FACT CHECK: লোকসভাৰ অধ্যক্ষৰ কন্যাই প্ৰকৃততেই ‘ইউপিএছচি’ত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণও হৈছিল

False Social

ছ’চিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলী বিৰলাই ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল কিন্তু তেওঁৰ নাম তাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। পোষ্টবোৰে ইয়াকে ক’ব বিচাৰিছে অঞ্জলী বিৰলাই নিজৰ প্ৰতিভা আৰু মেধাৰ সলনি লোকসভাত অধ্যক্ষৰ কন্যা হোৱাৰ সুবাদতেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছে।

২০২১ চনৰ ৬ জানুৱাৰীত ইউপিএছচি’য়ে ৮৯ গৰাকী প্ৰাৰ্থীৰ নামৰ তালিকা প্ৰকাশ কৰে আৰু সংৰক্ষিত প্ৰাৰ্থীৰ নামো প্ৰকাশ কৰে।তাৰ ভিত্তিত জানিব পৰা যায় যে ওম বিৰলাৰ কন্যায়ো এইবাৰ নিৰ্বাচিত হৈছে অসামৰিক সেৱাৰ বাবে।

আমাৰ ফেক্টলাইন নম্বৰ 90490 53770লৈ হোৱাটছএপ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ফেচবুক লিংক পঠিয়াই আৰু তাৰ সত্যতা নিৰূপনৰ আহ্বান জনায়। Archived Link

পোষ্টটোত ওম বিৰলা আৰু তেওঁৰ কন্যা অঞ্জলী বিৰলাৰ ফটো লগোৱা হৈছে আৰু তাত লিখা হৈছে যে তেওঁ ইউপিএছচি পৰীক্ষা দিয়া নাই কিন্তু তাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

birla fb.png

Original Link- Facebook | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো আছামিছে জানিব পাৰিলো যে সেই দাবী মিছা আৰু অঞ্জলী বিৰলাই সঁচাকৈয়ে ইউপিএছচি পৰীক্ষা দি সেই পৰীক্ষাত উত্তীৰ্ন হৈছ।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি ইউপিএছচিৰ ৱেবচাইট পৰীক্ষা কৰিলো আৰু তাত ২০২১ চনৰ ৪জানুৱাৰীৰ এক ন’টিফিকেছন পালো য’ত অঞ্জলী বিৰলাৰ নাম ‘কনচোলিডেটেড ৰিজাৰ্ভ লিষ্ট’ত পালো।

কনচোলিডেটেড ৰিজাৰ্ভ লিষ্টত অঞ্জলী বিৰলাৰ ৰোল নম্বৰ পোৱা হ’ল। তাৰ আঁত ধৰিয়ে আমি অঞ্জলী বিৰলাৰ ৰোল নম্বৰ  0851876 ইউপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা ২০১৯ৰ ফলাফলৰ তালিকাত বিচাৰি চালো।

ফলাফলৰ তালিকাত দেখা গ’ল যে তেওঁ সচাকৈয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 

UPSC LIST.png

UPSC 

তাৰ পিছত আমি একেটা ৰোল নম্বৰ ইউপিএছচিৰ মূল পৰীক্ষা ২০১৯ৰ ফলাফলৰ তালিকাটো বিচাৰি দেখিলো যে তেওঁ তাতো উত্তীৰ্ণ হৈছে। Archived Link

৭জানুৱাৰীত ইউপিএছচিয়ে কৰা এটা ঘোষণা পালো,য’ত উল্লেখ কৰা হৈছে যে ইউপিএছচিৰ ৰিজাৰ্ভ লিষ্ট সম্পৰ্কত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰি বিভিন্ন দাবী ছোচিয়েল মিডিয়াত কৰি থকা হৈছে। Original Link- UPSC | Archived Link

ফেক্ট ক্ৰেছেণ্ডো গুজৰাটীয়েও এই দাবীটোৰ বিষয়ে এক চেক শেহতীয়াভাৱে কৰিছিল । Original Link- Fact Crescendo Gujarati

ফলাফল

ছ’চিয়েল মিডিয়াত মিছাকৈ দাবী কৰা হৈছে যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যাই কোনো পৰীক্ষা নিদিয়াকৈ প্ৰথম বাৰতেই ইউপিএছচিত উত্তীৰ্ন হৈছে।

Avatar

Title:লোকসভাৰ অধ্যক্ষৰ কন্যাই প্ৰকৃততেই ‘ইউপিএছচি’ত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণও হৈছিল

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *