
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ফেক্ট ক্ৰেছেণ্ডো আছামিজে কৃষক আন্দোলনৰ সৈতে জৰিত তেনেকুৱা বহু দাবীৰ সত্যতা নিৰুপন কৰিছো।
তাৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, যিটোত দেখা গৈছে এজন লোকক এদল মানুহে প্ৰহাৰ কৰিছে আৰু ভিডিঅ’টোত দাবী কৰা হৈছে যে তেওঁ বিজেপি নেতা উমেশ সিং আৰু তেওঁ কৃষক আন্দোলনত দেশবিৰোধী শ্লোগান দিছিল। সেইবাবেই কৃষকসকলে তেওঁক জোতাৰে প্ৰহাৰ কৰিছে।
মহম্মদ আলী নামৰ ফেচবুক পেজটোৱে ১৬ ডিচেম্বৰ ত ১২বাজি ২৭ মিনিটত এটা তেনেকুৱা পোষ্ট দিছিল,যত লিখা হৈছিল “BJP দলৰ নেতা Umesh Singhগে কৃষক আন্দোলন কৰা কৃষক সকলৰ মাজত সোমাই পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল। আৰু কৃষক সকলে লগে লগে কৰায়ত্ত কৰি জোতা পিটন দিলে। আমি ধিক্কাৰ দিছোঁ BJP দলৰ ৰ এনে ঘৃননীয় কাৰ্যক। পাব্লিক জিন্দাবাদ।কৃষক জিন্দাবাদ।”
Original Link- Facebook | Archived Link
ইতিমধ্যে পোষ্টটো ২৩বাৰ শ্বেয়াৰ কৰা হৈছে।
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে দাবীটো মিছা। সত্যতা নিৰূপন এনেধৰণৰ:
পদ্ধতি:
আমি আমাৰ তদন্তৰ আৰম্ভনীতে ভিডিঅ’টো অতি ভালকৈ নিৰিক্ষন কৰিলো আৰু তাত ভাৰত সমাচাৰৰ ল’গটো পালো। তাৰ পিছত আমি ইউটিউৱ আৰু আন আন ছ’চিয়েল মিডিয়া হেণ্ডেলত ভাৰত সমাচাৰ বিচাৰি চালো আৰু আমি টুইটাৰক সেই ভিডিঅ’টো ২০২০চনৰ ১৪ ডিচেম্বৰত পোষ্ট কৰা দেখিলো, যত সেই লোকজনক অৰুণ বুলি অভিহিত কৰা হৈছে।
#Ghaziabad ||
— भारत समाचार (@bstvlive) December 14, 2020
➡धरने पर आए किसानों ने शख्स को पीटा
➡मीडिया में इंटरव्यू देने पर की गई पिटाई
➡दिल्ली निवासी शख्स को किसानों ने पीटा
➡अरूण नाम के शख्स की जमकर पिटाई
➡पिटाई का वीडियो हो रहा जमकर वायरल
➡दिल्ली यूपी बॉर्डर पर किसानों ने की पिटाई.@ghaziabadpolice pic.twitter.com/RCFvYRxvif
টুইটটোত লিখা হৈছিল “Farmers on strike beat up man, beaten up while giving an interview in media, Delhi resident beaten up by farmers, man named Arun beaten up, video of beating goes viral, Delhi Farmers beat up on UP border. ” টুউটটোত গাজিয়াবাদ আৰক্ষীক টেগ কৰা হৈছিল।
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে সেই ব্যক্তিজনৰ নাম অৰুণ কুমাৰ, যাক এটা টিভি চেনেলৰ এগৰাকী সাংবাদিকক বাধা প্ৰদান কৰা আৰু কৃষকৰ সৈতে কাজিয়া কৰাৰ অপৰাধত আৰক্ষীক চমজাই দিয়া হৈছিল। আৰক্ষীয়ে অৰুণ কুমাৰ কোনো ৰাজনৈতিক দলৰ সৈতে জৰিত থকাৰ কথা অশ্বীকাৰ কৰিছে।
ফেক্ট ক্ৰেছেণ্ডোৱে খোড়া আৰক্ষী থানাৰ এছএইছও মহম্মদ আছলামৰ সৈতে কথা পাতিলো আৰু তেখেতে আমাক কলে যে অৰুণ কুমাৰ নামৰ সেই লোকজনে এজন স্থানীয় টিভি সাংবাদিকৰ সৈতে কথা পাতি আছিল আৰু যেতিয়াই তেওঁ ৰিপাব্লিকৰ সাংবাদিকগৰাকীক দেখা পালে তেওঁ লগে লগে বেয়া বেয়া মন্তব্য কৰিবলৈ আৰম্ভ কৰি দিলে। সেই কথা ৰিপাব্লিকৰ সাংবাদিকগৰাকীয়ে শুনিলে আৰু সেই লোকজনৰ সৈতে এখন তৰ্কযুদ্ধ হল। সেই কৰ্ম কৃষকসকলে দেখি আছিল আৰু কৃষকসকল সেইবাবে ক্ৰোধিত হৈ পৰে আৰু অভিযোগ কৰে যে লোকজনে তেওঁলোকৰ আন্দোলনখন বাধাগ্ৰস্থ কৰি আছে। সেইসময়তে ৰিপাব্লিকৰ সাংবাদিকে কৰ্তব্যৰত আৰক্ষীক মাতি আনে আৰু আৰক্ষীয়ে(ভিডিঅ’ত দেখাৰ ধৰণে) লোকজনক সেই স্থানৰ পৰা লৈ আৰক্ষী থানালৈ যায়। যেতিয়া তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ এফআইআৰ ৰুজু কৰা নহল,তেওঁক মুকলি কৰি দিয়া হল। আৰক্ষীৰ মতে সেই লোকজন কোনো ৰাজনৈতিক দলৰ সৈতে সংযুক্ত নহয় আৰু তাত তেওঁ কোনোধৰণৰ দেশবিৰোধী শ্লোগানো দি থকা নাছিল। সেই লোকজনৰ ঘৰ হৈছে সাহাৰণপুৰত আৰু তেওঁ নাম অৰুণ কুমাৰ। ”
তাৰ পিছত ভিডিঅ’টোত দেখা শুভ্ৰবস্ত্ৰ পৰিধান কৰা কিষাণ সংঘৰ মুৰব্বী ৰাকেশ টিকাইতৰ সৈতে কথা পাতিলো আৰু তেওঁ কলে ” পাকিস্তান সমৰ্থনত কোনো ধৰণৰ শ্লোগান তাত দিয়া হোৱা নাছিল। তাত যি শ্লোগান দিছিল,সেয়া সংবাদ মাধ্যমৰ বিৰুদ্ধে হে দিয়া হৈছিল। আমি শান্তিপূৰ্ণভাৱে আগুৱাব বিচাৰিছিলো আৰু সেই লোকজনৰ বাবে শান্তি বিঘ্নিত হৈছিল আমাৰ। সেইবাবেই আমি তেওঁক প্ৰহাৰ কৰিছিলো আৰু আৰক্ষীক গটাই দিছিলো। আমি তেওঁৰ কোনো ব্যক্তিগত কথা নাজানো। ”
ইয়াৰ উপৰিও আমি বিজেপি নেতা উমেশ সিং সন্দৰ্ভত ছাৰ্চ কৰি চালো মাই লিডাৰ নামৰ ৱেবচাইটোত আৰু আমি তেনেকুৱা নামৰ কোনো বিজেপি নেতাৰ তথ্য লাভ নকৰিলো।
Original Link- My Neta | Archived Link
ফলাফল
সত্যতা নিৰুপন কৰি আমি পালো যে ওপৰোক্ত পোষ্টত কৰা দাবীটো ভূৱা। কৃষক আন্দোলন সম্পৰ্কে কৰা সেই দাবীটো মিছা। কোনো কৃষকেই উমেশ সিং নামৰ কোনো বিজেপি নেতাৰ প্ৰহাৰ কৰা নাই ।ভিডিঅ’টোত দেখা লোকজন অৰুণ কুমাৰ আৰু তেওঁৰ কোনো দলৰ সৈতে সম্পৰ্ক নাই।

Title:এই ভাইৰেল ভিডিঅ’টোত প্ৰহৃত হোৱা লোকজন বিজেপি নেতা নহয়!
Fact Check By: Manjori BorkotokyResult: False