নাইট ষ্টকাৰৰ পুৰণি ভিডিঅ’কে আমেৰিকাৰ শেহতীয়া ভেনিজুৱেলা আক্ৰমণৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।  

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই দৃশ্য আমেৰিকাই যোৱা ৩জানুৱাৰী ২০২৬ত ভেনিজুৱেলাত আক্ৰমণ কৰা সময়ৰ। 

Facebook Link  Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেড ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি ইনষ্টাগ্ৰামত যোৱা ৮ মে’ ২০২৫ অৰ্থাত ভেনিজুৱেলা আক্ৰমণৰ কেইবামাহো পূৰ্বেই সেই একেটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোত লিখা তথ্য অনুসৰি সেয়া নাইট ষ্টকাৰ নামেৰে জনাজাত ১৬০ নং বিশেষ অভিযান বিমান ৰেজিমেণ্ট (এয়াৰবৰ্ণ)(Special Operations Aviation Regiment ) । ই হৈছে বিশেষ অভিযানৰ বাবে নিশাৰ সময়ত হেলিকপ্টাৰ অভিযানত বিশেষজ্ঞ আমেৰিকান সেনাৰ এক অভিজাত ইউনিট। ফ’ৰ্ট কেম্পবেলৰ ওপৰত ভিত্তি কৰি তেওঁলোকে গোপনে প্ৰৱেশ, নিষ্কাশন আৰু পুনৰ যোগানৰ(insertions, extractions, and resupply) বাবে অত্যাধুনিক এম এইচ-৬০, এম এইচ-৪৭, আৰু এ এইচ/এম এইচ-৬ হেলিকপ্টাৰ(MH-60, MH-47, and AH/MH-6 helicopters) উৰুৱায়। নিখুঁত ব্যৱস্থা, গোপনীয়তা আৰু স্থিতিস্থাপকতাৰ বাবে পৰিচিত এই গোটটোৱে ছোমালিয়াৰ পৰা ওছামা বিন লাডেনৰ ওপৰত চলোৱা অভিযানলৈকে বিভিন্ন অভিযানত মূল ভূমিকা পালন কৰিছে।

এই ভিডিঅ’টোতে আমি মূল ভিডিঅ’ আৰু তথ্যৰ উত্স হিচাপে @combat_aviationist ৰ লিকংটো পালোঁ আৰু তাত সন্ধান কৰোতে যোৱা ২৪ এপ্ৰিল ২০২৫ত হুবহু একেই তথ্যৰে সেই একেটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ। 

তদপৰি ইউটিউৱতো যোৱা ২৪ এপ্ৰিল ২০২৫তে সেই একেটা ভিডিঅ’ একেই তথ্যসহ আপলোড কৰা হৈছিল।

 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে যিটো ভিডিঅ’ যোৱা ৩ জানুৱাৰী ২০২৬ৰ ভেনিজুৱেলা আক্ৰমণৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে সেই ঘটনাৰ কেইবামাহো পূৰ্বেই আপলোড কৰা আমেৰিকাৰ এক সামৰিক গোটৰ এটা প্ৰচাৰমূলক ভিডিঅ’হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ যোৱা ৩ জানুৱাৰী ২০২৬ৰ ভেনিজুৱেলা আক্ৰমণৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে সেই ঘটনাৰ কেইবামাহো পূৰ্বেই আপলোড কৰা আমেৰিকাৰ এক সামৰিক গোটৰ এটা প্ৰচাৰমূলক ভিডিঅ’হে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:নাইট ষ্টকাৰৰ পুৰণি ভিডিঅ’কে আমেৰিকাৰ শেহতীয়া ভেনিজুৱেলা আক্ৰমণৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *