
শেহতীয়াভাবে অসমৰ ফেচবুকত এখন চলন্ত ক্ৰিকেট খেলৰ এটা দৃশ্য আপলোড কৰি প্ৰচাৰ কৰা হৈছে যে নিউজিলেণ্ডৰ সৈতে পাকিস্তানে খেলি থকা সময়ত পাকিস্তানৰ ষ্টেডিয়ামত কাৰেণ্ট গুছি গৈছিল। একাধিক ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো আপলোড কৰি সেয়া পাকিস্তানৰ কোনো ষ্টেডিয়ামত হোৱা ঘটনা বুলি দাবী কৰিছিল।
আন এক ব্যৱহাৰকাৰীয়েও সেইদৰেই দাবী উত্থাপন কৰিছিল।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু ফলত ২০২৫ চনৰ ৫ এপ্ৰিলত আপলোড কৰা এটা টুইট পালোঁ। তাত সেই ভিডিঅ’টো নিউজিলেণ্ডৰ অ’ভেলত পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ সময়ত লাইট বন্ধ হৈ যোৱাৰ কথা কোৱা হৈছিল। কেপছনত লিখা হৈছে, “নিউজিলেণ্ড বনাম পাকিস্তানৰ মেচৰ সময়ত বে অ’ভেলত অস্বাভাৱিক ব্লেকআউট! জেকব ডাফীয়ে তায়াব তাহিৰক বলিং কৰিবলৈ ওলোৱাৰ লগে লগে ষ্টেডিয়ামৰ লাইট নুমাই গ’ল। ফলত খেলখন কিছু সময়ৰ বাবে বন্ধ হৈ গ’ল”।
ইয়াৰ পাছত আমি এই সন্দৰ্ভত ৬ এপ্ৰিল, ২০২৫ তাৰিখে প্ৰকাশ পোৱা এনডিটিভিৰ এক প্ৰতিবেদন পাইছিলোঁ। প্ৰতিবেদনত কোৱা হৈছে, “মাউণ্ট মাউংগানুইৰ বে অ’ভেলত পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়াত এক সমস্যাৰ সন্মুখীন হৈছিল।পাকিস্তানৰ বেটিং ইনিংছৰ ৩৯ নং অভাৰত ষ্টেডিয়ামত ব্যাপক বিদ্যুৎ বিকল হৈ পৰিছিল। ফলত সকলো ফ্লাডলাইট তৎক্ষণাত বন্ধ হৈ গৈছিল”।
ওপৰোক্ত ভিডিঅ’ আৰু তথ্যসহ আমি আন আন বাতৰিও পাইছিলোঁ। সেই বাতৰি ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
একেটা ভাইৰেল ভিডিঅ’ ২০২৫ চনৰ ৫ এপ্ৰিলত আপলোড কৰা এ স্প’ৰ্টছৰ ইউটিউব নিউজ ৰিপ’ৰ্টত প্ৰকাশ পাইছিল। যাৰ শিৰোনাম আছিল “পাকিস্তান বনাম নিউজিলেণ্ডৰ মেচৰ সময়ত ফ্লাডলাইট বিকল।” এই প্ৰতিবেদনত এইটোও স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই কাণ্ড সংঘটিত হৈছে নিউজিলেণ্ডৰ বে অ’ভেল ষ্টেডিয়ামত।
এই তথ্যসমুহৰ পৰা আমি নিশ্চিত হৈছোঁ যে ষ্টেডিয়ামৰ লাইট বন্ধ হৈ যোৱা ঘটনাটো পাকিস্তানত নহয়, নিউজিলেণ্ডৰ বে অ’ভেল ষ্টেডিয়ামতহে সংঘটিত হৈছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। প্ৰকৃততে এই ঘটনাটো সংঘটিত হৈছিল নিউজিলেণ্ডৰ বে অ’ভেল ষ্টেডিয়ামত, পাকিস্তানত নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: নিউজিলেণ্ডৰ বে অ’ভেল ষ্টেডিয়ামৰ ঘটনা এটা পাকিস্তানৰ বুলি বিভ্ৰান্তিৰে প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Misleading
