
৯ নৱেম্বৰ ২০২৫ দেওবাৰে গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাই এক বিশেষ বিমান উৰণ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত কিছুমান দৃশ্য ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ৯ নৱেম্বৰৰ প্ৰদৰ্শনৰ দৃশ্য আৰু সেয়া সদ্য প্ৰয়াত জুবিন গাৰ্গলৈ বুলি এক শ্ৰদ্ধাঞ্জলি।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি সেই ভিডিঅ’টো বিভিন্ন সময়ত বিভিন্ন স্থানৰ বিমানৰ আকাশী প্ৰদৰ্শন বুলি দাবী কৰি আপলোড কৰা বিভিন্ন পোষ্ট পালোঁ।
যোৱা ৫ জানুৱাৰী ২০২৫ত ইনষ্টাগ্ৰামত কৰা পোষ্ট এটা মতে সেইটো বাংগালুৰুৰ য়েলাহাংকাৰ এয়াৰশ্ব’ৰ দৃশ্য।

২০২৩ৰ ৬ অক্টোবৰত ইউটিউৱত এই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীয়ে এইটো প্ৰয়াগৰাজৰ দৃশ্য বুলি উল্লেখ কৰিছে।

২০২২ৰ ২৬ চেপ্তেম্বৰত ইউটিউৱত একেটা ভিডিঅ’ আপলোড কৰি লিখা হৈছে যে এইটো সূৰ্যকীৰণ এয়াৰশ্ব’।

২০২২ৰ ২৯মে’ত আজাৰবাইজানৰ এক সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক বাতৰিত এই ভিডিঅ’টো ব্যৱহাৰ কৰি সেয়া বাকুৰ এক বিমান প্ৰদৰ্শন বুলি উল্লেখ কৰিছে।

২০২০ৰ ১৩ নৱেম্বৰতো এই একেটা ভিডিঅ’ ফেচবুকত আপলোড কৰি থোৱা আমি দেখিলোঁ। তাত কিন্তু ইয়াৰ কোনো সবিশেষ লিখা হোৱা নাই।

২০২০ৰে ২২ জুলাইত এই ভিডিঅ’টো ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল। অৱশ্যে তাত ইয়াৰ স্থান উল্লেখ নাছিল।

আমাৰ সন্ধান আগুৱাই নিয়াত আমি একেটা ভিডিঅ’ ২০১৯ৰ ১৬ ডিচেম্বৰতো ইউটিউৱত আপলোড কৰা দেখিলোঁ।

আমি কৰা অনুসন্ধানত এই ভিডিঅ’টো আপলোড কৰা একেবাৰে পুৰণি পোষ্টটো হৈছে ২০১৯ৰ ১১ নৱেম্বৰৰ। ফেচবুকত এই ভিডিঅ’টো আপলোড কৰি This is for our followers বুলি লিখা হৈছে।

এই তথ্য প্ৰমাণে নিশ্চিত কৰিছে যে যদিও এই প্ৰদৰ্শনৰ সঠিক স্থানৰ কোনো উল্লেখ নাই, তথাপিও এই ভিডিঅ’টো ২০১৯ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে। গতিকে এই দৃশ্য ৯ নৱেম্বৰ ২০২৫ৰ গুৱাহাটীৰ বায়ুসেনাৰ প্ৰদৰ্শনৰ বুলি কৰা দাবীটো মিছা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। এই ভিডিঅ’টো ২০১৯ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে। গতিকে এই দৃশ্য ৯ নৱেম্বৰ ২০২৫ৰ গুৱাহাটীৰ বায়ুসেনাৰ প্ৰদৰ্শনৰ বুলি কৰা দাবীটো মিছা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:২০১৯ চনৰে দৃশ্যক ৯ নৱেম্বৰত গুৱাহাটীত হোৱা বায়ুসেনাৰ প্ৰদৰ্শনৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False


