
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ১৫ জুলাই, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া দিল্লীৰ জন্তৰ-মন্তৰলৈ বুলি আহি থকা এজাক মানুহৰ দলৰ দৃশ্য। পোষ্টটোত লিখিছে– দেশৰ স্বাৰ্থ ত আৰু চৰকাৰৰ বিৰুদ্ধে মানুহে আহি আছে জন্ত্ৰমন্ত্ৰত

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই দৃশ্যটো যোৱা ৯ জুলাই ২০২৬ত ইউটিউবত আপলোড কৰা দেখিলোঁ। অৰ্থাত দাবী কৰা দিনটোৰ কেইটামান দিন পূৰ্বই সেই দৃশ্য কেমেৰাত বন্দী কৰি আপলোড কৰা হৈছিল। তাত লিখা হৈছে- Jay Ravechi Maa ।

ইনষ্টাগ্ৰামতো একেটা তাৰিখতে একেধৰণে জয় ৰাভেসি মা বুলি লিখি দৃশ্যটো আপলোড কৰা হৈছে।

ইয়াৰে আঁত ধৰি আমি প্ৰাসংগিক শব্দ লৈ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি জানিব পাৰিলোঁ যে গুজৰাটৰ কচ্ছৰ ৰাপাৰ জিলাত ৰাভেসি মাৰ মন্দিৰ আছে। আমি লাভ কৰা ইনষ্টাগ্ৰাম পোষ্টটোত ৰাপাৰ জিলাৰ এগৰাকী ফটোগ্ৰাফাৰ ভৰত গোহিলৰ একাউণ্টৰ লিংক লাভ কৰিলোঁ। তাত আমি ভৰত গোহিলৰ ফোন নম্বৰটো লাভ কৰিলোঁ আৰু সেই নম্বৰত যোগাযোগ কৰিলোঁ

আমি ভৰত গোহিলৰ পৰা সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ সত্যতা জানিব বিচৰাত তেওঁ আমাক জনায় যে সেয়া ৰাপাৰৰ পৰা ১৩ কিলোমিটাৰ দূৰত থকা ৰৱ গাৱৰ এক ১০ হেজাৰ গো-ধন থকা এখন গোশালাৰ বহুসংখ্যক গো-ধনৰ দৃশ্য। ধোলাৱিৰা পথত সেই দৃশ্যটো লোৱা হৈছিল। আচলতে গৰু-ম’হবোৰক পথাৰৰ পৰা চৰায় আনি থকা সময়ত সেই দৃশ্যটো সংগ্ৰহ কৰা হৈছিল। সমীপতে থকা ৰাভেসি মন্দিৰলৈ এইদৰে গৰুবোৰক লৈ অহা হৈছিল। সেই দৃশ্যটোৰ দিল্লীত হৈ থকা চিজেপি প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই বুলি তেওঁ আমাক জানিবলৈ দিয়ে।
ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। সেয়া দিল্লীৰ জন্তৰ-মন্তৰলৈ প্ৰতিবাদ কৰিবলৈ আহি থকা লোকৰ দৃশ্য নহয়। সেয়া গুজৰাটৰ ৰাপাৰ জিলাৰ সমীপৰ এখন গোশালাৰ গো-ধনবোৰক পথাৰৰ পৰা চৰায় ওভটাই আনি থকা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


