Toyota Aygo X নামৰ গাড়ীখনৰ ফটোকে নতুন TATA NANO বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰা হৈছে আৰু ফটোখনত লিখা হৈছে- নতুন ৰূপত বজাৰলৈ আহিব টাটা নেন’। ২ লাখ ৩০ হাজাৰ টকাত উপলব্ধ হ’ব বাহনখন। ফটোখনত এখন বাহন দেখা গৈছে। সেই ফেচবুক পোষ্টটোত দেখুওৱা বাহনখন নতুনকৈ আহিবলগীয়া টাটা নেন’ বুলি দাবী কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc5ZlvU9RaP-mAcHOCabFOAenv5mWtzF8gpkGs1oZY-PFNO4iCre_ba7mxNbQ1reWxSy5a0PusG4aG8vrO1_uSsRJoOkjw0A7EbjpgLCacMHiX_TOrEKfaVBimx7pDWF1ZJQSgRvA?key=-WcIzWOolytfe__7uwp4FKiv

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি এটা ৱেবছাইটত সেই ফটোখন পালোঁ। কিন্তু সেই গাড়ীখনৰ ল’গোটো আছিল Toyotaৰ আৰু গাড়ীখনৰ নাম Aygo Xবুলি জানিব পাৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfper9zsXRhIsBHYssOBBkal36b8d8Tm2jbthtFFOxlpjDVVhcM74oBG0Hd7KObKKBtB83lGGLr2n_E-iH33grtjoYjyULptioRnMsuRnWfW8plUrM5DSHAK4lV1yKmSbgJ7wr-?key=-WcIzWOolytfe__7uwp4FKiv

অসমৰ ফেচবুক পেজটোৱে প্ৰচাৰ কৰা গাড়ীখনৰ ফটোখন আৰু আমি লাভ কৰা ফটোখনৰ তুলনা তলত দিয়া হৈছে। দুয়োখন গাড়ীৰ মাজত যথেষ্ট সাদৃশ্য আছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcaQPy-JDsyiBsO_do35mMizymLgW0mns_A2iGHN515Uf0zQzvrXWw3y24SnvVQKAsdNed9hVYR48C79GnJakZ9WKOhJxkm2xGyE749COwV8k-mor9t9N8xLwdW-niiXmGDbvWi?key=-WcIzWOolytfe__7uwp4FKiv

Archived Link

ইয়াৰ আঁত ধৰি আমি প্ৰাসংগিক কিছু কী-ৱৰ্ড লৈ সন্ধান কৰিলোঁ আৰু তেতিয়া নামৰ “auto.cz” ৱেবছাইটত আমি “Toyota Aygo X has finally arrived in Prague.What new did we learn?”শীৰ্ষক এক লেখা পালোঁ। সেই লেখাটোত আমি অসমত প্ৰচাৰিত ফটোখনৰ সৈতে মিল থকা ফটো এখন পালোঁ। তাত লিখা আছিল যে ছেক গণৰাজ্যত Toyota Aygo X নামৰ গাড়ীখন মুকলি কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd-4O3xXyJHNv_imh-FaPrWrLHxwZBG-ha5JS_0esfH_Qv0c_Clf92h5L7G7BahRSmYnmwjMVqmaAmC7GsyXmONN-islMQ2VRfg0shLbEi5sscsZ8P0WjomhqnRW4Ze9n4hfZDZjg?key=-WcIzWOolytfe__7uwp4FKiv

Archived Link.

ইয়াৰ পাছত আমি Toyota UK Magazine নামৰ ৱেবছাইটটোত Toyota Aygo X নামৰ গাড়ীখনৰ সবিশেষ তথ্য লাভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfcIuEf7eNY0wtE2ss2OhoDhN42fU3o1DRFgWGCbaZZWF3VhIJa7t3P2w4ydqfcFd45b7HDffRSD37K-WLqucX3Kd-6vAH3bSTxljeyP4MDTN8IKvR7kShJCykG5SA30NzWJY8qQQ?key=-WcIzWOolytfe__7uwp4FKiv

Archived Link.

Toyota Aygo X হৈছে ২০২২ চনৰ পৰা কোম্পানীটোৱে ইউৰোপৰ বজাৰৰ বাবে নিৰ্মাণ কৰি অহা এখন ৫খন দুৱাৰযুক্ত হেট্ছবেক গাড়ী। ছেক গণৰাজ্যৰ কলিনত থকা প্ৰকল্পত এই গাড়ীখন নিৰ্মাণ কৰা হৈছে। ই ২০০৫ৰ পৰা ২০২২লৈ প্ৰচলিত Aygo নামৰ গাড়ীখনক এই নতুন গাড়ীখনে স্থলাভিষিক্ত কৰিছে। 

Toyota Aygo Xৰ বিশেষত্বসমুহক লৈ প্ৰস্তুত কৰা এটা ভিডিঅ’ আমি ইউটিউৱত লাভ কৰিলোঁ। 

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৱে টাট নেন’ বুলি দাবী কৰা ফটোখন প্ৰকৃততে Toyota Aygo X নামৰ গাড়ীখনৰহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। টাট নেন’ বুলি দাবী কৰা ফটোখন প্ৰকৃততে Toyota Aygo X নামৰ গাড়ীখনৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:Toyota Aygo X নামৰ গাড়ীখনৰ ফটোকে নতুন TATA NANO বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *