অলপতে Islamabad Insider নামৰ এক্স হেণ্ডল এটাত এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছিল যে অসমৰ স্থানীয় লোকে সেনাৰ কনভয় এটাত গুৱাহাটীত আক্ৰমণ কৰিছে। ২৫ আৰু ৭ অসম ইউনিটৰ পৰা ৰেইনফ’ৰ্চমেণ্ট ট্ৰুপ নাগালেণ্ডৰ পৰা কাশ্মীৰলৈ যোৱাৰ পথত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ ওচৰত আক্ৰমণৰ সন্মুখীন হয়।
এই সম্পৰ্কে জানিবলৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া অসম পুলিচৰ অফিচিয়েল ফেচবুকত ৩০ এপ্ৰিল ২০২৫ তাৰিখে ভাইৰেল টুইটটোৰ স্ক্ৰীনশ্বট সংলগ্ন এটা পোষ্ট পালোঁ। পোষ্টটোৰ জৰিয়তে অসম আৰক্ষীয়ে এই ভিডিঅ’টো মিছা বুলি উল্লেখ কৰিছে।
ভিডিঅ’টো প্ৰকৃততে ক’ৰ?
এই ভিডিঅ’টোৰ উৎস সম্পৰ্কে জানিবলৈ আমি ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এই ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ ২০০৯ চনৰ ৩ মে’ত এটা ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বৰ্ণনা অনুসৰি পেৰিয়াৰ ডি কেৰ কৰ্মীসকলে ভাৰতীয় সামৰিক বাহনসমূহে শ্ৰীলংকা চৰকাৰলৈ সামৰিক হাৰ্ডৱেৰ কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন কৰি বাহনসমূহত আক্ৰমণ কৰিছিল।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ৱেবছাইটত এই ভিডিঅ’টো সংলগ্ন এক প্ৰতিবেদন পালোঁ। ২০০৯ চনৰ ২ মে’ত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি “তামিল সমৰ্থক জাতীয়তাবাদী পেৰিয়াৰ দ্ৰাবিড়াৰ কাঝাগম (পিডিকে)ৰ কৰ্মীসকলে শ্ৰীলংকালৈ অস্ত্ৰ কঢ়িয়াই নিয়া বুলি অভিযোগ কৰি ভাৰতীয় সেনাৰ সামৰিক ট্ৰাকৰ কনভয়ক আক্ৰমণ কৰে। এই আক্ৰমণত ৫ খন ট্ৰাক ক্ষতিগ্ৰস্ত হয়। চেন্নাইৰ সূত্ৰই জনোৱা মতে, ট্ৰাককেইখনত মৰ্টাৰ শ্বেল উদ্ধাৰ কৰা হৈছে।”
এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
গতিকে স্পষ্টভাৱে এই ভিডিঅ’টো অসমৰ নহয় বৰং তামিলনাডুৰ এক বহু পুৰণি ভিডিঅ’ বুলি আমি নিশ্চিত হ’লোঁ।
উল্লেখযোগ্য যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে বিভিন্ন ধৰণৰ ভুৱা খবৰ প্ৰচাৰ হৈছে ছ’চিয়েল মিডিয়াত। গতিকে যিকোনো তথ্য শ্বেয়াৰ কৰাৰ আগেয়ে সেই সম্পৰ্কে সম্পূৰ্ণ নিশ্চিত হৈ লয় যেন।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০০৯ চনৰ তামিলনাডুৰ এক পুৰণি ভিডিঅ’ অসমত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ বুলি ভাইৰেল।
Fact Check By: FactCrescendo TeamResult: Insight
