এয়া আচলতে ৱাশ্বিংটন ডিচিত সামৰিক শক্তি মোতায়েনৰ প্ৰতিবাদত জনতাই উলিওৱা ট্ৰাম্প বিৰোধী মিছিলৰ দৃশ্য়।

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকাত ট্ৰাম্পৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদী সমদলৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ডোনাল্ড ট্ৰাম্প-ন্যেত্যুনুহুৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ। আমেৰিকাৰ ৫০চহৰত ৯০লাখ লোক ওলাই আহিল। ইজৰাইলত আমেৰিকাতকৈয়ো বৃহত প্ৰতিবাদ আৰম্ভ। ট্ৰাম্প ও ন্যেত্যানুহুৱে কৰিছে বিশ্বক নৰকুন্ডত পৰিণত। এপ্সটেইন ফাইলক তল পেলাবলৈ ইৰাণৰে যুদ্ধ আৰম্ভ। মধ্যপ্ৰাচ্যক ধ্বংসৰ মাজলৈ ঠেলি দি তৈলজাত সম্পদৰ বাবে সমগ্ৰ বিশ্বকে সংকটত পেলোৱাৰ বাবে এই ট্ৰাম্প আৰু ন্যেত্যানুহুৰ গোট বন্ধনৰ কুপৰিকল্পনাই দায়ী হয়। দুই ধুৰন্ধৰৰ ষড়যন্ত্ৰ আৰু আক্ৰমণাত্মক কাৰ্যৰ উপৰি ট্ৰাম্পৰ লাগবান্ধ নোহোৱা কথাই বিশ্বক স্তম্ভিত কৰিছে। Daily Mail Newsৰ মতে আমেৰিকাৰ বৰ্তমান পৰাজয় জনক পৰিস্হিতিৰ মাজতে দেশখনৰ উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সে ন্যেত্যানুহুৱে চক্ৰান্তমুলকভাৱেই আমেৰিকাক যুদ্ধৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ তুলি ইজৰাইললৈ ফোন কৰি যুদ্ধক সহজ দেখুৱাই ট্ৰাম্পক যুদ্ধৰ মাজলৈ টানি নিয়াবুলি ন্যেত্যানুহুক দোষাৰোপ কৰাৰ পাছত দুই দেশৰ মাজত মনোমালিন্য সৃষ্টি হোৱা বুলি কোৱা হৈছে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি ৭ চেপ্টেম্বৰ ২০২৫ত ইনষ্টাগ্ৰামত এই ভিডিঅ’টো পোষ্ট কৰা দেখিলোঁ। তাত লিখা আছিল- Stand up DC . Several thousand people showed out to protest DonaldTrump and his takeover of DC. 

তদুপৰি ৬ চেপ্টেম্বৰ ২০২৫ত এক্সত এই একেটা ভিডিঅ’ আপলোড কৰি লিখিছে- The We Are All DC march to protest against Trump admin’s takeover of DC is currently heading toward the White House:  

DRM News ৰ ৭ চেপ্টেম্বৰ ২০২৫ত সম্প্ৰচাৰিত  Historic Sounds: Bells Ring While Streets Fill with Anti-Troop Protest শীৰ্ষক বাতৰিতো আমি প্ৰতিবাদৰ এই দৃশ্যটো দেখিলোঁ। 

আনহাতে Associated Press ৰ ৭ চেপ্টেম্বৰ ২০২৫ত সম্প্ৰচাৰিত Thousands protest for a ‘Free DC’ against federal control in Washington শীৰ্ষক বাতৰিতো আমি প্ৰতিবাদৰ এই দৃশ্যটো দেখিলোঁ। 

ৱাশ্বিংটন ডিচিত সামৰিক দল মোতায়েনৰ বিৰুদ্ধে সাধাৰণ নাগৰিকে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰা সেই ঘটনাৰ সম্পৰ্কত ৰয়টাৰে কৰা বাতৰি আমি লাভ কৰিলোঁ। ৬ চেপ্টেম্বৰ ২০২৫ত সেই বাতৰি Washington, DC, residents protest against Trump’s troop deployment to the city শিৰোনামেৰে প্ৰকাশ কৰা হৈছিল। তাত সংলগ্ন দৃশ্যত আমি প্ৰতিবাদৰ সেই ৰূপ দেখিলোঁ। 

৭ চেপ্টেম্বৰ ২০২৫ত আল জাজিৰাতো ভিডিঅ’ৰে সৈতে Protests in US over deployment of national guard troops শীৰ্ষক বাতৰিতো আমি সেই দৃশ্য দেখিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এয়া বৰ্তমানৰ ইৰাণ- আমেৰিকা,ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকাত হোৱা ট্ৰাম্প বিৰোধী প্ৰতিবাদ নহয়। বৰং এয়া আজিৰ পৰা ৬মাহ পূৰ্বে ৱাশ্বিংটন ডিচিত সামৰিক শক্তি মোতায়েনৰ বিৰুদ্ধে জনতাই কৰা ৰাজহুৱা প্ৰতিবাদৰ দৃশ্যহে।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া আচলতে ৱাশ্বিংটন ডিচিত সামৰিক শক্তি মোতায়েনৰ প্ৰতিবাদত জনতাই উলিওৱা ট্ৰাম্প বিৰোধী মিছিলৰ দৃশ্য়।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *