সেই সময়ত ড০ মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা নাছিল।   

Misleading Social

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ প্ৰতি সেয়া অপমান বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে চীন দেশৰ এগৰাকী প্ৰতিনিধি আহি কংগ্ৰেছ নেত্ৰী চোনীয়া গান্ধী আৰু ড০ মনমোহন সিঙৰ সৈতে কৰমৰ্দন কৰিছে। প্ৰথমে চোনীয়া গান্ধী আৰু তাৰ পাছত ড০ সিঙৰ সৈতে কৰমৰ্দন কৰে তেওঁ। সেই দৃশ্য়টোকে আপলোড কৰি “সেইসময়ত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু ডাঙৰ অপমান একো হব নোৱাৰে” বুলি লিখি সেই দৃশ্যটো মনমোহন সিং আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা কালৰ দৃশ্য বুলি দাবী কৰিছে।   

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি একাধিক টুইট লাভ কৰিলোঁ। তাৰে এটা টুইটত লিখিছে– Manmohan Singh wasn’t PM in 2015. But BJP IT cell’s old habit of spreading fake news continues. Now they’re even twisting a normal meeting from 2015 into a false narrative.(২০১৫ চনত মনমোহন সিং প্ৰধানমন্ত্ৰী নাছিল।কিন্তু বিজেপি আইটি চেলৰ ভুৱা বাতৰি বিয়পোৱাৰ পুৰণি অভ্যাস অব্যাহত আছে। এতিয়া তেওঁলোকে আনকি ২০১৫ চনৰ এটা স্বাভাৱিক বৈঠকক ভুৱা আখ্যানলৈ পৰিৱৰ্তন কৰিছে৷) 

এনেধৰণৰ আন এটা টুইটতো আমি ভিডিঅ’টো দেখিলোঁ। তাত লিখিছে- Illiterate BJP IT cell is circulating this video with keywords like “who was the real PM”.. Reality — This video is of 2015. Narendra Modi was the PM at that time. A Chinese parliamentary delegation met Smt Sonia Gandhi Ji and Dr. Manmohan Singh Ji.(নিৰক্ষৰ বিজেপি আই টি চেলে “কোন আছিল প্ৰকৃত প্ৰধানমন্ত্ৰী” আদি কী-ৱৰ্ডেৰে এই ভিডিঅ’টো প্ৰচাৰ কৰি আছে। বাস্তৱ — এই ভিডিঅ’টো ২০১৫ চনৰ।সেই সময়ত নৰেন্দ্ৰ মোডী আছিল প্ৰধানমন্ত্ৰী। চীনৰ সংসদীয় প্ৰতিনিধি দলে শ্ৰীমতী ছোনিয়া গান্ধীজী আৰু ড° মনমোহন সিংজীক সাক্ষাৎ কৰে।)

আমি উল্লেখ কৰা প্ৰথম টুইটটোতে আমি সেই দৃশ্যৰ আঁৰৰ ঘটনাটো সম্পৰ্কত ২০১৫ চনতে কংগ্ৰেছে নিজৰ এক্স হেণ্ডেলৰ পৰা কৰা টুইটটো দেখিবলৈ পাইছিলোঁ। এই টুইটটোত লিখা হৈছে- A Chinese Parliamentary Delegation called on Congress President Smt.Sonia Gandhi and Former PM Dr. Manmohan Singh(চীনৰ সংসদীয় প্ৰতিনিধি দলে কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক সাক্ষাৎ কৰে)

এই দৃশ্যটো আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে ২০১৫চনৰ ১৬জুনত কংগ্ৰেছৰ ইউটিউৱ চেনেলটোত Congress President Meeting with Chinese Delegation শীৰ্ষকেৰে আপলোড কৰি থোৱা আছে। 

তদুপৰি আমাৰ দেশৰ প্ৰেছ ইনফৰমেছন ব্যুৰোৱে ২০১৫ চন ১৫ জুনত চীন দেশৰ সংসদীয় প্ৰতিনিধি ঝেং ডেজিয়াঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰা সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি লাভ কৰিলোঁ। 

আনহাতে চীনা দূতাবাসৰ পৰা ঝেং ডেজিয়াঙৰ ভাৰত ভ্ৰমণ সম্পৰ্কত ২০১৫ৰ ১৭ জুনত প্ৰকাশ কৰা বিবৃতিতো তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কংগ্ৰেছ নেত্ৰী চোনীয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং প্ৰমূখ্যে দেশৰ বহুকেইগৰাকী আগশাৰীৰ নেতাক সাক্ষাত কৰাৰ কথা উল্লেখ কৰে।

এই ভ্ৰমণ সম্পৰ্কত সেই সময়তে জী-নিউজে প্ৰকাশ কৰা Chinese Parliamentary delegation calls on Manmohan Singh, Sonia Gandhi শীৰ্ষক বাতৰিটোত আমি চোনীয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক সাক্ষাত কৰা কথাটো পঢ়িবলৈ পালোঁ।  

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যি সময়ত এইদৰে চীনৰ প্ৰতিনিধিয়ে আহি কংগ্ৰেছ নেত্ৰী চোনীয়া গান্ধী আৰু ড০ মনমোহন সিঙক সাক্ষাত কৰি কৰমৰ্দন কৰিছিল, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহে আছিল ড০ মনমোহন সিং নহয়। গতিকে সেই সময়ৰ প্ৰধামন্ত্ৰী বুলি যিটো দাবী কৰা হৈছে, সেইটা সত্য নহয়। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো বিভ্ৰান্তিকৰ। চীনৰ প্ৰতিনিধিয়ে আহি প্ৰথমে চোনীয়া গান্ধী আৰু তাৰ পাছত ড০ মনমোহন সিঙক কৰমৰ্দন কৰাৰ সেই দৃশ্যটোৰ সময়টোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহে আছিল, ড০ মনমোহন সিঙ নহয়। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সেই সময়ত ড০ মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা নাছিল।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *