বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ। 

Misleading Social

শেহতীয়াভাৱে অসমৰ এক সংবাদ প্ৰতিষ্ঠানে নিজৰ ফেচবুক পেজত এটা বাতৰি পৰিবেশন কৰি তাত এটা ভিডিঅ’ ব্যৱহাৰ কৰিছে। বাতৰিটোত সেয়া শিলিগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছৰ.দৃশ্য বুলি দাবী কৰা হৈছে।  দৃশ্যটোত এখন ৰেলৰ ভিতৰৰ ডবা এটাত ওপৰৰ পৰা পানী পৰি থকা দেখা গৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcTViP8vA7aNrmZ9kOJTS0Ve62t-GTDrefeoPLyvh4tYoIDEfEETThYHJ-kVJ1ns1aSZwzksrLoj4NC1upsylJrQF7nv4CUv1YNw4FYJJOwTKd80sOout6wsbWv4YpMGP-y65pZcg?key=JP_9v1-IsvRRwO9YNLfFfA

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু ইউটিউৱত সেই দৃশ্য বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ বুলি উল্লেখ কৰা কেইবাটাও ভিডিঅ’ লাভ কৰিলোঁ। তেনেকুৱা ভিডিঅ’ ইয়াত. ইয়াত আৰু ইয়াত চাব পাৰিব। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfWj0dyZkRdyVLJVkHkBrMuCoya45QbinxiYogg6TlgWQiPgul1SThSuEChdwg5a8NiRcrPok0ZnhMBo_o0obWZ83ggJZm1JUxeZCmNuUDNg93ZAkB5WP_sorVwHgYRc-2VWNZqYg?key=JP_9v1-IsvRRwO9YNLfFfA

তাৰে এটা ভিডিঅ’ত উল্লেখ কৰা হৈছে যে দৰ্শিল মিশ্ৰা নামৰ এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে নিজৰ হেণ্ডেলত সেই ভিডিঅ’টো আপলোড কৰিছিল। তেওঁ যাত্ৰা কৰি থকা ২২৪১৫ নম্বৰৰ বাৰানাসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ কোচ্ছ নম্বৰ চি-৭ৰ ৭৬ নম্বৰ চীটৰ ওপৰত এইদৰে নিৰন্তৰে পানী পৰি আছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdZTlIlXT82ucHObJKjUmMkiE5HYmNs_Jt4YyRezfewYulw72GUlwxOMR30qDVqhum4TCSjaH27l9VD-SoSICI1u9FngFwJuZ_BlxWH1a7c977EKky0Nb5h1FhMEHmAcIpfPpb4jA?key=JP_9v1-IsvRRwO9YNLfFfA

আমি এক্সত দৰ্শিল মিশ্ৰাৰ হেণ্ডেলটো বিচাৰিলোঁ আৰু তাত তেওঁ আপলোড কৰা মূল ভিডিঅ’টো লাভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdA0dial578RqNlu76nN2M45U4JcHnsTi28UbW668u2WT1GZGxrHIO3_60WQWjLrRixmYBCD5EULy-KqxZimnA9TiscnI6FI5Yfz-A0hEoxpVy_ULjrOh2zRy-JZgkttxrXKscJWg?key=JP_9v1-IsvRRwO9YNLfFfA

তেওঁৰ এক্স হেণ্ডেলটো পৰীক্ষা কৰি জানিব পাৰিলোঁ যে তেওঁ সেই অসুবিধা সম্পৰ্কে অভিযোগ দাখিল কৰিছিল আৰু ৰেল বিভাগৰ পৰা তেওঁৰ উত্তৰো দিয়া হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfhg84SmIOFsehVBFWH2XA4Rq_xp4IBImV2y73twKhVamKPfBvznUYdK3mShEosG5u-pNmpZRvPxzVzHCHrTxWjPB3qaw38oHVsjN4yo-NpebzThpkVK1cszeEnKYAAtWq10m-xCw?key=JP_9v1-IsvRRwO9YNLfFfA

কিন্তু তেওঁ কোনো ধৰণৰ সমাধান লাভ নকৰাত তেওঁৰ টিকটৰ সম্পূৰ্ণ মূল্য ওভটাই বিচাৰিও টুইট কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdBeCnJLMHT-wfezG179pkDzFROA7kASrqAy7weLrbzO1E9wuBjOVBwSfWq0rW-D2-hoBgPWGLm3NHWoLhXBayWP0gZqMYbC1EYp0QDU-nb2UsNn9Z_yeYp84ikqPSkmRySeoqm-w?key=JP_9v1-IsvRRwO9YNLfFfA

ইয়াৰ পৰাই স্পষ্ট হৈছে যে যিটো দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি অসমৰ ফেচবুক পেজটোত দাবী কৰা হৈছে, সেইটো আচলতে বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো বিভ্ৰান্তিকৰ। যিটো দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি অসমৰ ফেচবুক পেজটোত দাবী কৰা হৈছে, সেইটো আচলতে বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰহে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *