২০২৩চনত গাজাত এখন হস্পিতালৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য অপাৰেচন সিন্দূৰ বুলি প্ৰচাৰ।

False Social

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdqU6tw1etIHJToGrlQ74eYSl-gG4e__Ahrp8_RDRGktBU2wK67kZ2pp1i07nH9ar4q3B4rd9UmpO1HiVmGWpEFAQE9ksxdllHLR_6uo27YX9NxSpfYrEFIcRR4ydCM-V8WPPaGkw?key=v5nbJm3kgsqPob4nCOSU7w

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdRwO1OeGkCSs1s-fIFebjmaih7kCNjZXKyRQVcHO9UrTs9QGOxuJkElYY_4vLIBzTC81s8_IYxQ0kibj0HX7aYDwd9Oi_hgMRVsgrWHQRa67k0IQc4zA2XQwtjCOrqwjaRWwaK?key=v5nbJm3kgsqPob4nCOSU7w

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe_bDyc871-Zkqx2xU1S6fEzME8nKP1QuVvQXrOsnqUNqWPHSSAJ_KcuReCtMrcRDWf7I_u2_cCPtZG9dvmttlF6vPhjNmYvYcrxv74WzlvJoesxR3p2uO0Y6yB2digg2ocr44cHg?key=v5nbJm3kgsqPob4nCOSU7w

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি এটা টুইট লাভ কৰিলোঁ। য’ত কোৱা হৈছিল যে এইটো ইন্দোনেছিয়াৰ হস্পিতালৰ দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeQs-tV1o7P4MejJEBN5JZDUYtWjFxAAQIKlI9dIQdNshiPyvJiFeMdBJtY2nfpPcP7NddoutZ32ZTcWcEyYMv0CkcS9KL0Bn7zPF8pizH6xeYmA1pyLz77tLOgIHLtpe5cXKnRQQ?key=v5nbJm3kgsqPob4nCOSU7w

আমি সেই সূত্ৰ ধৰি কী-ৱৰ্ড ছাৰ্চ কৰোতে আন এটা টুইটত এই ভিডিঅ’টো পালোঁ, য’ত সেয়া উত্তৰ গাজাস্থিত এখন ইন্দোনেছিয়ান হস্পিতালৰ ওপৰত হোৱা আক্ৰমণৰ দৃশ্য বুলি কোৱা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeRpPSSWJds5qdWLDN-R5ogtYxpMNA5UJVrnVdmtdFRgxcesXwZvfKN3g_rHwKa1CxetfITapr2qdyocn1XIvEJV0s1cXuRjyprCJQsQj56WJfRuyJbg7sZpGzM-98QU3k-Gn6uAA?key=v5nbJm3kgsqPob4nCOSU7w

ভিডিঅ’টোত আমি আল জাজিৰাৰ ল’গোটো দেখি সেই সূত্ৰত সন্ধান কৰোতো আল জাজিৰাৰ Israel is bombing hospitals in Gaza with Israeli doctors’ approval শীৰ্ষক বাতৰিটো পালোঁ। সেই বাতৰিটোত ভিডিঅ’টোৰ দৃশ্যাংশ আমি দেখা পালোঁ। তাতো আমি সেয়া দক্ষিণ গাজাত থকা এখন হস্পিতালৰ ওপৰত হোৱা আক্ৰমণ বুলি জানিবা পাৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXflUxXn533oaZ2u7cqyb22i_yZZeQ6saX9-CXeh7q4XORa11nY6lSaKD1u7uTUNTF_DgLFIYZK9ON55HLHXfWCEWVg4Y3XpFnTbhxt-3SVlmiHbB6dFJ8x2uNAEnfMPzTAX9azl?key=v5nbJm3kgsqPob4nCOSU7w

তদুপৰি আমাৰ সন্ধানত পোহৰলৈ অহা এটা ইনষ্টাগ্ৰাম পোষ্টতো সেয়া গাজাৰ এখন হস্পিতাল বুলি জানিব পৰা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeP5eBGyCe5sZoYKd_AONDE1AqHFJWtWA9rbkBPh2iPa6mf2qBYj85m7CtELUzOHuqYa-jAbZeghHCWijupq_bXrnT_DwnCAVh-yBSoF1jHfwOXgTUVzgQeFbCyuSoO_ioKzfOz0g?key=v5nbJm3kgsqPob4nCOSU7w

ইয়াৰ দ্বাৰাই স্পষ্ট হৈছে যে এয়া অপাৰেচন সিন্দূৰৰ দৃশ্য নহয়। এয়া দক্ষিণ গাজাস্থিত এখন হস্পিতালৰ ওপৰত হোৱা আক্ৰমণৰ এক পুৰণি দৃশ্যহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। এয়া অপাৰেচন সিন্দূৰৰ দৃশ্য নহয়। এয়া দক্ষিণ গাজাস্থিত এখন হস্পিতালৰ ওপৰত হোৱা আক্ৰমণৰ এক পুৰণি দৃশ্যহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩চনত গাজাত এখন হস্পিতালৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য অপাৰেচন সিন্দূৰ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *