
শেহতীয়াভাৱে অসমৰ এক সংবাদ প্ৰতিষ্ঠানে নিজৰ ফেচবুক পেজত এটা বাতৰি পৰিবেশন কৰি তাত এটা ভিডিঅ’ ব্যৱহাৰ কৰিছে। বাতৰিটোত সেয়া শিলিগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছৰ.দৃশ্য বুলি দাবী কৰা হৈছে। দৃশ্যটোত এখন ৰেলৰ ভিতৰৰ ডবা এটাত ওপৰৰ পৰা পানী পৰি থকা দেখা গৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু ইউটিউৱত সেই দৃশ্য বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ বুলি উল্লেখ কৰা কেইবাটাও ভিডিঅ’ লাভ কৰিলোঁ। তেনেকুৱা ভিডিঅ’ ইয়াত. ইয়াত আৰু ইয়াত চাব পাৰিব।
তাৰে এটা ভিডিঅ’ত উল্লেখ কৰা হৈছে যে দৰ্শিল মিশ্ৰা নামৰ এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে নিজৰ হেণ্ডেলত সেই ভিডিঅ’টো আপলোড কৰিছিল। তেওঁ যাত্ৰা কৰি থকা ২২৪১৫ নম্বৰৰ বাৰানাসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ কোচ্ছ নম্বৰ চি-৭ৰ ৭৬ নম্বৰ চীটৰ ওপৰত এইদৰে নিৰন্তৰে পানী পৰি আছিল।
আমি এক্সত দৰ্শিল মিশ্ৰাৰ হেণ্ডেলটো বিচাৰিলোঁ আৰু তাত তেওঁ আপলোড কৰা মূল ভিডিঅ’টো লাভ কৰিলোঁ।
তেওঁৰ এক্স হেণ্ডেলটো পৰীক্ষা কৰি জানিব পাৰিলোঁ যে তেওঁ সেই অসুবিধা সম্পৰ্কে অভিযোগ দাখিল কৰিছিল আৰু ৰেল বিভাগৰ পৰা তেওঁৰ উত্তৰো দিয়া হৈছিল।
কিন্তু তেওঁ কোনো ধৰণৰ সমাধান লাভ নকৰাত তেওঁৰ টিকটৰ সম্পূৰ্ণ মূল্য ওভটাই বিচাৰিও টুইট কৰিছিল।
ইয়াৰ পৰাই স্পষ্ট হৈছে যে যিটো দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি অসমৰ ফেচবুক পেজটোত দাবী কৰা হৈছে, সেইটো আচলতে বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো বিভ্ৰান্তিকৰ। যিটো দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি অসমৰ ফেচবুক পেজটোত দাবী কৰা হৈছে, সেইটো আচলতে বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Misleading
