ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ এক আলোচনা।

Insight Social

পাতনি

যোৱা ৬ ডিচেম্বৰ ২০২৫, শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ, অন্তিম দিনৰ অন্তিমটো কাৰ্যসূচী হিচাপে সদনত দাখিল কৰা হয় বহুচৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন । জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত দাখিল কৰে মন্ত্রীগোটৰ প্ৰতিবেদন । মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত ‘ৰিপোৰ্ট অফ দি কমিটী অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এগজামিন এণ্ড চাজেষ্ট অন দি ডিফাৰেণ্ট এছপেক্টছ অফ ৰিজাৰ্ভেশ্যন অফ ছিক্স কমিউনিটিজ ইন দি ষ্টেট’ প্ৰতিবেদন দাখিলৰ লগে লগে বিৰোধীয়ে প্ৰতিবেদনখন সন্দৰ্ভত আলোচনাৰ দাবী জনায় ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈকে ধৰি বিৰোধী দলৰ বিধায়কসকলে প্ৰতিবেদনখনক লৈ আলোচনা কৰাৰ বাবে বাৰম্বাৰ দাবী জনায় । কিন্তু অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিৰোধীয়ে দাবী কৰা আলোচনাৰ প্ৰস্তাৱ মানি নল’লে । প্ৰতিবেদন দাখিলৰ পাছতে পাঁচদিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে । উল্লেখ্য যে জনজাতিকৰণৰ স্বীকৃতিৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৬ জনগোষ্ঠীৰ ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰে দাখিল কৰিলে মন্ত্ৰীগোটৰ প্ৰতিবেদন । মন্ত্রীগোটৰ এই প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব ।

মুখ্যমন্ত্ৰীৰ মন্তব্য

অসম চৰকাৰে স্পষ্ট কৰি দিছে যে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ অধীনত ছটা নতুন সম্প্ৰদায় অন্তৰ্ভুক্ত কৰিলে বৰ্তমানৰ এছ টি সম্প্ৰদায়ৰ অধিকাৰ বা সংৰক্ষণ প্ৰাপ্যত কোনো প্ৰভাৱ নপৰে।

মন্ত্ৰীগোটৰ প্ৰতিবেদনত প্ৰতিটোৰ বাবে পৃথক কোটা আৰু ৰ’ষ্টাৰৰ সৈতে তিনিটা স্তৰৰ শ্ৰেণীবিভাজনৰ প্ৰস্তাৱ কৰা হৈছে—অনুসূচিত জনজাতি(ভৈয়াম) ST (Plains), অনুসূচিত জনজাতি(পাৰ্বত্য) ST (Hills), আৰু অনুসূচিত জনজাতি (উপত্যকা) ST (Valley), যাতে বৰ্তমানৰ ST সমূহে তেওঁলোকৰ সকলো সুবিধা ধৰি ৰখাটো নিশ্চিত হৈ থাকে। চৰকাৰে জোৰ দি কয় যে এই পদক্ষেপে বৰ্তমানৰ এছ টি গোটৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে ছয় জনগোষ্ঠীৰ দাবী পূৰণ কৰে। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্য ইয়াত চাব পাৰিব।

কোন কেইটা সম্প্ৰদায়?

অসম চৰকাৰে ST মৰ্যাদা দিয়া সম্প্ৰদায় কেইটা হ’ল:

১.অহোম,২.মৰাণ,৩.মটক,৪.চুতীয়া,৫.কোচ-ৰাজবংশী, আৰু ৬.চাহ জনগোষ্ঠী (অসমৰ চাহ বাগিচাৰ জনজাতিৰ লোকসকল) । এই সম্প্ৰদায়কেইটা ইতিমধ্যে অনুসূচিত জনজাতি (অস্থায়ী) ৰূপে ৰাজ্যত তালিকাভুক্ত হৈ  আছে। নতুন সিদ্ধান্তমৰ্মে এই মৰ্যাদা স্থায়ী কৰাৰ প্ৰস্তাৱ কৰা হৈছে।

এই অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদাৰ অৰ্থ কি?

১. সংবিধানিক স্বীকৃতি: এই সম্প্ৰদায়কেইটা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪২ৰ তালিকাভুক্ত হ’ব।

২. ৰাজনৈতিক সুৰক্ষা: বিধানসভা আৰু লোকসভাৰ আসনবোৰত সংৰক্ষণৰ ব্যৱস্থা হ’ব।

৩.চাকৰি আৰু শিক্ষাত সুযোগ: চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত আসন সংৰক্ষিত হ’ব।

৪.অৰ্থনৈতিক বিকাশ: বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক যোজনা, অনুদান, ঋণ আদিৰ সুবিধা পাব।

৫.সাংস্কৃতিক সংৰক্ষণ: সংস্কৃতি, ভাষা, পৰম্পৰা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।

কিয় এই সিদ্ধান্ত?

এই সম্প্ৰদায়কেইটা ঐতিহাসিকভাৱে অসমৰ সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক সমাজৰ একোটা গুৰুত্বপূৰ্ণ অংশ। বহু বছৰৰ দাবী আছিল যে তেওঁলোকৰ স্বকীয়তা আৰু অৱদানক সংবিধানিক স্বীকৃতি দিয়া হওক। এই সিদ্ধান্তৰ জৰিয়তে তেওঁলোকৰ সামাজিক-অৰ্থনৈতিক উন্নয়ন, ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু সাংস্কৃতিক সংৰক্ষণ সহজ হ’ব বুলি চৰকাৰে মত পোষণ কৰিছে।

প্ৰক্ৰিয়া আৰু পৰৱৰ্তী স্তৰঃ

১.অসম চৰকাৰে এই প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে।

২.কেন্দ্ৰীয় চৰকাৰে নীতি আয়োগ, জাতীয় অনুসূচিত জনজাতি আয়োগ আদিৰ সৈতে আলোচনা কৰিব।

৩.ইয়াক সংবিধান সংশোধনী বিধেয়ক হিচাপে সংসদত দাখিল কৰি গৃহীত কৰিব লাগিব।

৪. সংসদত গৃহীত হ’লেহে ইয়াৰ কাৰ্যকৰীতা আৰম্ভ হ’ব।

বিতৰ্কৰ দিশঃ

কিছু সংগঠন আৰু গোষ্ঠীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে ই বৰ্তমানৰ ST সম্প্ৰদায়ৰ সংৰক্ষণত ব্যাঘাত ঘটাব পাৰে। আনহাতে সমৰ্থকসকলে কয় যে এই সিদ্ধান্ত ঐতিহাসিক ন্যায় আৰু সামাজিক সমতা প্রতিষ্ঠাৰ বাবে প্ৰয়োজন। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্ৰতিবেদন বিধানসভাত দাখিলৰ পাছতে জাঙুৰ খাই উঠিছে বৰ্তমানৰ জনজাতিসকল । জনজাতিকৰণৰ বিৰোধিতা কৰি দেওবাৰে সদৌ অসম ট্ৰাইবেল সংঘই গুৱাহাটীৰ পল্টনবজাৰস্থিত সংঘৰ অতিথিশালাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে কাজলগাঁওস্থিত ইউ এন ব্ৰহ্ম মহাবিদ্যালয় চৌহদত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান তথা মহাবিদ্যালয়ৰ পৰা অহা জনজাতীয় ছাত্ৰ ছাত্ৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 

তদুপৰি এই প্ৰতিবেদনক নিৰ্বাচনী টোপ আখ্যা দিছে বিৰোধীয়ে । ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে এনেদৰে জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে বিৰোধীয়ে । বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অসমৰ এছ টি সকলক তিনিটা ক্লাছিফিকেচন কৰিব । নতুনকৈ কৰা হৈছে এছ টি (ভেলী) । সংবিধানত নথকা এটা কথা কোৱা হৈছে । সম্পূৰ্ণৰূপে টুপী দিয়া হৈছে । বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে নহয় ২০২৬ৰ নিৰ্বাচনৰ ছয় জনগোষ্ঠীক টুপী পিন্ধাই ভোট লোৱাৰ বাবেহে এই প্ৰতিবেদন দিছে ।”

উল্লেখ্য যে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্রীগোটে বুধবাৰে কেবিনেটত দাখিল কৰিছিল প্ৰতিবেদন । কেবিনেটে অনুমোদন জনোৱাৰ পিছত শনিবাৰে বিধানসভাত দাখিল কৰা হয় । সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈ থকা সময়ত এই মন্ত্রীগোটৰ অধ্যক্ষ আছিল বৰ্তমানৰ মুখ্যমন্ত্রী আৰু তেতিয়াৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পাছত এই মন্ত্রীগোটৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হয় মন্ত্রী ডাঃ ৰণোজ পেগুক । তেতিয়া মন্ত্রীগোটত মন্ত্রী কেশৱ মহন্ত আৰু সঞ্জয় কিষাণ সদস্য হিচাপে আছিল । পিছত সঞ্জয় কিষাণৰ স্থানত মন্ত্রী পীযুষ হাজৰীকাক দায়িত্ব দিয়া হয় । ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাৰ মন্ত্রীগোটে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত প্ৰতিবেদন প্ৰস্তুত কৰি কেবিনেটত দাখিল কৰে আৰু শনিবাৰে সদনত দাখিল কৰা হয় ।

উপসংহাৰঃ

অসমৰ ছয়টা সম্প্ৰদায়ক অনুসূচিত জনজাতি(ST)ৰ মৰ্যাদা দিয়াৰ এই প্ৰস্তাৱ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সমাজ-ৰাজনৈতিক(socio-political) সিদ্ধান্ত। ইয়াৰ জৰিয়তে এই লক্ষ্য লোৱা হৈছে যে এই গোষ্ঠীসমূহ মূলসুঁতিৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হৈ নিজৰ উন্নয়ন ঘটাব পাৰে। তথাপিও এই সিদ্ধান্ত চূড়ান্ত ৰূপ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন, যিটো এটা সময়সাধ্য প্ৰক্ৰিয়া।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ এক আলোচনা।

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *