পাতনি
শেহতীয়াকৈ মহাৰাষ্ট্ৰত গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome)ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে। তাৰে ভিতৰত এজন ৮ বছৰীয়া আৰু এজন ৪০ বছৰীয়া ৰোগী। এই বিষয়ে নাগৰিকসকলক আশ্বাস প্ৰদান কৰাৰ প্ৰয়াসেৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী প্ৰকাশ অবিতকাৰে এই সপ্তাহৰ শেষৰ ফালে পুনে ভ্ৰমণ কৰে। তেওঁ কয় যে প্ৰায় ৮০% আক্ৰান্ত ৰোগী একে অঞ্চলৰ আৰু “প্ৰদূষিত পানীয়েই এই প্ৰাদুৰ্ভাৱৰ কাৰণ হোৱাৰ সম্ভাৱনা আছে”। তেওঁ আৰু ইয়াকো কয় যে পুনে পৌৰ নিগমে ১২টা লিক বন্ধ কৰি, এটা নিষ্কাশন লাইন সলনি কৰি আৰু ভেণ্টিলেটৰৰ লগতে ঔষধৰ ব্যৱস্থা কৰি এই সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (National Centre for Disease Control) দিল্লী, নিমহেন্স বেংগালুৰু(NIMHANS), আঞ্চলিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কাৰ্যালয়(Regional Office of Health & Family Welfare), আৰু ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠান (National Institute for Virology) পুনেৰ পৰা সাতজনীয়া বিশেষজ্ঞৰ এটা দলক মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হৈছে। পুনেৰ এন আই ভিৰ তিনিজন বিশেষজ্ঞই ইতিমধ্যে স্থানীয় কৰ্তৃপক্ষক সহায় কৰি আছিল। আজিৰ এই লেখাত গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome) কি, কিদৰে হয়, ইয়াৰ পৰা হাত সৰাৰ উপায় কি ইত্যাদি সামৰি এক থুলমুল আলোচনা কৰা হৈছে।
কি এই গীলেন-বাৰে চিণ্ড্ৰম ( Guillain-Barre Syndrome)?
মুম্বাইৰ ছাইফী হাস্পতালৰ স্নায়ু বিশেষজ্ঞ ডাঃ আশীষ গোছাৰে প্ৰকাশ কৰিছে যে গীলেন-বাৰে চিণ্ড্ৰম হৈছে এক অটোইম্যুন ৰোগ, যিটো ভাইৰাছৰ সংক্ৰমণৰ কেইসপ্তাহমানৰ পিছত দেখা দিয়ে। ইয়াৰ ফলত শৰীৰৰ চাৰিওটা চলন-অংগ (Limbs) পক্ষাঘাতগ্ৰস্থ হয় আৰু কেতিয়াবা ডিঙি, শ্বাস-প্ৰশ্বাস আৰু গিলিবলৈও ব্যৱহৃত পেশীও আক্ৰান্ত হয়। এই ইমিউন’লজিকেল নাৰ্ভ ডিছঅৰ্ডাৰৰ দ্বাৰা সকলো বয়স আৰু আৰু লিংগৰ লোক আক্ৰান্ত হ’ব পাৰে।”
আনহাতে নতুন দিল্লীৰ বসন্ত কুঞ্জৰ ভাৰতীয় মেৰুদণ্ডৰ আঘাত কেন্দ্ৰ(Indian Spinal Injuries Centre)ৰ পৰামৰ্শদাতা তথা স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অপৰ্ণ গুপ্তাই ইয়াৰ লক্ষণসমূহৰ কথা উল্লেখ কৰি কয় যে শৰীৰৰ নিম্ন অংগৰ পৰা আৰম্ভ হোৱা দুৰ্বলতা প্ৰায় ৯৫% হয় আৰু ৫%ত ই শৰীৰৰ ওপৰৰ অংগৰ পৰা আৰম্ভণি হ’ব পাৰে।
Guillain-Barre syndrome হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই স্নায়ুবোৰক আক্ৰমণ কৰা অৱস্থা। ইয়াৰ ফলত দুৰ্বলতা, অজ্ঞানতা বা পক্ষাঘাতৰ সৃষ্টি হ’ব পাৰে।
হাত-ভৰিৰ দুৰ্বলতা আৰু পেশী টানি ধৰা শব্দ সাধাৰণতে ইয়াৰ প্ৰথম লক্ষণ বুলিব পাৰি। এই লক্ষণবোৰ সোনকালে বিয়পিব পাৰে আৰু ইয়াৰ ফলত পক্ষাঘাতৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ আটাইতকৈ গুৰুতৰ ৰূপত গীলেন-বাৰে চিনড্ৰম হৈছে চিকিৎসাজনিত জৰুৰীকালীন এক অৱস্থা। এই অৱস্থাত থকা বেছিভাগ লোককে চিকিৎসাৰ প্ৰয়োজন হয়। গীলেন-বাৰে চিনড্ৰম এক বিৰল সমস্যা আৰু ইয়াৰ সঠিক কাৰণ জনা নাযায়। কিন্তু গীলেন-বাৰেৰ লক্ষণ আৰম্ভ হোৱাৰ আগৰ ছয় সপ্তাহত দুই তৃতীয়াংশ লোকৰ সংক্ৰমণৰ লক্ষণ দেখা যায়। সংক্ৰমণৰ ভিতৰত ক’ভিড-১৯কে ধৰি শ্বাস-প্ৰশ্বাস বা গেষ্ট্ৰাইটিছৰ সংক্ৰমণ হ’ব পাৰে। গীলেন-বাৰে জিকা ভাইৰাছৰ দ্বাৰাও হ’ব পাৰে। গীলেন-বাৰে চিনড্ৰমৰ কোনো নিৰাময়ৰ উপায়ৰ কথা জনা হোৱা নাই এতিয়াও। কেইবাটাও চিকিৎসা বিকল্পই লক্ষণসমূহ লাঘৱ কৰিব পাৰে আৰু আৰোগ্য লাভ কৰাত সহায় কৰিব পাৰে। বেছিভাগ মানুহেই গীলেন-বাৰে চিনড্ৰমৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে যদিও কিছুমান গুৰুতৰ ৰোগে মাৰাত্মক ৰূপ হ’ব পাৰে। আৰোগ্য লাভৰ বাবে কেইবাবছৰ সময় লাগিব পাৰে যদিও বেছিভাগ মানুহেই প্ৰথমবাৰৰ বাবে লক্ষণ আৰম্ভ হোৱাৰ ছমাহৰ পাছত পুনৰ খোজ কাঢ়িব পাৰে। কিছুমান মানুহৰ স্থায়ী প্ৰভাৱ ৰৈ যাব হ’ব পাৰে, যেনে দুৰ্বলতা, অজ্ঞানতা বা ভাগৰুৱা লাগি থকা ইত্যাদি।
গীলেন-বাৰে চিনড্ৰমৰ লক্ষণ
গীলেন-বাৰে চিনড্ৰম প্ৰায়ে ভৰি আৰু ভৰিৰ পৰা আৰম্ভ কৰি শৰীৰৰ ওপৰৰ অংশ আৰু বাহুলৈ বিয়পি পৰে । অংগৰ পেশী টানি ধৰে আৰু দুৰ্বলতাৰ পৰা আৰম্ভ হয়। কিছুমান মানুহে প্ৰথম লক্ষণ বাহু বা মুখত লক্ষ্য কৰে। গীলেন-বাৰে চিনড্ৰম আগবাঢ়ি যোৱাৰ লগে লগে পেশীৰ দুৰ্বলতা পক্ষাঘাতলৈ পৰিণত হ’ব পাৰে।
Guillain-Barre syndrome ৰ লক্ষণসমূহ হ’ব পাৰেঃ
১.আঙুলি, ভৰিৰ আঙুলি, গোৰোহা বা হাতৰ কব্জাত পিন আৰু বেজীৰে খোচাৰ দৰে অনুভৱ কৰা।
২.ভৰিৰ দুৰ্বলতা যি শৰীৰৰ ওপৰৰ অংশলৈ বিয়পি পৰে।
৩. অস্থিৰভাৱে খোজ কঢ়া বা খোজ কাঢ়িব নোৱাৰা বা চিৰি বগাব নোৱাৰা অৱস্থা।
৪.কথা কোৱা, চোবাই খোৱা বা গিলি পেলোৱাকে ধৰি মুখৰ গতিবিধিৰ ক্ষেত্ৰত সমস্যা হোৱা।
৫.দ্বৈত দৃষ্টি বা চকু লৰচৰ কৰিব নোৱাৰা অৱস্থা।
৬.গুলী লগা বা ক্ৰেম্পলৰ দৰে তীব্ৰ বিষ অনুভৱ কৰিব পাৰে আৰু ৰাতি এই বিষ বেছি বেয়া হ’ব পাৰে।
৭.মূত্ৰাশয় নিয়ন্ত্ৰণৰ সমস্যা বা অন্ত্ৰৰ কাৰ্য্যক্ষমতাত সমস্যা।
৮.দ্ৰুত হৃদস্পন্দন।
৯.নিম্ন বা উচ্চ ৰক্তচাপ।
১০.উশাহ-নিশাহ লোৱাত অসুবিধা।
সাধাৰণতে গীলেন-বাৰে চিনড্ৰম ৰোগীয়ে লক্ষণ আৰম্ভ হোৱাৰ দুসপ্তাহৰ ভিতৰতে আটাইতকৈ বেছি দুৰ্বলতা অনুভৱ হয়।
গীলেন-বাৰে চিনড্ৰমৰ(Guillain-Barre syndrome) প্ৰকাৰ
গীলেন-বাৰে চিনড্ৰমৰ লক্ষণসমূহ প্ৰকাৰ অনুসৰি ভিন্ন হ’ব পাৰে। গীলেন-বাৰে চিনড্ৰমৰ কেইবাটাও ৰূপ আছে। মূল প্ৰকাৰসমূহ হ’ল-
১.উত্তৰ আমেৰিকা আৰু ইউৰোপত আটাইতকৈ সাধাৰণ ৰূপ হৈছে একুইট ইনফ্লেমেটৰী ডিমাইলিনেটিং পলিৰেডিকুলোনিউৰ’পেথী (Acute inflammatory demyelinating polyradiculoneuropathy )। এআইডিপিৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল পেশীৰ দুৰ্বলতা যি শৰীৰৰ তলৰ অংশৰ পৰা আৰম্ভ হৈ ওপৰলৈ বিয়পি পৰে।
২.মিলাৰ ফিচাৰ চিনড্ৰম (Miller Fisher syndrome), য’ত চকুৰ পৰা পক্ষাঘাত আৰম্ভ হয়। ইয়াৰ সৈতে অস্থিৰভাৱে খোজ কঢ়াৰ সমস্যাৰ সম্পৰ্ক আছে। আমেৰিকাত মিলাৰ ফিচাৰ চিনড্ৰম কম যদিও এছিয়াত বেছি দেখা যায়।
৩.আমেৰিকাত একুইট মটৰ এক্স’নেল নিউৰ’পেথী (Acute motor axonal neuropathy) আৰু একুইট মটৰ-চেন্সৰী এক্স’নেল নিউৰ’পেথী (acute motor-sensory axonal neuropathy) কম দেখা যায় কিন্তু চীন, জাপান আৰু মেক্সিকোত এই দুই প্ৰকাৰৰ ৰোগী অধিক দেখা যায়।
কিহৰ ফলত Guillain-Barré Syndrome হয়?
Guillain-Barré Syndrome ৰ সঠিক কাৰণ এতিয়াও বুজা হোৱা নাই। কিন্তু প্ৰায়ে ব্যক্তি এজন সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ কিছু সময়ৰ পাছতেই ই বিকশিত হয়। গীলেন-বাৰে চিণ্ড্ৰম বা জিবিএছ চাইট’মেগাল’ভাইৰাছ, এপষ্টেইন বাৰ ভাইৰাছ, জিকা ভাইৰাছ, আনকি ক’ভিড-১৯ মহামাৰীৰ সৈতেও জড়িত।
কিয় এনেকুৱা হয়? বিজ্ঞানীসকলে কয় যে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰৰ দৰে শৰীৰৰ বাহিৰৰ উপাদান চিনাক্ত কৰে। ই এন্টিব’ডি নামৰ প্ৰ’টিন উৎপন্ন কৰে যিয়ে ৰোগৰ কাৰক জীৱাণুৰ পৃষ্ঠৰ গঠনতে বান্ধ খাই থাকে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতাও গঢ়ি তোলে।
গীলেন-বাৰে চিণ্ড্ৰমৰ দৰে অটোইম্যুন ৰোগৰ কাৰকে শৰীৰৰ গঠন অনুকৰণ কৰা পৃষ্ঠৰে নিজকে লুকুৱাই ৰাখে। ইমিউন’লজিষ্ট জুলিয়ান জিমাৰমেনে কয় কৰে যে, কেম্পাইল’বেক্টেৰ বেক্টেৰিয়াৰ পৃষ্ঠৰ গঠনটো মাইলিন আৱৰণৰ সৈতে বহুত মিল দেখা যায়। গতিকে এন্টিব’ডিবোৰেও শৰীৰৰ নিজৰ কোষ আৰু গঠনবোৰক শৰীৰৰ বাহিৰৰ বস্তু হিচাপে গন্য কৰি পৃষ্ঠতে সংলগ্ন কৰি লয়। ইয়াৰ ফলত বিক্ৰিয়াৰ এক ধাৰাবাহিকতা সৃষ্টি হয়। অটোইম্যুন ৰোগত এই পাৰস্পৰিক ক্ৰিয়াৰ সঠিক প্ৰকৃতি এতিয়াও জানিব পৰা হোৱা নাই। মাজে মাজে টিকাকৰণৰ ফলতো জিবিএছ হ’ব পাৰে।
গীলেন-বাৰে চিনড্ৰমত(Guillain-Barré Syndrome) আক্ৰান্ত হোৱা বিখ্যাত লোকসকল
জাৰ্মানীৰ এজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মাৰ্কাছ বেবেলে জিবিএছত আক্ৰান্ত হোৱাৰ পাছত নিজৰ কেৰিয়াৰৰ প্ৰায় এটা বছৰ হেৰুৱাইছিল। এপষ্টেইন-বাৰ ভাইৰাছৰ সংক্ৰমণৰ পাছত বাবেলৰ জিবিএছ হৈছিল। আনহাতে কিছুমান স্নায়ুৰোগ বিশেষজ্ঞ আৰু ইতিহাসবিদৰ মতে ১৯২১ চনত আমেৰিকাৰ ৩২ সংখ্যক ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি. ৰুজভেল্টৰ জিবিএছ আছিল। ১০০টাতকৈও অধিক এলবাম ৰেকৰ্ডিং কৰা মেক্সিকান আইকন ভিচেণ্টে ফাৰ্নাণ্ডেজ গোমেজৰো জিবিএছ হৈছিল।
গীলেন-বাৰে চিনড্ৰমৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাৰ কিছু উপায়
জিবিএছ প্ৰতিৰোধ কৰিব নোৱাৰিলেও, পুনেৰ ৰুবী হল ক্লিনিকৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ লোমেশ ভীৰুদে প্ৰকাশ কৰা অনুসৰি সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হোৱা কিছুমান ব্যৱস্থা তলত উল্লেখ কৰা হ’ল-
১.ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাসঃ নিয়মিতভাৱে চাবোন আৰু পানীৰে হাত ধোৱাৰ ফলত শ্বাস-প্ৰশ্বাস বা গেষ্ট্ৰাইটিছৰ ৰোগৰ দৰে সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়।
২.সঠিকভাৱে খাদ্য ৰন্ধাঃ ইয়াৰ ফলত খাদ্যজনিত সংক্ৰমণৰ সম্ভাৱনা কম হয় ।
৩.ৰোগৰ তৎকালীন চিকিৎসাঃ জটিলতাৰ সম্ভাৱনা কম কৰিবলৈ বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ আগতীয়া চিকিৎসা বিচাৰিব লাগে। যদি আপুনি স্থায়ী ডায়েৰিয়া বা শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ দৰে লক্ষণ দেখা পায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
৪.টিকাকৰণ বা অসুস্থতাৰ পাছত নিৰীক্ষণ কৰকঃ যদি আপুনি শেহতীয়াকৈ কোনো অসুস্থতা বা টিকাকৰণ কৰিছে, তেন্তে জিবিএছৰ প্ৰাৰম্ভিক লক্ষণসমূহ, যেনে পেশীৰ দুৰ্বলতা বা শৰীৰত টিংটিং শব্দৰ ওপৰত চকু ৰাখক আৰু তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
গীলেন-বাৰে চিনড্ৰমৰ নিৰাময় আছেনে?
গীলেন-বাৰে চিনড্ৰমৰ কোনোধৰণৰ নিৰাময়ৰ বিষয়ে এতিয়ালৈকে জনা নাই যদিও এনে চিকিৎসা আছে যিয়ে লক্ষণসমূহ কমায় আৰু আৰোগ্য ক্ষিপ্ৰ কৰি তোলে। পুনেৰ খাৰাদিৰ মণিপাল হাস্পতালৰ পৰামৰ্শদাতা, স্নায়ু বিশেষজ্ঞ ডাঃ ভূষণ যোশীয়ে কয় যে সমস্যা হ্ৰাস আৰু আৰোগ্যৰ সম্ভাৱনা উন্নত কৰিবলৈ তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন। লক্ষণসমূহৰ চিকিৎসাৰ বাবে শিৰাত ইমিউন’গ্ল’বিউলিন (IVIG) থেৰাপী আৰু প্লাজমাফেৰেছিছ (প্লাজমা বিনিময়) ব্যৱহাৰ কৰা হয়। জি এছ বিৰ বাবে কোনো নিৰ্দিষ্ট ভেকচিন নাই যদিও কিছুমান বিশেষ টিকাকৰণ, যেনে ফ্লু আৰু জিকা ভেকচিনে এই ৰোগৰ সূচনা কৰিব পৰা সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
গীলেন-বাৰে চিনড্ৰম সংক্ৰামক নেকি?
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জিবিএছ সংক্ৰামক নহয় আৰু ইয়াক উত্তৰাধিকাৰী সূত্ৰে পোৱা নাযায়। এই চিনড্ৰমৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। ডাঃ গোছাৰে কয় যে যদি সংক্ৰমিত ব্যক্তিজনৰ দুৰ্বলতা থাকে আৰু লক্ষণ দেখা পোৱাৰ চাৰি সপ্তাহ হোৱা নাই তেন্তে ভ্ৰমণৰ পৰা আঁতৰি থকাটোৱেই উত্তম। যিহেতু ইয়াৰ ফলত হঠাতে দুৰ্বলতা আৰম্ভ হয় আনকি পক্ষাঘাতও হয়। গতিকে ভ্ৰমণ কৰাটো বাঞ্ছনীয় নহয় বুলি আমেৰিকাৰ স্বাস্থ্য সংস্থা নেশ্যনেল ইনষ্টিটিউট অৱ নিউৰ’লজিকেল ডিছঅৰ্ডাৰড এণ্ড ষ্ট্ৰ’কে(National Institute of Neurological Disordered and Stroke) কয়। সৌভাগ্যক্ৰমে জিবিএছ মাৰাত্মক নহয় আৰু বেছিভাগ মানুহেই সম্পূৰ্ণ সুস্থ হৈ উঠে।
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে গীলেন-বাৰে চিনড্ৰম যিকোনো লোকৰে হ’ব পাৰে। ই সংক্ৰামক বা উত্তৰাধিকাৰসূত্ৰে লাভ কৰা ৰোগ নহয়। টীকাৰৰণ ফলতো কেতিয়াবা ই হ’ব পাৰে। ইয়াৰ লক্ষণ দেখা দিয়া মাত্ৰকে ডাক্তৰৰ ওচৰ চপা উচিত। ইয়াৰ কোনো নিৰাময় এতিয়ালৈ ওলোৱা নাই যদিও ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome) কি, কিদৰে হয়, ইয়াৰ পৰা হাত সৰাৰ উপায় কি ইত্যাদি সামৰি এক থুলমুল আলোচনা।
Fact Check By: Pranjal SharmaResult: Insight
