
শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে যোৱা ১৫জুন ২০২৫ত ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা এক ভূমিকম্পত ৭০ হেজাৰ লোকৰ মৃত্যু ঘটিছে। ভিডিঅ’টোত দেখা গৈছে যে বৰ বৰ অট্টালিকা খহি পৰিছে আৰু বিভিন্ন লোক তথা যান বাহন তীব্ৰ গতিত অহা-যোৱা কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’ ভালকৈ লক্ষ্য কৰিলোঁ আৰু এই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা যেন আমাৰ অনুমান হ’ল। ভিডিঅ’টোৰ ওপৰত ইনষ্টাগ্ৰামৰ এটা ৱাটাৰমাৰ্ক আমি মন কৰিলোঁ।
ৱাটাৰমাৰ্কটো ওলোটাকৈ লিখা আছিল। আমি ভালকৈ পাঠোদ্ধাৰ কৰি জানিব পাৰিলোঁ যে তাত sachinsachin123662024 বুলি লিখা আছে। সেই ইনষ্টাগ্ৰাম ৱাটাৰমাৰ্কটোৰ আঁত ধৰি আমি সন্ধান কৰোতে sachinsachin123662024 নামৰ হেণ্ডেলটো পালোঁ। দেখিলোঁ যে সেইটো শচীন টোমৰ নামৰ এগৰাকী এআই ভিডিঅ’ জেনেৰেটৰৰ ইনষ্টাগ্ৰাম হেণ্ডেল। তাত স্পষ্টকৈ লিখা আছে যে তেওঁ এগৰাকী কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ সৃষ্টিকৰ্তা। লিখা আছে-Sachin AI video generator.
শচীন টোমৰৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো পৰীক্ষা কৰোতে আমি তাত তেওঁ সৃষ্টি কৰা বহুসংখ্যক এআই(AI) ভিডিঅ’ দেখা পালোঁ। তাৰ মাজতে অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে উল্লিখিত দাবীৰে আপলোড কৰা ভিডিঅ’টোৰ মূল পোন সংস্কৰণটো দেখিলোঁ। অসমৰ ব্যৱহাৰকাৰীগৰাকীয়ে মূল পোন সংস্কৰণটো ওলোটাকৈ ব্যৱহাৰ কৰিছিল বুলি আমাৰ ধাৰণা হ’ল।
লগতে আমি এই কথাও মন কৰিলোঁ যে তেওঁ এইধৰণে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বিভিন্ন ভিডিঅ’ সৃষ্টি কৰে আৰু তাত বিভিন্ন স্থানৰ নাম লিখি সেই স্থানৰ ঘটনা বুলি প্ৰচাৰ কৰে।
আমি তেওঁৰ থ্ৰেড একাউণ্টটোও সন্ধান কৰি লাভ কৰিলোঁ। তাতো তেওঁ তেওঁৰদ্বাৰা সৃষ্টি কৰা এআই ভিডিঅ’সমূহ আমি দেখা পালোঁ।
তদুপৰি আমি ফেচবুকতো শচীন টোমৰৰ পেজটো পালোঁ। তাতো উল্লেখ কৰি থোৱা আছে যে তেওঁ এগৰাকী এআই ভিডিঅ’ সৃষ্টিকৰ্তা (Ai Video Generator)
ইনষ্টাগ্ৰামৰ অনুৰূপ ধৰণে ফেচবুক পেজতো তেওঁ আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টো আপলোড কৰি থোৱা আমি দেখিলোঁ।
সদৌ শেষত আমি ইনষ্টাগ্ৰামৰ মাধ্য়মেৰে তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিলোঁ আৰু তেওঁৰ এই ভিডিঅ’টো সম্পৰ্কে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ। আমাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ উল্লেখ কৰে যে প্ৰায় ১৫টা ৱেবছাইট ব্যৱহাৰ কৰি বিগত বহুদিন ধৰি তেওঁ এইধৰণে বিভিন্ন এআই ভিডিঅ’(AI Video) সৃষ্টি কৰি আহিছে। আমি উল্লেখ কৰা ভিডিঅ’টোও তেঁৱেই সৃষ্টি কৰা। ইয়াৰ পূৰ্বেও এইদৰে তেওঁ সৃষ্টি কৰা এআই ভিডিঅ’ অন্য ব্যৱহাৰকাৰীয়ে নিজৰ পেজ বা একাউণ্টত ব্যৱহাৰ কৰিছে বুলিও তেওঁ আমাক জানিবলৈ দিয়ে। নিজৰ ঠিকনা প্ৰকাশত আনিচ্ছুক শচীন টোমৰে আমাক জানিবলৈ দিয়ে যে তেওঁ যিকোনো ধৰণৰ ভিডিঅ’ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰি দিব পাৰে। তেওঁ সৃষ্টি কৰা ভিডিঅ’বোৰত কল্পনাপ্ৰসূতঃভাৱে বিভিন্ন স্থানৰ উল্লেখ কৰে যদিও সেয়া সত্যৰ ওপৰত আধাৰিত নহয়। কেৱল মনোৰঞ্জনৰ বাবেহে তেওঁ এইদৰে বিভিন্ন ঘটনা-দুৰ্ঘটনাৰ কল্পনাৰে এআই ভিডিঅ’ সৃষ্টি কৰে।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ ১৫জুন ২০২৫ৰ ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে শচীন টোমৰ নামৰ এগৰাকী এআই ভিডিঅ’ জেনেৰেটৰে সৃষ্টি কৰা ভিডিঅ’হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ ১৫জুন ২০২৫ৰ ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে শচীন টোমৰ নামৰ এগৰাকী এআই ভিডিঅ’ জেনেৰেটৰে সৃষ্টি কৰা ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:AI Generated ভিডিঅ’ৰে গোৱাত ভূমিকম্প অহা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
