
২৫ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া বিহাৰত বিজেপি সদস্যৰ ওপৰত শেহতীয়া আক্ৰমণৰ ঘটনা বুলি দাবী কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া প্ৰায় তিনিবছৰ পূৰ্বে ২০২২ৰ ১০ ফেব্ৰুৱাৰীত Oneindia News নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ ইউটিউৱ চেনেলত Telangana Row: TRS and BJP workers clash during Anti-Modi protest in the state শীৰ্ষক এটা ভিডিঅ’ প্ৰতিবেদন লাভ কৰিলোঁ। তাত আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটো পালোঁ। বাতৰি মতে প্ৰধানমন্ত্ৰী মোদীবিৰোধী এক প্ৰতিবাদৰ সময়ত টিআৰএছ(তেলেংগানা ৰাষ্ট্ৰ সমিতি)ৰ সদস্য আৰু বিজেপি(ভাৰতীয় জনতা পাৰ্টি)ৰ সদস্যৰ মাজত এক সংঘাত হয়। মাৰপিটৰ ঘটনা পৰ্যন্ত হয়। সেই দৃশ্যসমূহ উক্ত সংঘাতৰেই।
সমান্তৰালভাৱে একেটা দিনতে(২০২২ৰ ১০ ফেব্ৰুৱাৰীত) Times Of Indiaৰ অফিছিয়েল ফেচবুক পেজটোতো তেলেংগানাত বিজেপি আৰু টিআৰএছৰ সংঘাতৰ বাতৰিটোৰ সৈতে সেই একেটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ।
Times Of Indiaৰ ৱেবছাইটতো একেটা দিনতে BJP, TRS workers clash violently during anti-Modi protest in Telangana শীৰ্ষক বাতৰিটোত আমি সেই ঘটনাৰ সবিশেষ লাভ কৰিলোঁ আৰু লগতে তাতো সেই একেটা দৃশ্যকে ব্যৱহাৰ কৰা দেখিলোঁ।
এই বাতৰিসমূহত উল্লেখ আছিল যে ঘটনাটো তেলেংগানাৰ জনগাঁও অঞ্চলত সংঘটিত হৈছিল। আমি সেই মৰ্মে সেই স্থানখিনি জিওলোকেট কৰি চালোঁ। তেতিয়া আমি গুগল মেপত একেটা স্থান লাভ কৰিবলৈ সক্ষম হ’লোঁ। তলত একাদিক্ৰমে ঘটনা সংঘটিত হোৱা চাৰিআলিটো আৰু আমি গুগল মেপত নিশ্চিত কৰা একেটা চাৰিআলি চাব পাৰিব।
(ঘটনা সংঘটিত হোৱা চাৰিআলিটো)
(গুগল মেপত নিশ্চিত কৰা একেটা চাৰিআলি)
উল্লেখ্য যে ইউ পি এ চৰকাৰে ২০১৪ চনত কৰা অন্ধ্ৰপ্ৰদেশ বিভাজন সন্দৰ্ভত ২০২২ ফেব্ৰুৱাৰীত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া এক বক্তব্যক ধিক্কাৰ দি তেলেংগানাত প্ৰতিবাদ সাব্যস্ত হৈছিল। ৰাজ্যৰ শাসকীয় দল তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ(টিআৰএছ) কৰ্মীসকলে বিজেপিৰ কৰ্মীসকলৰ সৈতে তেলেংগানাৰ জনগাঁওত সংঘৰ্ষত লিপ্ত হৈছিল । ২০১৪ চনৰ এ পি বিভাজন বিল গৃহীত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা মন্তব্যক লৈ টি আৰ এছৰ সাংসদসকলে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিশেষাধিকাৰ প্ৰস্তাৱো আগবঢ়াইছিল।
এই তথ্যসমূহৰ পৰা প্ৰমাণিত হয় যে সেই দৃশ্যটো শেহতীয়া নহয় আৰু বিহাৰৰো নহয়। সেয়া ২০২২ চনৰ ১০ ফেব্ৰুৱাৰীত তেলেংগানাৰ জনগাঁওত বিজেপি আৰু টিআৰএছৰ মাজত হোৱা এক সংঘৰ্ষৰ দৃশ্য।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। দৃশ্যটো শেহতীয়া নহয় আৰু বিহাৰৰো নহয়। সেয়া ২০২২ চনৰ ১০ ফেব্ৰুৱাৰীত তেলেংগানাৰ জনগাঁওত বিজেপি আৰু টিআৰএছৰ মাজত হোৱা এক সংঘৰ্ষৰ দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২২চনৰ তেলেংগানাৰ দৃশ্যকে বিহাৰৰ শেহতীয়া দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
