দৰঙৰ আলগাছৰৰ শুকুৰ আলী নামৰ লোক এজনৰ দুৰ্ঘটনাত হোৱা মৃত্যুৰ খবৰটোকে ধুবুৰীৰ শুকুৰ আলীৰ মৃত্যু বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বিয়পি পৰিছে এই দাবীৰে যে অসমৰ ধুবুৰী জিলাৰ ব্যক্তি তথা সামাজিক মাধ্যমত সততে চৰ্চা লাভ কৰি থকা শুকুৰ আলীৰ ঈদৰ দিনাখন মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু ঘটিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ এটা ভিডিঅ’ বাতৰিৰ কিয়দংশ ব্যৱহাৰ কৰি ভিডিঅ’টোৰ ওপৰত ধুবুৰীৰ শুকুৰ আলীৰ ফটো এখন দি তাৰ ওপৰত RIP বুলি লিখি দিছে। আৰু কেপছনতো পবিত্ৰ ঈদতেই শেষ হৈ গ’ল শুকুৰ আলী বুলি লিখিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeJZpOeUaze5JxEy1JIsSo6RnkT9lc520MkJzR5q898Rcg_x6KG5f6ZbWjnh2TZRB6h6CtTWdiWZrHzMZCsmFidzXOnww1SDyO_s2kvsNCkLrU4vcrIlQFBFd7PSf76MfDAz1gNPg?key=mG6SB8zNR7YIxci_lZ2JksDf

Facebook Link Archived Link 

আন এটা ফেচবুক একাউণ্টৰ পৰাও একেটা ভিডিঅ’ আপলোড কৰি ধুবুৰীৰ শুকুৰ আলীৰ মৃত্যু ঘটা বুলি দাবী কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcCikVrOCYQHLbeBPEKa_07QMBw-tmWJWmYyk-COxEW1UFtgvwt8WgSsrfk6M6t2ay_U2nPotAlp5IZBEd6chhW6ie6XR9fVKYlePcENSKs6BqupML-4KBx15JSm4XAG8TxzndY?key=mG6SB8zNR7YIxci_lZ2JksDf

Facebook Link Archived Link 

আনহাতে অন্য এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বট আপলোড কৰি পবিত্ৰ ঈদ ৰ দিনত আমাৰ সকলোৰে চিনাকি শুকুৰ আলী ৰ অকাল মৃত্যু ত আমি খুবেই মৰ্মাহত শুকুৰ আলীৰ বিদেশী আত্মাৰ কাৰনে হকুলোৱে দুয়া কৰিব বুলি কেপছন লিখি একেই দাবী কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdgczId1c724PBQQHqLwE3R1II70so6jSf9hU7Vx0vwYDhdt1jFul1pnzBLDrbCeb_ypSzt82pZRU_nAXoMomp3blACnpiXZY4AlVcX1pZkOfC1ifYjIanMM8M0LJwAgSQeX_Jt3A?key=mG6SB8zNR7YIxci_lZ2JksDf

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই মূল বাতৰিটো পৰিবেশন কৰা সংবাদ প্ৰতিষ্ঠানটোৰ সামাজিক মাধ্যমত সন্ধান কৰিলোঁ। তেতিয়া আমি মূল বাতৰিটো লাভ কৰিলোঁ। সেই বাতৰিটোত পৰিবেশকগৰাকীয়ে দৰ্শকক জনাইছিল যে এক মটৰ চাইকেল দুৰ্ঘটনাত দুগৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে। তাৰে এগৰাকীৰ নাম শুকুৰ আলী আৰু আনগৰাকীৰ নাম জমিৰ হতদুপৰি কিতাপ আলী আৰু নাছিৰুদ্দিন আলী নামৰ আন দুগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈ হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছে। 

https://www.facebook.com/share/v/18ns7HTpSc

মঙলদৈৰ গৰাপৰি নিছপী খেৰাজ গাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি আমি সেই বাতৰিযোগে জানিব পাৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeCEjoTaI28yZQMhGxUolBwTwqOnJsVSP16cO_04RrV_3NGDy4kwTB2gRbawoUn3qkzKM1pATxlCfdzgkTUYXv1QSJ3g-kvMQmu-tUyOiWX7EPumZNsnzXP2hAiboHlGAi5YjjOZg?key=mG6SB8zNR7YIxci_lZ2JksDf

বাতৰিটোত আমি জানিব পাৰিলোঁ যে নিহত শুকুৰ আলীৰ ঘৰ মঙলদৈৰ আলগাছৰ গাঁৱত।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcDIswz8YYsXV84j5RDFiq4eKYGdmVHG4Awy6SV6f3zQpbqbpCcbDQ4S12lh7vVkE0ltwY85IqfJ0Tt8stz61H8B6b__T6LfV_G6gN621K-lDdHVX-RFwD28fU_h1ZCVuo3qgSp?key=mG6SB8zNR7YIxci_lZ2JksDf

ইয়াৰ পাছত আমি INDIA TODAY NEৰ বাতৰি লাভ কৰিলোঁ। তাত একেটা দুৰ্ঘটনাৰ কথা কোৱা হৈছিল। তাতো দৰঙ জিলাত সংঘটিত সেই দুৰ্ঘটনাত শুকুৰ আলী আৰু জমিৰ আলীৰ মৃত্যুৰ কথা তথা কিতাপ আলী আৰু নাছিৰুদ্দিন আলী আহত হোৱাৰ কোৱা হৈছিল।

   

আমি আন দুটা অসমীয়া সংবাদ প্ৰতিষ্ঠানতো দৰঙৰ সেই দুৰ্ঘটনাত শুকুৰ আলী আৰু জমিৰ আলীৰ মৃত্যুৰ বাতৰিটো লাভ কৰিলোঁ। সেই বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। 

আমাৰ সন্ধান আগুৱাই নিয়াত আমি ফেচবুক পেজ এটাত ধুবুৰীৰ শুকুৰ আলীয়ে তেওঁৰ মৃত্যুৰ বাতৰিটোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfPo6n0u7hfYs_wmukFlV8uaXRC5BCjKHs5Aw9Aq5CXzMZ0xUjiEBgejK0EpMJNPjdDy8iUtKbeNyNXX5sPSQCTdNj5ruxKDBiGOInG1a-zdxT-NTnJUACaM4u0_s1hpV73M0aX?key=mG6SB8zNR7YIxci_lZ2JksDf

আমি REPUBLIC NEৰ বাতৰিত শুকুৰ আলীয়ে তেওঁ যে এতিয়াও জীৱিত আছে, সেই কথা প্ৰকাশ কৰা ভিডিঅ’টো লাভ কৰিলোঁ। 

সৰ্বশেষত আমি ইয়াৰ নিশ্চিতিৰ কাৰণে স্বয়ং শুকুৰ আলীৰ সৈতে ফোনযোগে যোগাযোগ কৰিলোঁ। তেওঁৰ আগত বিষয়টো অৱগত কৰাৰ লগে লগেই তেওঁ প্ৰথমে অসন্তোষ প্ৰকাশ কৰে। কোনো লোকে এইদৰে আন কোনোবা শুকুৰ আলীৰ মৃত্যুৰ সৈতে তেওঁৰ ফটো ব্যৱহাৰ কৰি তেওঁৰ মৃত্যু ঘটা বুলি মিছা খবৰ প্ৰচাৰ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ আমাক জনায় যে এইধৰণৰ কৰ্মই ব্যক্তি এগৰাকীক মনোকষ্ট দিয়ে। আগলৈ কোনেও যাতে তেওঁক লৈ এনেকুৱা কোনো ধেমালি নকৰে, তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়। 

এইদৰেই আমি নিশ্চিত হওঁ যে ধুবুৰীৰ ব্যক্তি তথা অসমৰ সামাজিক মাধ্যমৰ এগৰাকী চৰ্চিত ব্যক্তি শুকুৰ আলীৰ মৃত্যু ঘটা নাই। তেওঁ এতিয়াও সুস্থ অৱস্থাতেই আছে। যিগৰাকী শুকুৰ আলীৰ মৃত্যু ঘটিছে, তেওঁ দৰং জিলাৰ মঙলদৈৰ সমীপৰ আলগাছৰৰ অন্য এজন লোক হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।যিগৰাকী শুকুৰ আলীৰ মৃত্যু ঘটিছে, তেওঁ দৰং জিলাৰ মঙলদৈৰ সমীপৰ আলগাছৰৰ অন্য এজন লোক হে। সামাজিক মাধ্যমত চৰ্চিত ধুবুৰীৰ ব্যক্তি শুকুৰ আলীৰ মৃত্যু ঘটা নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:দৰঙৰ আলগাছৰৰ শুকুৰ আলী নামৰ লোক এজনৰ দুৰ্ঘটনাত হোৱা মৃত্যুৰ খবৰটোকে ধুবুৰীৰ শুকুৰ আলীৰ মৃত্যু বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *