পেলেষ্টাইনৰ গাজাৰ পুৰণি ভিডিঅ’কে ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ বুলি মিছাকৈ দাবী।

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বলি হোৱা কোনো শিশুৰ ক্ৰন্দনৰত ৰূপ বুলি দাবী কৰা হৈছে। লিখিছে-  এজন শিশুৰ কান্দোন আৰু এটা অনুৰোধ: “প্লিজ যুদ্ধ বন্ধ কৰক!” ইৰাণ আৰু ইজৰাইলৰ এই ভয়ংকৰ যুদ্ধৰ মাজত নিষ্পাপ শিশুসকলৰ অৱস্থা দেখিলে আপোনাৰো চকু সেমেকি উঠিব। যুদ্ধই কেৱল ধ্বংস আৰু মৃত্যুহে কঢ়িয়াই আনে। আহক, আমি সকলোৱে মিলি শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম ক্লিপটো কীঃফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি যোৱা ২৩ জুন ২০২৫ত এই ভিডিঅ’টো এটা এক্স হেণ্ডেলত আপলোড কৰি থোৱা দেখিলোঁ।  তাত লিখা আছিল- “Please Stop I’m Yusuf, i am in #Gaza. No food, no home and me like bye bye.” 

ইয়াৰ পাছত আমি একেটা ভিডিঅ’ যোৱা ১৯ জুন ২০২৫ত ফেচবুকত আপলোড কৰি থোৱাও দেখিলোঁ। তাত স্পেনিছ ভাষাত লিখা কথাখিনিৰ অৰ্থ হৈছে- “STOP THE WAR, PLEASE” – এটা শিশুৰ অনুৰোধে ছ’চিয়েল মিডিয়াক আগুৱাই লৈ গৈছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা মন চুই যোৱা ভিডিঅ’, য’ত কঁপা কঁপা মাত আৰু দুখৰ অভিব্যক্তিৰে এটি শিশুৱে বিশ্ববাসীক এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে: “ অনুগ্ৰহ কৰি যুদ্ধ বন্ধ কৰক।” হাজাৰ হাজাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এই চুটি ৰেকৰ্ডিঙে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া আৰু শান্তিৰ আহ্বানৰ ঢৌৰ সৃষ্টি কৰিছে।

আনহাতে একেটা ভিডিঅ” য়োৱা ১২ জুন ২০২৫ত আন এটা এক্স হেণ্ডেলত বুলি হেশ্বটেগ দি আপলোড কৰি থোৱা আমি দেখিলোঁ। 

ইয়াৰ পৰাই আমি নিশ্চিত হ’লোঁ যে ভিডিঅ’টো অন্ততঃ শেহতীয়া ইৰাণ-ইজৰাইলৰ যুদ্ধৰ সময়ৰ নহয়। এইটো হয়তো ২০২৫ জুন মাহৰে ভিডিঅ’। আমি লাভ কৰা তথ্যখিনিৰ ভিত্তিত এইটো পেলাষ্টাইনৰ গাজাৰ ভিডিঅ’ বুলি ধাৰণা কৰিলোঁ। 

একেধৰণে সন্ধান আগুৱাই লৈ যোৱাত আমি যোৱা ১০ জুন ২০২৫ত ইউটিউৱত আপলোড কৰা এটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টোত এই একেটি শিশুৱে একেই স্থানৰ পৰা একেই কথা কৈ থকা আমি দেখিলোঁ। এই ভিডিঅ”টোত কেৱল শিশুটিয়ে পিন্ধি থকা চোলাটো বেলেগ আছিল।

এই একেটা ভিডিঅ’ ৩ জুন ২০২৫ত ফেচবুকত আপলোড কৰি থোৱা আমি দেখিলোঁ। 

এইবাৰ আমি সেই একেটি শিশুৱে একেই স্থানৰ পৰা কান্দি কান্দি কথা কোৱা আন এটা ভিডিঅ’ পালোঁ এটা ফেচবুক একাউণ্টত। ২০২৫ৰ ২৬ জুলাইত আপলোড কৰা সেই ভিডিঅ’টোত শিশুটিয়ে এইবাৰ অন্য এটা চোলা পিন্ধি থকা আমি দেখিলোঁ। এই ভিডিঅ’টোত আৰৱীত লিখা কথাখিনিৰ অৰ্থা হৈছে- “মোৰ ভোক লাগিছে।”

এই তিনিওটা ভিডিঅ’ৰ ভিত্তিত আমি সন্ধান আগুৱাই নিয়াত আমি একেটি শিশুৱে এইবাৰ বেলেগ ৰঙৰ চোলা এটা পিন্ধি একেই স্থানৰ পৰা একেধৰণে কান্দি কান্দি কোৱা এটা ভিডিঅ’ আমি দেখিলোঁ। Please don’t skip & Share to help বুলি লিখি থোৱা এই ভিডিঅ’টোত থকা হেশ্বটেগৰ পৰা এইটো পেলেষ্টাইনৰ গাজাৰ ভিডিঅ’ বুলি জানিব পাৰিলোঁ। 

Sahar Gaza নামৰ এই ফেচবুক পেজটো আমি পৰীক্ষা কৰিলোঁ। তেতিয়া আমি তাত গাজা আৰু পেলেষ্টাইনৰ যুদ্ধাক্ৰান্ত শিশু তথা অন্য বহু লোকৰ বিভিন্ন ভিডিঅ’ লাভ কৰিলোঁ। সেই পেজটো পেলেষ্টাইনৰ গাজাৰ পৰা পৰিচালিত হয় বুলি আমি জানিব পাৰিলোঁ। তাত আৰৱী ভাষাত লিখা আছিল- أن أكون فلسطينيًا هو أعظم شرف في حياتي.هذه الصفحة غير رسمية (পেলেষ্টাইনী হোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান।এই পেজটো বেচৰকাৰী।) 

আমি পেজটো চাই থাকোতে তাত আমি সত্যতা নিৰূপণ কৰিবলৈ লোৱা ক্ৰন্দনৰত শিশুটিৰ ভিডিঅ’টো ২০২৫ৰ ৫ জুনত আপলোড কৰি থোৱা দেখিলোঁ। 

তদুপৰি আমি সন্ধানকালত লাভ কৰা শিশুটিৰ একেধৰণৰ অন্য ভিডিঅ’বোৰো পেজটোত দেখিলোঁ। সেই পোষ্টবোৰ আপোনালোকে ইয়াত আৰু ইয়াত ইয়াত চাব পাৰিব। 

এই তথ্যসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৰ পৰা কৰা দাবীটো সত্য নহয়। এই ভিডিঅ’টো ইৰাণ বা ইজৰাইলৰ নহয়, বৰং যোৱা ২০২৫ৰ মে’-জুন মাহত পেলেষ্টাইনৰ গাজাত হোৱা ধ্বংসলীলাৰ সময়ৰহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পেলেষ্টাইনৰ গাজাৰ পুৰণি ভিডিঅ’কে ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ বুলি মিছাকৈ দাবী।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *