
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকা আৰু ইৰাণৰ শেহতীয়া বোমাবৰ্ষণৰ দৃশ্য। পোষ্টটোত লিখিছে- আমেৰিকাৰ ধাৰাষাৰ বোমা বৰ্ষণৰ লগতে ইৰাণৰো প্ৰত্যাক্ৰমণ চলি আছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো ইনষ্টাগ্ৰামত ২০২৫ চনৰ ১৫ নৱেম্বৰত আপলোড কৰা দেখিলোঁ। কোৰিয়ান ভাষাত কেপছন লিখা হৈছিল- 천안 풍세 이랜드 실시간 화재… ইয়াৰ অৰ্থ হৈছে- চিওনানৰ পুংগছেস্থিত ই-লেণ্ডত হোৱা অগ্নিকাণ্ডৰ বাস্তৱ সময়ৰ দৃশ্য।

Channelnewsasia ৰ ইনষ্টাগ্ৰামত এই ভিডিঅ’টোৰে সৈতে এটা বাতৰি প্ৰকাশ কৰা হৈছে। তাত লিখা হৈছে- A massive blaze destroyed one of South Korea’s largest fashion logistics centres in Cheonan, South Chungcheong province, on Saturday (Nov 15), burning millions of garments. No casualties were reported as the fire broke out hours before workers arrived. Local media reports said it took more than nine hours to bring the main fire under control, with hotspots still burning for hours. About 430 firefighters, 150 vehicles and 11 helicopters were deployed in the firefighting operations. (শনিবাৰে (১৫ নৱেম্বৰ) দক্ষিণ কোৰিয়াৰ অন্যতম বৃহৎ ফেশ্বন লজিষ্টিক চেণ্টাৰ দক্ষিণ চুংচেং প্ৰদেশৰ চেওনানত অগ্নিকাণ্ড সংঘটিত হৈ লাখ লাখ কাপোৰ জ্বলি যায়। শ্ৰমিক আহি পোৱাৰ কেইঘণ্টামান পূৰ্বে অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মূল জুই নিয়ন্ত্ৰণ কৰিবলৈ ৯ ঘণ্টাৰো অধিক সময় লাগিছিল, এতিয়াও ঘণ্টাৰ পাছত ঘণ্টা ধৰি জুই জ্বলি আছে। অগ্নিনিৰ্বাপক অভিযানত প্ৰায় ৪৩০ জন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী, ১৫০খন বাহন আৰু ১১খন হেলিকপ্টাৰ নিয়োগ কৰা হয়।)

কোৰিয়ান হেৰাণ্ড নামৰ সংবাদ প্ৰতিষ্ঠানত যোৱা ১৬ নৱেম্বৰ ২০২৫ত প্ৰকাশিত Fire destroys massive Cheonan fashion logistics hub শীৰ্ষক বাতৰিটোত আমি সেই ঘটনাটোৰ সবিশেষ লাভ কৰিলোঁ তথা সেই ফেশ্বন লজিষ্টিক চেণ্টাৰটোৰ বিভিন্ন দৃশ্য দেখা পালোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। এই দৃশ্য আমেৰিকাই ইৰাণৰ ওপৰত অথবা ইৰাণে আমেৰিকাৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য নহয়। সেয়া ২০২৫ চনৰ নৱেম্বৰত দক্ষিণ কোৰিয়াৰ এটা ফেশ্বন লজিষ্টিক চেণ্টাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


