গুজৰাটৰ পাটনৰ পুৰণি ভিডিঅ’ ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ অপৰাধীক আৰক্ষীয়ে আটক কৰাৰ দৃশ্য বুলি ভাইৰেল।

Misleading Social

ৰাজস্থানৰ ১৩ বছৰীয়া নাবালিকাৰ গণধৰ্ষণৰ ঘটনাৰ পাছতে আৰক্ষীয়ে ৩২ জন সন্দেহযুক্তৰ ভিতৰত ১৪ জনক গ্ৰেপ্তাৰ কৰিছে। এই পটভূমিত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকক আৰক্ষীয়ে আৰক্ষীয়ে আটক কৰি মৰিয়াই মৰিয়াই ৰাস্তাৰে লৈ গৈ আছে। দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৬ চনৰ ১৮ মাৰ্চত Zee News Gujarati ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কৰা হৈছিল।

প্ৰতিবেদনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “‘আৰক্ষীৰ নিৰাপত্তাৰ মাজতে দেওবাৰে মাজনিশা পাটন জিলাৰ চানাছমা তালুকৰ জিলিয়া গাঁৱত থকা ভৱেশ দেশাইৰ ফাৰ্মহাউচত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ১৫ৰ পৰা ২০জনীয়া এটা দলে   আক্ৰমণ কৰি আৰু শিলগুটি নিক্ষেপ কৰি চাঞ্চল্যৰ সৃষ্টি কৰে। এই আক্ৰমণত নিৰাপত্তাৰ দায়িত্বত থকা চানছমা আৰক্ষীৰ বলেৰ’ গাড়ী আৰু আন ভেনসমূহ ভাঙি পেলোৱা হয়। সকলোবোৰৰ মাজতেই পোহৰলৈ আহিছে আটাইতকৈ চাঞ্চল্যকৰ দৃশ্য। নিৰাপত্তাৰক্ষীত নিয়োজিত আৰক্ষীয়ে আক্ৰমণকাৰীক দেখি পলায়ন কৰিছিল। আক্ৰমণকাৰীৰ আতংকত আৰক্ষীৰ বাহনখন চানছমালৈ অধিক আৰক্ষী বাহিনী লাভ কৰিবলৈ উভতি আহে। এই সময়তে আক্ৰমণকাৰীয়ে ফাৰ্ম হাউছৰ গেট ভয়ংকৰভাৱে ভাঙি পেলাইছিল। এই কাণ্ডৰ পিছত পৃথক পৃথক দল গঠন কৰা হয়, আৰু প্ৰায় ১৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়, আৰু আজি তেওঁলোকক ৰাজহুৱা শোভাযাত্ৰাত উলিয়াই আইনৰ শিক্ষা দিয়া হয়।

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি News18Gujarati ৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৬ চনৰ ১৯ মাৰ্চৰ এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল।

কেপশ্বন অনুসৰি, ভিডিঅ’টো গুজৰাটৰ পাটনৰ।

একেধৰণৰ আন এক প্ৰতিবেদন আমি “গুজৰাটী জাগৰণ“তো পালোঁ।

ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ সৈতে সম্পৰ্কিত নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দৃশ্য দেখা যোৱা নাই। এয়া গুজৰাটৰ পাটনৰ এক পুৰণি দৃশ্য।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: গুজৰাটৰ পাটনৰ পুৰণি ভিডিঅ’ ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ অপৰাধীক আৰক্ষীয়ে আটক কৰাৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *