পুৰণি দৃশ্যৰে ৮ মাৰ্চ ২০২৬ত ইজৰাইলে ইৰাণ আক্ৰমণ কৰা বুলি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ৮ মাৰ্চ ২০২৫ত ইজৰাইলে আক্ৰমণ কৰি ইৰাণ ধ্বংস কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- LIVE UPDATE: ইৰাণত ইজৰাইলৰ বিধ্বংসী আক্ৰমণ! আজি ৮ মাৰ্চৰ ব্ৰেকিং নিউজ। ইৰাণৰ সুৰক্ষা বেহু ফালি ইজৰাইলে চলাইছে এক গোপন অভিযান। ইৰাণৰ আটাইতকৈ শক্তিশালী মিছাইল ডিফেন্স চিষ্টেম এতিয়া ধ্বংসৰ গৰাহত। ইয়াৰ পৰিণাম কি হ’ব?

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আমি সত্যতা নিৰূপণ কৰিবলৈ আৰম্ভ কৰা ভিডিঅ’টোত দুটা ক্লিপ আছিল। এটাত দেখা যায় যে এক ব্যস্ত অঞ্চলত নিশাৰ ভাগত বিস্ফোৰণ ঘটি জুই জ্বলি গৈছে ।

আৰু আনটোত দেখা যায় যে এটা প্ৰকাণ্ড অট্টালিকা জ্বলি গৈছে। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে অট্টালিকাটো।

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ ক্লিপ দুটাৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি প্ৰথম ক্লিপটোৰ দৃশ্যটোৰ খণ্ডচিত্ৰ থকা একাধিক বাতৰি লাভ কৰিলোঁ। বিজনেছ টুডে’ই ২০২৪ৰ ২৬ অক্টোবৰত প্ৰকাশ কৰা বাতৰিত লিখিছেIsrael launches airstrikes on Iran, shuts airspace; region braces for response from Tehran

আমি আজটক বাংলাৰো একে দিনাই প্ৰকাশ কৰা Israel-Iran War: ইরানে এয়ারস্ট্রাইক ইজরায়েলের, তেহরান-সহ বিভিন্ন শহরে বোমা হামলা শীৰ্ষক বাতৰিটোতো আমি সেই দৃশ্যটোৰ খণ্ডচিত্ৰ দেখিলোঁ।

পোনকৈ থকা খণ্ডচিত্ৰকেইখন ভালকৈ পৰীক্ষা কৰি আমি জানিব পাৰিলোঁ যে আমি সত্যতা নিৰূপণ কৰি থকা ক্লিপটো ওলোটাই প্ৰচাৰ কৰা হৈছে। লগতে এই দৃশ্যটো যোৱা ২০২৪ৰ ২৬ অক্টোবৰৰ বুলি আমি নিশ্চিত হ’লোঁ। অৰ্থাত এয়া কোনোপধ্যেই ৮মাৰ্চ ২০২৬ৰ দৃশ্য নহয়। 

ইয়াৰ পাছত আমি দ্বিতীয় ক্লিপটোৰ সন্ধান  কৰিলোঁ। ইৰাণৰ ওপৰত ইজৰাইলী আক্ৰমণ বুলি দাবী কৰি শ্বেয়াৰ কৰা ক্লিপটোত আমি জ্বলি থকা অট্টালিকাটোৰ ওপৰত ইংৰাজীত লিখা “E-LAND FASHION” নামটো লক্ষ্য কৰিলোঁ। ইয়াৰ ভিত্তিত আমি যেতিয়া ভিডিঅ’টোত দেখা পোৱা ভিজুৱেলৰ সৈতে সংগতি ৰাখি এই কীৱৰ্ডটো ব্যৱহাৰ কৰি সন্ধান কৰিলোঁ, তেতিয়া আমি ২০২৫ চনৰ ১৭ নৱেম্বৰত চেনেল নিউজ এছিয়াৰ ফেচবুক একাউণ্টত একেটা ভিডিঅ’ আপলোড কৰা দেখিলো। সেই প্ৰতিবেদনত একেটা অগ্নিকাণ্ডৰ কাণ্ডৰ সৈতে জড়িত আন কেইবাটাও দৃশ্যও প্ৰদৰ্শিত হৈছিল, যিয়ে নিশ্চিত কৰিছিল যে এই ভিডিঅ’টোত ইৰাণৰ ওপৰত ইজৰাইলী আক্ৰমণৰ পৰিৱৰ্তে দক্ষিণ কোৰিয়াৰ ই-লেণ্ড ফেশ্বন লজিষ্টিকছ বিল্ডিঙত হোৱা অগ্নিকাণ্ডৰ দৃশ্যহে।

সেই ভিডিঅ’ ৰিপ’ৰ্টটোৰ লগত দিয়া কেপচনত উল্লেখ কৰা হৈছে যে ২০২৫ চনৰ ১৫ নৱেম্বৰত দক্ষিণ কোৰিয়াৰ দক্ষিণ চুংচেং প্ৰদেশত অৱস্থিত এটা বৃহৎ ফেশ্বন লজিষ্টিক চেণ্টাৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছিল। জুইৰ ফলত লাখ লাখ কাপোৰ ছাই হৈ গৈছিল আৰু জুই নিয়ন্ত্ৰণ কৰিবলৈ ন ঘণ্টাৰো অধিক সময় লাগিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা হোৱা নাই।

ভিডিঅ’ ৰিপ’ৰ্টত চেনেল নিউজ এছিয়াই ভাইৰেল ভিডিঅ’টোৰ বাবে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী ‘young.__.man’ ক কৃতিত্ব দিয়া আমি দেখিলোঁ। সেই ব্যৱহাৰকাৰীজনৰ সন্ধান কৰাত আমি তেওঁৰ একাউণ্টত ভিডিঅ’টো বিচাৰি পালোঁ। ক্লিপটো তাত ২০২৫ চনৰ ১৫ নৱেম্বৰত আপলোড কৰা হৈছিল। সংলগ্ন কোৰিয়ান কেপচনটোৰ অনুবাদ আছিল: “Fire at E-Land in Pungse, Cheonan.” তদুপৰি, ব্যৱহাৰকাৰীয়ে ২০২৫ চনৰ ১৫ আৰু ১৮ নৱেম্বৰত একেটা কাণ্ডৰ অতিৰিক্ত দুটা ভিডিঅ’ আপলোড কৰিছিল, য’ত জুই নিয়ন্ত্ৰণ কৰাৰ পাছৰ দৃশ্যসমূহ সন্নিবিষ্ট কৰা হৈছিল।

আমাৰ তদন্তত আমি ২০২৫ চনৰ ১৭ নৱেম্বৰত কোৰিয়াৰ এটা সংবাদ মাধ্যমৰ ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদনত ভাইৰেল ভিডিঅ’ ক্লিপটোত থকা দৃশ্যৰ সৈতে মিল থকা এখন খণ্ডছবিও পাইছিলোঁ। সংলগ্ন কেপচনত লিখা আছিল যে ২০২৫ চনৰ ১৫ নৱেম্বৰত দক্ষিণ কোৰিয়াৰ দক্ষিণ চুংচেং প্ৰদেশৰ চেওনানত থকা ই-লেণ্ড গ্ৰুপৰ ফেশ্বন লজিষ্টিক চেণ্টাৰত অগ্নিকাণ্ড সংঘটিত হৈছিল।

সেই ঘটনা সন্দৰ্ভত আন এটা বাতৰি ইয়াত চাব পাৰিব

ইয়াৰ পৰাই আমি নিশ্চিত হওঁ যে যে অসমৰ ফেচবুক পেজটোৱে কৰা দাবীটো মিছা। প্ৰথম ক্লিপটো ২০২৪ৰ আৰু দ্বিতীয় ক্লিপটো ২০২৫ৰ নৱেম্বৰত দক্ষিণ কোৰিয়াৰ এটা ফেশ্বন লজিষ্টিক চেণ্টাৰত হোৱা অগ্নিকাণ্ডৰ। এয়া ৮মাৰ্চ ২০২৬ৰ ইৰাণ-ইজৰাইল যুদ্ধৰ দৃশ্য নহয়। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পুৰণি দৃশ্যৰে ৮ মাৰ্চ ২০২৬ত ইজৰাইলে ইৰাণ আক্ৰমণ কৰা বুলি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *