স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত জাতীয় পতাকা উত্তোলন কৰা নাছিল!

False Social
lal chowk.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত দেশৰ জাতীয় পতাকাখন দেখা গৈছে । দাবী কৰা হৈছে যে স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত দেশৰ জাতীয় পতাকা উত্তোলন কৰা হৈছে আৰু এইখন তাৰেই ছবি । উক্ত ফটোখন বিভিন্নজনে ফেচবুকত আপলোড কৰিছে আৰু শ্বেয়াৰ কৰি ভাইৰেল কৰি তুলিছে । দাবী কৰা হৈছে যে বিজেপি চৰকাৰ অহা পাছত আৰু সংবিধানৰ ৩৭০ অনুচ্ছেদ খাৰিজ কৰাৰ পাছত এই পৰিবৰ্তন আহিছে । 

অসমতো উক্ত ফটোখন “স্থান একেই জম্মু-কাশ্মীৰৰ লাল চৌক আৰু লাডাখ কিন্তু ছবি আৰু পৰিৱেশৰ পৰিৱৰ্তন, জয় হিন্দ”, বুলি শিৰোনামা দি ৰবি শংকৰ শৰ্মা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা আগষ্ট ১৬, ২০২০ তাৰিখে আপলোড কৰা হৈছে । উক্ত পোষ্টটোত বিভিন্নজনে কমেণ্ট কৰিছে তথা পোষ্টটো বহু বাৰ শ্বেয়াৰ কৰা হৈছে । 

ঠিক সেইদৰে অৰ্চন শৰ্মা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা উক্ত ফটোখন জম্মু-কাশ্মীৰৰ লাল চৌকৰ দৃশ্য আপলোড কৰা হৈছে । 

lal chowk 1.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

সঁচাকৈ স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত জাতীয় পতাকা উত্তোলন কৰা হৈছিল নেকি? এই ভাইৰেল ফটোখন সঁচা নে? সত্য কি? জানো আহক । 

প্ৰণালী

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু উক্ত ফটোখন ২০১০ চনতে এক ব্লগ পোষ্টত আপলোড হোৱা দেখিলোঁ । উক্ত ফটোখনৰ কেপচনত স্পষ্টকৈ লিখা আছে যে জুন ২২, ২০১০ চনত তোলা এই ফটোখন কাশ্মীৰৰ লাল চৌকৰ হয় । 

lal chowk 2.png

আমি দুয়োখন ফটো তুলনা কৰি চালোঁ আৰু দেখিলোঁ যে জাতীয় পতাকা থকা ভাইৰেল ফটোখন আচলতে ২০১০ চনৰ ফটোখন এডিট কৰি বনোৱা হৈছে । জাতীয় পতাকাখন এডিট কৰি যোগ কৰি দিয়া হৈছে ।

আমি ইয়াৰ উপৰিও কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি ফেচবুকত চাৰ্চ কৰিলোঁ আৰু শেহতীয়াকৈ দেশবাসীয়ে উদযাপন কৰা ৭৪তম স্বাধীনতা দিৱসৰ দিনা কাশ্মীৰৰ লাল চৌকৰ কেইখনমান প্ৰকৃত ছবি আপলোড কৰা দেখিলোঁ । উক্ত ফটোবোৰত স্পষ্ট হৈ পৰিছে যে লাল চৌকত কোনো জাতীয় পতাকা উত্তোলন কৰা হোৱা নাই । 

lal chowk 3.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

ফলাফল

উক্ত ভাইৰেল ফটোখন ভুৱা হয় । স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত জাতীয় পতাকা উত্তোলন কৰা হোৱা নাছিল । 

Avatar

Title:স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত জাতীয় পতাকা উত্তোলন কৰা নাছিল!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *