FACT CHECK: বিজেপিৰ সাংসদৰ গালৈ চিয়াহী নিক্ষেপ কৰা ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই!

False Political

ছ’চিয়েল মিডিয়াত এনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে, য’ত এজন বিজেপি সাংসদক হাৰিয়ানাৰ কৃষকে মাৰধৰ কৰি মুখলৈ চিয়াহী দলিয়াই দিয়া দেখা গৈছে আৰু সেই ভিডিঅ’টোত দাবী কৰা হৈছে যে সেয়া চলি থকা কৃষক আন্দোলনৰ দৃশ্য। 

ভিডিঅ’টোত আমি এদল কৃষকে এজন পাগুৰী পিন্ধা লোকক মাৰপিট কৰা দেখা গৈছে। তাত দাবী কৰি লিখা হৈছে যে প্ৰহৃত লোকজন বিজেপি সাংসদ চাইনী। 

Farmer Ink FB.png

Original Link- Facebook | Archived Link

সত্যতা নিৰূপন পদ্ধতি

আমি কিছুমান প্ৰাসংগিক শব্দ লৈ সেই ভিডিঅ’টো ইউটিউৱত ছাৰ্চ কৰি চালো আৰু পাঞ্জাৱ কেশৰীৰ অফিচিয়েল ইউটিউৱ চেনেলত আপলোড কৰা এই ভিডিঅ’টো পালো। 

এই ভিডিঅ’টো আপলোড কৰা হৈছিল ২০১৪চনৰ ৭নৱেম্বৰত আপলোড কৰা হৈছিল আৰু তাত লিখা হৈছিল “सांसद सैनी पर स्याही पोतने का वीडियो वायरल, नाम दिया – Surgical Strike By Jaat Boys” যাৰ অৰ্থ হৈছে বিজেপি সাংসদক চিয়াহী মৰা Surgical Strike By Jaat Boys নামৰ ভিডিঅ’ এটা ভাইৰেল হৈছে।

সেই ভিডিঅ’টো চোৱাৰ পিছত আমি প্ৰাংসগিক শব্দ লৈ আৰু অধিক ইউটিউৱ ছাৰ্চ কৰি চালো।  তাৰ ফলত আমি কড়ক নাম এটা অফিচিয়েল ইউটিউৱ চেনেলৰ এটা ব্ৰডকাষ্ট ভিডিঅ’ পালো। সেই ভিডিঅ’টো তেওঁলোকে ২০১৪চনৰ ৮নৱেম্বৰত আপলোড কৰিছিল আৰু তাত লিখিছিল 

“बीजेपी सांसद राजकुमार सैनी स्याही कांड का वीडियो सोशल मीडिया पर वायरल हुआ है. वीडियो में आरोपी राजकुमार सैनी पर स्याही फेंकते नज़र आ रहे हैं व साथ ही सांसद पर जूता फेंकते हुए देखे जा रहे हैं | बता दें कि कुरूक्षेत्र के क्षत्रीय धर्मशाला में राजकुमार सैनी पर स्याही अटैक हुआ था | सैनी समर्थकों ने आरोपी युवकों को मौके पर ही पकड़ लिया था और उनकी धुनाई शुरु कर दी थी | बाद में सभी आरोपियों को पुलिस ने गिरफ्तार कर लिया था | राजकुमार सैनी ने इस हमले के बाद कहा था कि कुछ लोग माहौल खराब करने की कोशिश कर रहे हैं | इसीलिए उन्होंने ये हमला किया है. हालांकि आरोपियों ने इसके पीछे किसी राजनीतिक साजिश से इनकार किया है |”  

যাৰ অনুবাদ হ’ল: বিজেপি সাংসদ ৰাজকুমাৰ চাইনিক চিয়াহী মৰা ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত অভিযুক্ত ৰাজকুমাৰে চাইনিৰ ফালে চিয়াহী মৰা দেখা গৈছে আৰু লগতে সাংসদগৰাকীলৈ এপাত জোতা মৰাও দেখা গৈছে। অনুগ্ৰহ কৰি এই কথা প্ৰকাশ কৰক যে কুৰুক্ষেত্ৰৰ ক্ষত্ৰিয় ধৰ্মশালাত প্ৰিন্স চাইনিৰ ওপৰত এক চিয়াহী আক্ৰমন চলে। চাইনীৰ সমৰ্থকে যুৱককেইজনক স্থানতেই কৰায়ত্ব কৰে আৰু প্ৰহাৰ কৰে। পৰৱৰ্তী সময়ত আটাইকেইজন অভিযুক্তকে আৰক্ষীয়ে আটক কৰে। সেই আক্ৰমনৰ পিছত ৰাজকুমাৰ চাইনীয়ে প্ৰকাশ কৰে যে কিছু লোকে পৰিবেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিছিল। সেইবাবেই তেওঁলোকে তেনেকুৱাকৈ আক্ৰমন কৰিছিল। 

কিন্তু অভিযুক্তই কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা অশ্বীকাৰ কৰে। সেই কথাই স্পষ্ট কৰে যে ভিডিঅ’টো পুৰণি আৰু তাত কুৰুক্ষেত্ৰৰ প্ৰাক্তন বিজেপি সাংসদ ৰাজকুমাৰ চাইনীক দেখা গৈছে। সেইবাবেই আমি সেই ভিডিঅ’টো সন্দৰ্ভত বাতৰিৰ সন্ধান কৰিলো আৰু ২০১৪চনৰ ১৪ অক্টোবৰত দ্য পত্ৰিকাত প্ৰকাশিত এই বাতৰি’টো পালো।

Farmer Ink Patrika.png

Original Link- Patrika | Archived Link

বাতৰিটো মতে যেতিয়া বিতৰ্কিত সাংসদ ৰাজকুমাৰ চাইনীয়ে যেতিয়া হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ ক্ষত্ৰিয় ধৰ্মশালাৰ এটা অনুষ্ঠানত অংশ ল’বলৈ আহিছিল,তেতিয়া ৪জন যুৱকে তেওঁৰ ওপৰত চিয়াহীৰে আক্ৰমন কৰে।বহুদিন ধৰি জাটসকলৰ সংৰক্ষন বিষয়ত সাংসদ চাইনীয়ে এক আলোচনাত আছিল আৰু জাটসকলৰ বিৰুদ্ধে বিভিন্ন মন্তব্য দিছিল।

একেই দাবীৰে কেইমাহমান আগতে ভাইৰেল হৈছিল আৰু ফেক্ট ক্ৰেছেণ্ডো হিন্দীয়ে তাৰ সত্যতা নিৰূপন কৰিছিল । Original Link- Fact Crescendo Hindi

ফলাফল

সত্যতা পৰীক্ষা কৰি আমি গম পালো যে ওপৰোক্ত পোষ্টটো অশুদ্ধ। ভাইৰেল ভিডিঅ’টো প্ৰায় ৮ বছৰ পুৰণি, যেতিয়া কেইজনমান যুৱকে কুৰুক্ষেত্ৰৰ সাংসদ ৰাজকুমাৰ চাইনীলৈ চিয়াহী নিক্ষেপ কৰিছিল। বৰ্তমান এই ভিডিঅ’টো ভূৱা দাবীৰে কৃষক আন্দোলনৰ সৈতে সংযোগ কৰি শ্বেয়াৰ কৰা হৈছে।

Avatar

Title:বিজেপিৰ সাংসদৰ গালৈ চিয়াহী নিক্ষেপ কৰা ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *