মহাৰাষ্ট্ৰ ৰিক্সা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো এখন একনাথ সিন্দেৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে। ফটোখনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেক দেখা গৈছে এফালে আৰু আনফালে দেখা গৈছে এখন পুৰণি ফটো। সেই পুৰণি ফটোখনত এখন অটোৰিক্সাৰ সমুখত এজন লোক থিয় হৈ আছে আৰু সেই লোকজনেই একনাথ সিন্দে বুলি দাবী কৰা হৈছে। দাবী মতে সেইখন একনাথ সিন্দেৰ পুৰণি ফটো। 

আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো একেই দাবীৰে ফটোখন প্ৰেৰণ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdL--WMEF6UpigBsGcbdMSF5na4U-1_qtvN1gtKIXqc-oT4mP_C7JcM2cTiDrt7RG35e1qZTUnnKeDHGmVOPfI2XP65i-mwz5SHFnQwEx0zQQk0zQ4sCfzQnsteKLesUngFbtG-4g?key=0sn5tm3TvT1kGTXcMPA2sncl

Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি এটা ফেচবুক পোষ্ট পালোঁ। महाराष्ट्र रिक्षा पंचायत पुणे নামৰ ফেচবুক একাউণ্টটোত ২০২২ চনৰ ২২ জুলাইত আপলোড কৰা হৈছিল সেই ফটোখন। ফটোখনত লিখা হৈছে যে সেইগৰাকী ব্যক্তি হৈছে য়ে তেওঁ মহাৰাষ্ট্ৰ ৰিক্সা পঞ্চায়তৰ প্ৰতিষ্ঠাপক সভাপতি বাবা কাম্বলে। ১৯৯৭ চনত ৰিক্সা চলাই থকা অৱস্থাত ৰিক্সা চলাই কঠোৰ পৰিশ্ৰমী নেতাগৰাকীৰ ফটো। পিমপ্ৰি ৰাত্ৰাণী ৰিক্সা ষ্টেণ্ডত শ্ৰাৱণৰ সময়ত ৰিক্সা পূজা কৰি থাকোঁতে তোলা ফটো সেইখন।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXem_b8iBMlXHjbWNSyBXjKQXw7m3u3ogjC3MmnQ4W52eWFdiuQNBHdjmhhvjWZ0CMW52YTHuVP-RZXg0N7pEcVVRxFKAhJ1EaOU_YOulkCgtmRh04GCID8kEZU7KA_IvNwXKp2gYA?key=0sn5tm3TvT1kGTXcMPA2sncl

ফটোখনত আমি মন কৰিছিলোঁ যে অটোৰিক্সাখনৰ নম্বৰ হৈছে ‘MH 14 8172’। সেই নম্বৰৰ আঁত ধৰি আমি  RTO vehicle registration details ত সন্ধান কৰি চাওতে সেয়া মহাৰাষ্ট্ৰৰ পুনেৰ পিমপ্ৰী ছিনশ্বাদ অঞ্চলৰ পঞ্জীয়ন নম্বৰ বুলি নিশ্চিত হ’লোঁ। কিন্তু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ঘৰ প্ৰকৃততে থানেতহে হয়। 

তদুপৰি আমি এই ফটোখন একনাথ সিন্দেৰ ফটো বুলি দাবী কৰি ভাইৰেল কৰা সন্দৰ্ভত বাবা কাম্বলেই সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যৰ ভিডিঅ’ এটাও পালোঁ। সেই ভিডিঅ”টোত বাবা কাম্বলেই উল্লেখ কৰিছে যে সেই ফটোখন তেওঁৰ এখন পুৰণি ফটোহে, মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ফটো নহয়। 

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে অসমৰ হোৱাটছএপত বিয়পি পৰা দাবীটো সত্য নহয়। অটোৰিক্সাৰ সমুখত থিয় হৈ থকা লোকজন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নহয়। সেইখন মহাৰাষ্ট্ৰ ৰিস্কা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। অটোৰিক্সাৰ সমুখত থিয় হৈ থকা লোকজন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নহয়। সেইখন মহাৰাষ্ট্ৰ ৰিস্কা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহাৰাষ্ট্ৰ ৰিক্সা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো এখন একনাথ সিন্দেৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *