FACT CHECK: গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাখন নিষিদ্ধ কৰা খবৰটো ভুল আৰু বিভ্ৰান্তিকৰ

False Social

২০২১ চনৰ ২৪ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদৰ মটেৰাত নিৰ্মান কৰা বিশ্বৰ সৰ্ববৃহৎ খেলপথাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে।

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে ক্ৰিকেট ষ্টেডিয়ামখনৰ ভিতৰলৈ ভাৰতৰ জাতীয় পতাকা লৈ যাবলৈ দিয়া হোৱা নাছিল।

তেনেকুৱা এটা পোষ্টৰ কেপছন লিখা হৈছে “নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত “ভাৰতীয় পতাকা”ৰ নিষেধ-

আহমদাবাদ ভাৰতৰ বাহিৰত নেকি?” 

Tricolour FB.png

Original Post: Facebook | Archived Link

একেটা দাবীৰে অসমৰ হোৱাটছএপতো ভিডিঅ’টো ফৰৱাৰ্ড কৰি থকা হৈছে। এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যতা নিৰূপনৰ আহ্বান জনাইছিল আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770ত। 

Tricolour WhatsApp. png.png

Archived Link | Archived Video Link

ফেক্ট ক্ৰেছেণ্ডোৱে গম পালো যে নিৰাপত্তাজনিত কাৰণত যিকোনো ধৰণৰ পতাকাৰ মাৰি,খুটি আদি ভিতৰত সোমাব দিয়া হোৱা নাছিল। কেৱল পতাকাহে নিব দিয়া হৈছিল।

সত্যতা নিৰূপন পদ্ধতি:

আমি আমাৰ তদন্ত আৰম্ভ কৰিলো প্ৰথমে ভিডিঅ’টো অতি গুৰুত্বসহ পৰীক্ষা কৰি আৰু ফলস্বৰূপে আমি ভিডিঅ’টোৰ একোনত টিভি চেনেলটোৰ ল’গোটো দেখিলো। সেইটো হৈছে গুজৰাটৰ এটা ডিজিটেল সংবাদ প্ৰতিস্থান। ভিডিঅ’টোত এংকৰগৰাকীয়ে আগুৱাই দিয়া মাইকটোত ভিটিভিৰ ল’গোটো আছিল। আমি প্ৰাসংগিক কেইটামান শব্দেৰে গুগলত ছাৰ্চ কৰি একেটা ভিডিঅ’ৰে ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত ভিটিভিৰ ইউট্যুৱ চেনেলত আপলোড কৰা দীঘলীয়া মূল ৰূপটো পালো।

আমি ভিটিভিয়ে প্ৰকাশ কৰা বাতৰি দেখিলো য”ত আমি ভাইৰেল ভিডিঅ’টোত দেখুওৱা দৃশ্যটো লাভ কৰিলো। বাতৰিটো মতে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ২৬ফেব্ৰুৱাৰীত প্ৰথমখন টেষ্ট খেল চাবলৈ অহা একাংশ ক্ৰিকেটপ্ৰেমীয়ে প্ৰৱেশত বাধা পাই অসন্তুষ্ট হৈ পৰে। কিন্তু বাতৰিটোত তাৰ সঠিক কাৰণটো উল্লেখ নাছিল। Archived Link

ইয়াৰ উপৰিও ভিটিভিৰ সাংবাদিক অনিতা পাটনিয়ে আমাৰ সৈতে যোগাযোগত স্পষ্ট কৰি কয় যে ‘জাতীয় পতাকাখন ষ্টেডিয়ামৰ ভিতৰলৈ নিয়াত অনুমতি আছিল। আৰম্ভনীতে নিৰাপত্তাৰক্ষী আৰু দৰ্শক অনুৰাগীৰ মাজত এটা ভুল বুজাবুজি হৈছিল ষ্টেডিয়ামৰ বাহিৰত। পিছত উচ্চ পদস্থ বিষয়া আহি সমীধান দিয়ে আৰু পতাকা ভিতৰলৈ নিবলৈ দিয়া হয়। আচলতে ভিতৰলৈ পতাকা লৈ সোমোৱাত কোনো বাধা নাছিল।কিন্তু কোনো ধৰণৰ মাৰি,খুটি,পাইপ আদি নিৰাপত্তাজনিত কাৰণত ভিতৰলৈ লৈ যোৱাত বাধা আছিল।’

ফেক্ট ক্ৰেছেণ্ডোৱে গুজৰাট ক্ৰিকেট এছ’চিয়েছনৰ সৈতে কথা পাতিছিল। গুজৰাট ক্ৰিকেট এছ’চিয়েছনে  স্পষ্ট কৰিছে যে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ভিতৰলৈ ত্ৰিৰংগ পতাকা কঢ়িওৱাত কোনো বাধা নাই।

FC Hindi.png

Screenshot, article Fact Crescendo Hindi

Original Link- Fact Crescendo

সেইবাবে ফেক্ট ক্ৰেছেণ্ডোৱে মোটেৰাৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰিলে। তেওঁ জানিবলৈ দিয়ে যে নিৰাপত্তাজনিত কাৰণতেই খুটি,মাৰি আদি ভিতৰলৈ নিবলৈ দিয়া হোৱা নাছিল। ফেক্ট ক্ৰেছেণ্ডোৰ সৈতে কথা পাতোতে তেওঁ কয় “কেতিয়াবা মানুহে কাজিয়া কৰিলে মাৰি,খুটি আদি ব্যৱহাৰ কৰে,সেইকাৰণে নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক সেইবোৰ লৈ প্ৰৱেশত বাধা আৰোপ কৰিছিল। কিন্তু পতাকা ভিতৰলৈ নিব নিদিয়া খবৰটো ভুল।”

তাৰ পিছত ফেক্ট ক্ৰেছেণ্ডোৱে ২৪ফেব্ৰুৱাৰীত ষ্টেডিয়ামত উপস্থিত থকা দৰ্শক শ্বউনক আমিনৰ সৈতে কথা পাতিছিল। তেওঁ কয়, “কাকোৱে ষ্টেডিয়ামলৈ ত্ৰিৰংগ পতাকা  বা আন পতাকা লৈ প্ৰৱেশত বাধা দিয়া হোৱা নাছিল। গোটেই খেলখনতেই আমি দেখিলো যে দৰ্শকে পতাকা জোকাৰি উৰুৱাই আছিল আৰু সেয়া আছিল এক অনন্য অভিজ্ঞতা।” তেওঁ আমাক ষ্টেডিয়ামত পতাকা জোকাৰি থকা এটা ভিডিঅ’ও দিলে, যিটো তলত দিয়া হৈছে:

বিচিচিআয়ে নিজৰ অফিছিয়েল ৱেবচাইটত ২৪ফেব্ৰুৱাৰীত আপলোড কৰা খেলখনৰ হাইলাইটৰ ভিডিঅ’তো ভাৰতৰ জাতীয় পতাকা দৰ্শকে উৰুৱাই থকা দেখা পালো।

সিদ্ধান্ত: 

সত্যতা নিৰূপন কৰি আমি জানিব পাৰিকো যে ওপৰোক্ত পোষ্টটো অশুদ্ধ। গুজৰাট ক্ৰিকেট এছ’চিয়েছনে স্পষ্ট কৰিছে যে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ভিতৰলৈ ত্ৰিৰংগ পতাকা কঢ়িওৱাত কোনো বাধা নাই। দৰ্শকসকলক কেৱল পতাকাৰ লগত থকা মাৰিডাল বা খুটিটোহে ভিতৰলৈ নিব দিয়া হোৱা নাছিল, নিৰাপত্তাজনিত কাৰণত।

Avatar

Title:গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাখন নিষিদ্ধ কৰা খবৰটো ভুল আৰু বিভ্ৰান্তিকৰ

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *