২৭মাৰ্চ,২০২৫ত চাদিকাবাদ লণ্ডা বাজাৰৰ অগ্নিকাণ্ডৰ দৃশ্যকে অপাৰেচন সিন্দূৰৰ পাছত ভাৰতে কৰাছীত চলোৱা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বিভিন্ন কেপচনেৰে আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ কৰাছী চহৰৰ ওপৰত আক্ৰমণ কৰাৰ ফলত হোৱা বিষ্ফোৰণৰ দৃশ্য। ভিডিঅ’টোত এগৰাকী নাৰীকণ্ঠই কৰাছীত বিষ্ফোৰণ হৈ থকা খবৰ জনাই থকা শুনা গৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcf40PQygnbiX310NUXH2oP9vjnrgpktUwTztYLFUNZokgt8wFxwvywKDScXYkRt21gLA8_7S5LTHE9ea7phwpFWs-Y9_ZmKSqTv-bu6-wrAvvtty4ZVB58-SdhoBC7pB_KKl3Ywg?key=vW0NX8Catmal_t3G4AlFIQ

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf1s1avcgxxc8MHxJV9XYyQ9q1kaLo1mYYzmRm49FfRzA_Vi179l5OGkejIz343jlr58vArJHwOOITm0hM-LXTJupW3RKGeDC1YrGYWhBgbPshwc5NR8OpOZbDRq79wGELMvSZEmw?key=vW0NX8Catmal_t3G4AlFIQ

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc1hR4ggB0po3xPLD1-ADVY_F1SN-7ZgxDuJeAVLxyONVlC1BVg46G8CxHOYqlzLVNW4q_UJPnedkKDzRp8VuCw3iDG_sqD3BifkRMMpUfvpgbpKHtI8JrmlL5H2Wvl4Ysyxql0?key=vW0NX8Catmal_t3G4AlFIQ

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৫ৰ ২৯ মাৰ্চ, তাৰমানে অপাৰেচন সিন্দূৰ হোৱাৰ প্ৰায় দুমাহ আগতে এই ভিডিঅ’টো এটা ইউটিউৱ চেনেলত আপলোড হৈ থকা আমি দেখিলোঁ। নিশ্চিত হ’লোঁ যে দৃশ্যটো ৬ মে বা তাৰ পাছৰ নহয়। 

ভিডিঅ’টোৰ কেপচন মতে চাদিকাবাদ লণ্ডা বাজাৰত অগ্নিকাণ্ড সংঘটিত হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfQ252QcggByjzTTMHZVQmTtp6CzySARBNczntqIzydNq6RfoIIZQgFw1Yh_baryw0aePgjDd_5xTtWj9ARAsN06rMvoxHgPwGGjCaAG-8kjo8iRi-BOUXlJ72o8CTOihWTreqpWQ?key=vW0NX8Catmal_t3G4AlFIQ

আমি অইন কিছুমান লিংকত একেটা ভিডিঅ’ পালোঁ। তাৰ পৰা জানিব পাৰিলোঁ যে যোৱা ২৭ মাৰ্চ ২০২৫ত পাকিস্তানৰ চাদিকাবাদ লণ্ডা বাজাৰত এক অগ্নিকাণ্ড সংঘটিত হৈছিল। সেয়া তাৰেই দৃশ্য। 

একেটা তথ্যৰে সৈতে সেই ভিডিঅ’টো ইয়াত আৰু ইয়াত চাব পাৰিব। 

যিমানদূৰ অসমত ভাইৰেল হোৱা দৃশ্যটোত শুনা নাৰীকণ্ঠটোৰ অনুসন্ধান, সেই কণ্ঠৰ সূত্ৰ আমি এতিয়ালৈ নিৰ্ধাৰণ কৰিব পৰা নাই যদিও ৮মে ২০২৫ত ভাৰতৰ তৰফৰ পৰা কৰাছীত চলোৱা আক্ৰমণৰ প্ৰায় দুমাহ আগতেই ২৭ মাৰ্চ ২০২৫ত চাদিকাবাদ লণ্ডা বাজাৰত সংঘটিত অগ্নিকাণ্ডৰ দৃশ্যকে কৰাছীত ভাৰতৰ আক্ৰমণ বুলি মিছা দাবীৰে ভিডিঅ’টে শ্বেয়াৰ কৰা বুলি আমি সিদ্ধান্তত উপনীত হৈছে। 

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ কৰাছীত ভাৰতে কৰা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে যোৱা মাৰ্চৰ ২৭ তাৰিখে পাকিস্তানৰ চাদিকাবাদ লণ্ডা বাজাৰত সংঘটিত অগ্নিকাণ্ডৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ কৰাছীত ভাৰতে কৰা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে যোৱা মাৰ্চৰ ২৭ তাৰিখে পাকিস্তানৰ চাদিকাবাদ লণ্ডা বাজাৰত সংঘটিত অগ্নিকাণ্ডৰ দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২৭মাৰ্চ,২০২৫ত চাদিকাবাদ লণ্ডা বাজাৰৰ অগ্নিকাণ্ডৰ দৃশ্যকে অপাৰেচন সিন্দূৰৰ পাছত ভাৰতে কৰাছীত চলোৱা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *