AI Generated ভিডিঅ’কে মাত্ৰাধিক পাপ কৰা লোকৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখা শীৰ্ণকায়,আলৰ বুঢ়া ব্যক্তিগৰাকী হৈছে এগৰাকী পাপ কৰা ব্যক্তি, যিয়ে মাত্ৰাধিক পাপ কৰাৰ বাবে তেওঁৰ এই অৱস্থা হৈছে। ফেচবুক ব্যৱহাকাৰীজনে কেমেৰাৰ সমুখত নিজমুখে অসমীয়া ভাষাত সেই দাবী  কৰিছে।   

https://lh7-rt.googleusercontent.com/docsz/AD_4nXct0SOQ92r-l-4lTLgYf3DCkc6JWdiGOzh5-GuxU31sdHCmytWyyT2rDqdfFNJVHi5m-5vt6yf-5ZrAErb2l7j-QRQyy4zEpAjc2-Ur33sks8Avqj19WrNL2k1gQtZfTramRrzPNg?key=VXP7WlTDNWvVi4-qVFdCCQ

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি  Latencore নামৰ এটা ইউটিউৱ চেনেলত সেই  ভিডিঅ’টো আপলোড কৰি থোৱা দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeYdbCl0nVjj4aSrMNRKRk0yjegICpnidP3N1SOkfA5W3bgxTeLeUhQFYWILesYz9tGwfdnHNzGFrHKAY4J21Le7aGFFwIebdoR8DZte6DqzRO7dJxiu-LJZVa8Z5iLJuRp66LrUA?key=VXP7WlTDNWvVi4-qVFdCCQ

আমি ইউটিউৱত Latentcoreৰ চেনেলটো পৰীক্ষা কৰি চালোঁ। চেনেলটোত Experiments in Latentcore বুলি লিখা আছিল আৰু তাত বিভিন্ন ধৰণৰ অস্বাভাৱিক ভিডিঅ’ আপলোড কৰা আছিল। ভিডিঅ’সমূহ প্ৰাথমিক দৃষ্টিত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা যেন অনুভৱ হৈছিল। তেতিয়া আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো Latentcoreএ সৃষ্টি কৰিছে অথবা ভিডিঅ’টোৰ উৎস Latentcore। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcG5cEp0wJQGgfOkfzbVY9rUxJ0MC9PKXKMkdZ7lOkyJzY0nvqPw9UmhtkscgDpbFTgORhVWOLpztfg5zwtdx3ObeGrqthN6jRVDQnK1TK5786OQoM0S5in3HjuDyUT8IMJiCJJ?key=VXP7WlTDNWvVi4-qVFdCCQ

এইবাৰ আমি Latentcoreৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোও পালোঁ। তাতো আমি দেখিলোঁ যে Experiments in Latentcore বুলি লিখা আছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc0x4wmLym8nG4PQcV9992HCvSpcnQMyV_ZcrdshrlscioiNmbssNDZvT5AcOA83JRtvSWxE7Vs83-xTT6gaYmiXa9-Wr9uTlYpm-4j_hgW6_8BmGXpRJrqp01zPWw_WDrn1gpd2A?key=VXP7WlTDNWvVi4-qVFdCCQ

Latentcoreৰ ইউটিউৱ চেনেল আৰু ইনষ্টাগ্ৰাম হেণ্ডেল পৰীক্ষা কৰি আমি নিশ্চিত হ’লোঁ যে সেই ভিডিঅ’টোৰ সৃষ্টি তেওঁলোকেই কৰা আৰু Experiments in Latentcore বুলি উভয়তে লিখি থোৱা দেখি ধাৰণা কৰিলোঁ যে এয়া কোনো সম্পৰীক্ষামূলক ভিডিঅ’হে। কাৰণ দুয়োটা প্লেটফৰ্মতেই আমি দেখা ভিডিঅ’সমূহ কেমেৰাত বন্দী কৰা স্বাভাৱিক ভিডিঅ’ৰ দৰে নহয়। আমি সততে দেখি অহা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’ৰ দৰেহে। 

আমাৰ ধাৰণাক ভিত্তি কৰি আমি অধিক অনুসন্ধান কৰোতে Latentcoreৰ টিকটক একাউণ্টটোৰ লিংকটোও লাভ কৰিলোঁ। যিহেতু আমাৰ দেশত টিকটক নামৰ প্লেটফৰ্মটো নিষিদ্ধ হৈ আছে, গতিকে আমি আমাৰ কম্বোডিয়াস্থিত সহকৰ্মীৰ সহায় লৈ সেই একাউণ্টটো পৰীক্ষা কৰিলোঁ। তেতিয়া জানিব পাৰিলোঁ যে উল্লিখিত ভিডিঅ’টো তাতো আপলোড কৰা আছে। তাৰে স্ক্ৰীণশ্বট আৰু স্ক্ৰীণ ৰেকৰ্ডিং তেওঁ আমালৈ প্ৰেৰণ কৰিছিল আৰু সেয়া তলত সংলগ্ন কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcBVLJwHu0ZHSM8Z54J6mo8JHpcmQWfw4Ft3RvwG9AaR3sz3F8zBk4Wx2nRAAVccxFiV6efiCpFhnW7wi4kmOy3mhDdRWRKLfohPOBWL-9NAE47YWRL17yG9k_ee7O6fszhhduzfg?key=VXP7WlTDNWvVi4-qVFdCCQ

 

টিকটক একাউণ্টটোৰ বৰ্ণনা শিতানত Latentcoreৰ ইউটিউৱ চেনেল আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত লিখি থোৱাৰ দৰে Experiments in Latentcore বুলি লিখি থোৱা আছে আৰু তাৰ তলতে All videos are AI generated বুলি লিখা আছে। এই কথাই আমাৰ ধাৰণাক নিশ্চিতি প্ৰদান কৰে যে এই ভিডিঅ’টো কোনো প্ৰকৃত মানুহৰ নহয়। বৰং Latentcore নামৰ এটা কৃত্ৰিম বুদ্ধিমত্তাৰে ভিডিঅ’ সৃষ্টি কৰা গোটৰ দ্বাৰা সৃষ্টি কৰা ভিডিঅ’হে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf-NnmypuDmDF_FMYcdHKbqJeWoLk3UBXOj5l1_blcmFh3ODJ6RnEdLpi8jP60aHN9_NHEMeczWN3jedYFNFmIl195HZo0HUwPmd-VNHlwkNJ44aNQxZK898sKLFv_6lZcy0s0iCQ?key=VXP7WlTDNWvVi4-qVFdCCQ

এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে ইতিপূৰ্বেও আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই অনুৰূপ ধৰণে Latencore নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰে ভিডিঅ’ সৃষ্টি কৰা গোটৰ ভিডিঅ’ অন্য দাবীৰে অসমৰ ফেচবুকত আপলোড কৰাত তাৰ সত্যতা নিৰূপণ কৰিছিলোঁ। সেই লেখা ইয়াত পঢ়িব পাৰিব। ইয়াৰ দ্বাৰাই আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে Latentcoreএ সৃষ্টি কৰা সম্পৰীক্ষামূলক তথা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’ এটাকে মাত্ৰাধিক পাপ কৰা এজন ব্যক্তিৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। Latentcoreএ সৃষ্টি কৰা সম্পৰীক্ষামূলক কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ এটাকে মাত্ৰাধিক পাপ কৰা এজন ব্যক্তিৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated ভিডিঅ’কে মাত্ৰাধিক পাপ কৰা লোকৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *