দ্বাৰা প্ৰদান কৰা এখন সৰু কাপোৰত মেৰিয়াই থোৱা আছে,,,

৩) বেঙ্কত পৰ্যাপ্ত ধন আছে,, কিন্তু এতিয়া মই সেই টকাৰে লাভান্বিত হোৱা নাই,,

৪) মোৰ ঘৰটো এটা ৰাজপ্ৰাসাদৰ দৰে কিন্তু মই এখন চিকিৎসালয়ত বিচনাত শুই আছোঁ,,

৫) মই ফাইভ ষ্টাৰ হোটেলৰ পৰা আন এখন  ফাইভ ষ্টাৰ হোটেললৈ যাব পাৰো,, কিন্তু এতিয়া মই চিকিৎসালয়ৰ পৰীক্ষাগাৰৰ পৰা পৰীক্ষাগাৰলৈ যোৱাত সময় অতিবাহিত কৰি আছো,,

৬) মই শ শ লোকক স্বাক্ষৰ কৰিছিলো,, আজি চিকিৎসকৰ টোকাটো মোৰ স্বাক্ষৰ,, ( Assamese Fact )

৭) মোৰ চুলি সজাবলৈ মোৰ ওচৰত সাতটা গহনা আছিল – এতিয়া মোৰ মূৰত চুলি নাই,,

৮) ব্যক্তিগত জেটৰ সৈতে, মই য’ত বিচাৰো উৰিব পাৰো,, কিন্তু এতিয়া চিকিৎসালয়ৰ প্ৰাংগনলৈ যাবলৈ মোক দুজন লোকৰ সহায়ৰ প্ৰয়োজন,,

৯) যদিও বহুতো খাদ্য আছে, কিন্তু মোৰ আহাৰত দিনত দুটা টেবলেট আৰু ৰাতি অলপমান নিমখ থাকে,,

এই ঘৰটো, এই গাড়ীখন, এই জেট, এই আচবাব, ইমান বোৰ বেংক একাউণ্ট, ইমান খ্যাতি আৰু সুনাম সেইবোৰৰ কোনোটোৱেই উপযোগী নহয়,, সকলো মূল্যৱান সামগ্ৰীৰ কোনোটোৱে মোক সকাহ দিব নোৱাৰিলে,,

The real life is about entertaining many people and making them smile ′′ nothing is real but death ′′ Life is so short.

(copied)”

ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই দাবীটো মিছা বুলি সাৱ্যস্ত কৰিছে । ক’লাজত থকা ছবিবোৰত থকা ব্যক্তিজন হৈছে বলীউডৰ অভিনেত্ৰী সোনালী বেন্দ্ৰে । তেওঁ কোনো ফেশ্বন ডিজাইনাৰ নহয় । 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি পোষ্টবোৰ সাৱধানে অধ্যয়ন কৰিছিলো আৰু পূৰ্বৰ একে ধৰণৰ পোষ্টৰ সৈতে আমি এক সাদৃশ্য দেখিলো যি পোষ্ট আমি ছেপ্টেম্বৰ, ২০২০ত তথ্য পৰীক্ষা কৰিছিলো। ইয়াত তথ্য পৰীক্ষা কৰা হৈছে:

আমাৰ আগতীয়া তথ্য পৰীক্ষাই আমাক কয় যে ফেশ্বন ডিজাইনাৰ কিৰজাদা ৰড্ৰিগেজ ২০১৯ চনৰ ছেপ্টেম্বৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল আৰু ভাইৰেল ক’লাজত থকা ব্যক্তিজন তাই নহয়। স্বৰ্গীয় ফেশ্বন ডিজাইনাৰৰ ছবি আৰু ভাইৰেল ছবিৰ মাজত তুলনা ইয়াত দিয়া হৈছে:

আমি ভাইৰেল ক’লাজত থকা ব্যক্তিজনক বলীউডৰ অভিনেত্ৰী সোণালী বেন্দ্ৰে হিচাপে চিনাক্ত কৰিছিলো আৰু ক’লাজত থকা ছবিবোৰ বিচাৰিবলৈ, আমি প্ৰাসঙ্গিক কীৱৰ্ডৰ সংমিশ্ৰণৰ সৈতে এটা ৰিভাৰ্চ ইমেজ চাৰ্চ চলাইছিলো। আমি তলৰ প্ৰবন্ধটোৰ দৰে কেইটামান প্ৰবন্ধ পাইছিলো, য’ত একেখন ছবি ব্যৱহাৰ কৰা হৈছে। বেন্দ্ৰেৰ কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনধৰি যুঁজ হৈছিল আৰু তাৰ পাছত আৰোগ্য হৈছিল। ছবিবোৰ সেই সময়ৰ যেন লাগিছে। 

Screenshot, Zee News article

Zee News Link

ফলাফল

দাবীটো মিছা। ছবিখনত থকা ব্যক্তি গৰাকী স্বৰ্গীয় ফেশ্বন ডিজাইনাৰ কিৰজাদা ৰড্ৰিগেজ নহয় । তেখেত সোণালী বেন্দ্ৰে নামৰ এগৰাকী বলীউড অভিনেত্ৰী হয় ।

Avatar

Title:বলীউড অভিনেত্ৰী সোণালী বেন্দ্ৰেৰ ছবি ভুলকৈ এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে ভাইৰেল হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *