
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ বায়ুসেনাই শেহতীয়া যুদ্ধত ইৰাণৰ যুঁজাৰু বিমান ধ্বংস কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- ইজৰাইলৰ আকাশত ইৰাণৰ ধ্বংসলীলা! আকাশতে চাৰখাৰ হ’ল শত্ৰুৰ যুঁজাৰু বিমান। ইজৰাইলী বায়ুসেনাৰ (IAF) হাতত ধৰাশায়ী ইৰাণ। নিজৰ আকাশী সীমা সুৰক্ষিত ৰাখিবলৈ ইজৰাইলে দেখুৱালে এক ভয়ংকৰ ৰূপ। ইজৰাইলৰ এই শ্ৰেষ্ঠত্বৰ ওপৰত আপোনাৰ মতামত কি?

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি যোৱা ৩০ জুলাই ২০২৫ত এই ভিডিঅ’টো ফেচবুকত আপলোড হৈ থকা দেখিলোঁ। তেতিয়াই আমি জানিলোঁ যে ভিডিঅ’টো ইৰাণ-ইজৰাইলৰ শেহতীয়া ২০২৬ৰ যুদ্ধৰ সময়ৰ নহয়।

ইয়াৰ পাছত আমি একেটা ভিডিঅ’ ইনষ্টাগ্ৰামত যোৱা ১৬ জুন ২০২৫ত আপলোড কৰি থোৱা আমি দেখিলোঁ। তাত লিখা আছিল- The moment an Iranian aircraft was intercepted.

আমাৰ পৰৱৰ্তী সন্ধানত এই ভিডিঅ’টো যোৱা ১৫ জুন ২০২৫ত thesun ৰ ইউটিউৱ চেনেলত আপলোড কৰি থোৱা দেখিলোঁ। তাত লিখা আছিল- The moment an Iranian drone was intercepted by Israeli air defences was caught on camera on Saturday (June 14) by an eyewitness on the ground in Kfar Giladi.(ইজৰাইলৰ এয়াৰ ডিফেন্সে যোৱা ১৪ জুন শনিবাৰে ইৰাণৰ এখন ড্ৰোণ ধ্বংস কৰাৰ সময়ত ফাৰ গিলাডিৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে নিজৰ কেমেৰাত বন্দী কৰিছিল।)

১৪ জুন ২০২৫ত এই ভিডিঅ’টো MEMonitor ৰ ইউটিউৱ চেনেলত আপলোড কৰি লিখিছে- The Israeli army intercepted a drone originating from Iran in the skies over the Galilee Panhandle. (ইজৰাইলৰ সেনাই ইৰাণৰ এখন ড্ৰোণ গেলিলি পেনহেণ্ডেলৰ আকাশক ধ্বংস কৰিছে।)

ইয়াৰ পৰাই আমি নিশ্চিত হওঁ যে যে অসমৰ ফেচবুক পেজটোৱে কৰা দাবীটো বিভ্ৰান্তিকৰ। ইৰাণৰ ড্ৰোণ ইজৰাইলৰ আকাশত ধ্বংস কৰা এই দৃশ্যটো শেহতীয়া ইৰাণ- ইজৰাইল যুদ্ধৰ সময়ৰ নহয়। এই দৃশ্যটো যোৱা ২০২৫ৰ জুন মাহৰে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


