ভাৰত-পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত ডনাল্ড ট্ৰাম্পৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।   

Misleading Social

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা বাতৰি সম্প্ৰচাৰ কৰা হৈছে। বাতৰিটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া এক বক্তব্যক লৈ কৰা হৈছে। বাতৰিটোত কোৱা হৈছে যে ট্ৰাম্পে যোৱা ২৫ ফেব্ৰুৱাৰী ২০২৫ত ষ্টেট অৱ দ্য ইউনিয়নৰ বাৰ্ষিক ভাষণত ট্ৰাম্পে কৰা কেইটামান মন্তব্যৰ কথা প্ৰকাশ কৰা হৈছে। কোৱা হৈছে যে ট্ৰাম্পে ভাষণত কৈছিল- “মই নাথাকিলে পৰমাণু যুদ্ধত জৰিত হ’লহেঁতেন ভাৰত-পাকিস্তান। এই যুদ্ধত মৰিলহেঁতেন চাৰে তিনি কোটি মানুহ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীও আনকি নিহত হ’লহেঁতেন।” এই ভাষণটোত ট্ৰাম্পে তেওঁৰ ১০ মহীয়া কাৰ্যকালত ৮খন যুদ্ধ বন্ধ কৰাৰ দাবী কৰে। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি বাতৰিটোত সংলগ্ন কৰা ট্ৰাম্পৰ ভাষণৰ কিয়দংশ ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। আমি সেই অংশটোত ট্ৰাম্পে এইবুলি কোৱা শুনিলোঁ- “My first 10 months, I ended eight wars, including Cambodia, isn’t it funny? Sick people… Cambodia and Thailand… Pakistan and India, would’ve been a nuclear war … 35 billion people, said the Prime Minister of Pakistan, would’ve died if it were not for my involvement.” যাৰ অৰ্থ হৈছে- “মোৰ প্ৰথম ১০ মাহত মই কম্বোডিয়াকে ধৰি আঠখন যুদ্ধৰ অন্ত পেলাইছোঁ, এয়া হাস্যকৰ নহয়নে? অসুখী মানুহ… কম্বোডিয়া আৰু থাইলেণ্ড। পাকিস্তান আৰু ভাৰতৰ পাৰমাণৱিক যুদ্ধ হ’লহেঁতেন। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয়, মই জড়িত নহ’লে ৩৫ বিলিয়ন লোকৰ মৃত্যু হ’লহেঁতেন ।” 

অৰ্থাত ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি হে কথাখিনি কৈছিল। 

আমি দ্য হোৱাইট হাউচৰ অফিচিয়েল এক্স হেণ্ডেলটোত তেওঁৰ সেই সম্পূৰ্ণ ভাষণটো পালোঁ। তাত ১ ঘণ্টা ৩১ মিনিট ৪৯ চেকেণ্ডত আমি ট্ৰাম্পৰ এই কথাখিনি শুনিবলৈ পাওঁ। তলত সেই সম্পূৰ্ণ ভিডিঅ’টো সংলগ্ন কৰা হৈছে।

এই সম্পৰ্কে আৰু অধিক তথ্য সন্ধান কৰোতে আমি পালোঁ যে ডনাল্ড ট্ৰাম্পে যোৱা ১৯ ফেব্ৰুৱাৰী ২০২৬ত ব’ৰ্ড অৱ পীছ ইভেণ্টতো ২০২৫ৰ মে’ত হোৱা ভাৰত-পাকিস্তান যুদ্ধ সম্পৰ্কে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে একেধৰণে কোৱা বুলি ভাষণত উল্লেখ কৰিছিল। তেওঁ কৈছিল- “He (the Pakistan prime minister) said in front of our Chief of Staff that President Trump saved 25 million lives when he stopped the war between us and India,” ইয়াৰ অৰ্থ- তেওঁ(পাকিস্তানৰ প্ৰধানমন্ত্ৰী) আমাৰ চীফ অৱ ষ্টাফৰ আগত কৈছিল যে ৰাষ্ট্ৰপতি ট্ৰাম্পে আমাৰ আৰু ভাৰতৰ মাজৰ যুদ্ধ বন্ধ কৰি ২৫ মিলিয়ন লোকৰ প্ৰাণ ৰক্ষা কৰিছিল। দ্য হোৱাইট হাউচৰ অফিচিয়েল ইউটিউৱ চেনেলটোত আমি সেই ভিডিঅ’টো পালোঁ। তাৰে ১৪ মিনিত ৫৩ চেকেণ্ডৰ পৰা সেই কথাখিনি শুনিব পৰা যায়। সেই ভিডিঅ’টো তলত সংলগ্ন কৰি দিয়া হৈছে।

 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিজৰ শেহতীয়া ভাষণত পাকিস্তানৰ প্ৰধানমন্ত্ৰীও আনকি নিহত হ’লহেঁতেন বুলি কৰা দাবীটো বিভ্ৰান্তিকৰ। আচলতে তেওঁ কৈছিল যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পে যুদ্ধ বন্ধ নকৰা হ’লে চাৰে তিনি কোটি মানুহৰ প্ৰাণ হানি হ’লহেঁতেন বুলিহে কৈছিল। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। আচলতে তেওঁ কৈছিল যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পে যুদ্ধ বন্ধ নকৰা হ’লে চাৰে তিনি কোটি মানুহৰ প্ৰাণ হানি হ’লহেঁতেন বুলিহে কৈছিল। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰত-পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত ডনাল্ড ট্ৰাম্পৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

Fact Check By:  Fact Crescendo Team 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *