লেবাননৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

False Social

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত আহমেদাবাদৰ চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ বুলি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।ভিডিঅ’টোত দেখা গৈছে পাৰ্কিং এলেকাত বিস্ফোৰণ আৰু এটা অট্টালিকাৰ চিলিং আৰু অন্যান্য অংশৰ ক্ষতি হোৱাৰ চিচিটিভি ফুটেজ।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ১৬ মে’ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি এই দৃশ্যসমূহ লেবাননৰ।

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৫ চনৰ ১৭ মে’ৰ এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা আপলোড কৰা হৈছিল। টুইটটোত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো লেবাননৰ।

Archived Link

এই সম্পৰ্কে আমি PIB Fact Checkৰ টুইট এটা পালোঁ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো লেবাননৰ এক পুৰণি ভিডিঅ’।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত আহমেদাবাদৰ চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ দেখা যোৱা নাই। এই দৃশ্যসমূহ লেবাননৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:লেবাননৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *