
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৫.৩ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৮১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২৬৪৯ জনৰ মৃত্যু হৈছে । অসমতো ৮৭জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে ।
এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমেও কিছু ভুৱা বা ভুল বাতৰি পৰিবেশন কৰি আহিছে ।
এনে এক বাতৰি ‘প্ৰতিদিন টাইম’ নামৰ অসমৰ ছেটেলাইট নিউজ চেনেলটোত ব্ৰেকিং হিচাবে ১৫ মে’, ২০২০ তাৰিখে, দিনৰ চাৰি মান বজাত প্ৰকাশ কৰা হৈছিল । বাতৰিটোত দাবী কৰা হৈছিল যে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এজন মন্ত্ৰী ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁৰ পৰিচয় গোপনে ৰখা হৈছে । পৰীক্ষাগাৰত তেওঁৰ দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু পোৱা গৈছে বুলি নিশ্চিত কৰিছে বুলি বাতৰিটোত দাবী কৰা হৈছিল । যদিয়ো উক্ত বাতৰিটো সম্পূৰ্ণ আকাৰে তেওঁলোকে পাছত নকৰিলে বা ফেচবুক পে’জত প্ৰকাশ নকৰিলে, সেই ব্ৰেকিংটো দেখি বিভিন্নজনে পাছত ফেচবুকত এই সম্পৰ্কে, ‘মেঘালয়ৰ এজন মন্ত্ৰী ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে’ বুলি আপডেট দিয়া দেখা গ’ল ।

সঁচাকৈ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এজন মন্ত্ৰী ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি আৰু তেওঁৰ পৰিচয় গোপনে ৰখা হৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে অনুসন্ধান কৰিবলৈ মেঘালয় পুলিচৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ । আমি দেখিলোঁ যে তেওঁলোকে ইতিমধ্যে এই বিষয়ে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে ।

তেওঁলোকে বাতৰিটো ভুৱা বুলি কৈছে আৰু লগতে আন এটা টুইটত এই বিষয়ে নিউজ চেনেলটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে বুলি লিখিছে । তেওঁলোকে লগতে উল্লেখ কৰিছে যে কোনো তথ্য প্ৰকাশ কৰাৰ আগতে সত্যতা পৰীক্ষা কৰি লব লাগে আৰু ভুৱা বাতৰি প্ৰচাৰ কৰিব নালাগে ।

ইয়াৰ পাছত আমি এই বিষয়ে আৰু জানিবলৈ পিআইবি অসমৰ টুইটাৰ হেণ্ডেলটো চালোঁ । তেঁওলোকে মেঘালয় পুলিচৰ টুইটটো ৰিটুইট কৰিছে আৰু লগতে এখন উপ-আৰক্ষী সঞ্চালক প্ৰধান, মেঘালয়ৰ হস্ত্যক্ষৰ থকা এই সম্পৰ্কীয় এখন প্ৰেছ ৰিলিজ আপলোড কৰিছে য’ত প্ৰতিদিন টাইমৰ বাতৰিটো ভুৱা বুলি স্পষ্ট কৰা হৈছে ।


ফলাফল
অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কোনো মন্ত্ৰী ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই । উক্ত বাতৰিটো ভুৱা হয় আৰু ইতিমধ্যে চেনেলটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ।

Title:মেঘালয়ৰ এজন মন্ত্ৰী ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False