
শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে কৈছে, “অসমত অসমীয়া পিছত আহিছিলে, মিঞাসকল আগত আহিছিল”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ইউটিউব চেনেলত ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টো হ’ল ভাইৰেল ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ। ভিডিঅ’টোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে, “কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া চেলত আজি যিজন মুখ্য ব্যক্তি আছে, তেওঁৰ নাম হ’ল আমানুদুন। হৰ্ষ মন্দাৰ দিল্লীৰ এজন, ক’ব গ’লে লেফ্টিষ্ট হয়। আব্দুল মহিম মজুমদাৰে এখন কিতাপ লিখিছিল। তাত কি লিখিছিলে, যে “অসমত অসমীয়া পিছত আহিছিলে, মিঞাসকল আগত আহিছিলে”। এই কিতাপখন কোনে সম্পাদন কৰিছিল? এই আমানুদুন বুলি ল’ৰাজন, যিজন ল’ৰাক টিভিত আপোনালোকে দেখি থাকিব কংগ্ৰেছৰ হৈ কথা কোৱা”।
একেধৰণৰ এটা ভিডিঅ’ আমি assamtalksofficial নামৰ ইনষ্টাগ্ৰাম হেণ্ডলত পালোঁ। ইয়াতো মুখ্যমন্ত্ৰী গৰাকীয়ে আব্দুল মহিম মজুমদাৰে লিখা কিতাপ এখনৰ উদ্ধৃতি দিহে কথাখিনি কৈছিল।
Instagram Link | Archived Link
ভাইৰেল ভিডিঅ’টো আৰু মূল ভিডিঅ’টোৰ মাজত তুলনা তলত চাব পাৰিব।
Please Embed
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো অসম্পূৰ্ণ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদিত। অসমত অসমীয়া পিছত আহিছিল, মিঞাসকল আগত আহিছিল বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিল। আব্দুল মহিম মজুমদাৰে লিখা কিতাপ এখনৰ উদ্ধৃতি দিহে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাখিনি কৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:অসমত অসমীয়া পিছত আহিছিল, মিঞাসকল আগত আহিছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Fact Crescendo TeamResult: Altered


