৫০ বছৰীয়া পিতৃৰ সৈতে ২৩ বছৰীয়া কন্যাই  বিবাহপাশত আৱদ্ধ হোৱা দাবীটো বিভ্ৰান্তিকৰ। ই সত্য নহয়।

Misleading Social

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন ফটো বিয়পি পৰিছে। ফটোখনত এগৰাকী ব্যক্তিৰে সৈতে শিৰত সেন্দুৰ লৈ থকা এগৰাকী যুৱতীক দেখা গৈছে। ফটোখনৰ ওপৰত হিন্দী ভাষাত লিখা হৈছে যে ৫০বছৰীয়া পিতৃৰ সৈতে হিন্দু ৰীতি-নীতিমতে বিবাহপাশত আৱদ্ধ হৈছে এগৰাকী ২৩বছৰীয়া যুৱতী।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdlLYiMeFy-3xMMv8xUgGxLTuZk0eUNbFsWOvxpIJUrmSnHEbr-osm0UNV-us5o2UjwlJphDgSi792PajWO0VLCTRgprGuPiexcAdxYMGJ1qdhOzm7iR6YO13sMaEnQHho-0DyTtA?key=rqn4runC1BjZ_P7Hds6lW64P

Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি ৰয়েল টাইগাৰ নামৰ ইউটিউব চেনেল এটা লিংক পালোঁ। আমি দেখিলোঁ যে তাত ২০২৪ চনৰ ২ নৱেম্বৰত আপলোড কৰা এটা ভিডিঅ’ৰ সৈতে এই ভাইৰেল ফটোখনৰ মিল আছে। সাত মিনিটৰ এই ভিডিঅ’টোত দেখা গৈছে যে যুৱতীগৰাকী আৰু পুৰুষজন কেইজনমান মানুহৰ মুখামুখি হৈছে। প্ৰথম অৱস্থাত যুৱতীগৰাকীয়ে পুৰুষজনক তেওঁৰ পিতৃ বুলি দাবী কৰিছে যদিও পাছত স্পষ্ট কৰে যে পুৰুষজন তেওঁৰ শহুৰেক আৰু তেওঁৰ স্বামী আন ঠাইত থকাৰ বাবেই তেওঁলোকৰ বিয়া হৈছিল। সেই ফটোখনত থকা যুৱতীগৰাকী আৰু পুৰুষজনেই ভিডিঅ’ত দেখা লোকদুজন বুলি আমি নিশ্চিত হ’লোঁ। 

আমি দেখিলোঁ যে ভিডিঅ’টোৰ ০:৪৭ টাইমষ্টেম্পত থকা ডিচক্লেইমাৰে স্পষ্ট কৰি দিছে যে সেই ভিডিঅ’টো কেৱল মনোৰঞ্জনৰ বাবেহে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ভিডিঅ’টোত দেখুওৱা ঘটনাটো কাল্পনিক আৰু চিত্ৰনাট্যযুক্ত। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfoPwG7STj9lNlFBtbj65i8De6RqAFW62iEHs3krAapiGs6P9TrKS1LxqP-zF8zfQTNSdlS0mbJjZvsSpZtsEPnp8WxugdivG3dgAjuIKkvJeUQaCtr7bjEqxgHmaFbsCcHcQfqig?key=rqn4runC1BjZ_P7Hds6lW64P

ইউটিউব চেনেলটো ভালদৰে পৰীক্ষা কৰি আমি দেখিলোঁ যে যুৱতীগৰাকীৰ লগত থকা মানুহজনক চেনেলটোত আপলোড কৰা আন এটা ভিডিঅ’তো ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা দেখা গৈছে আৰু চেনেলটোৱে মূলতঃ চিত্ৰনাট্যযুক্ত বিষয়বস্তু পৰিবেশন কৰে। ভিডিঅ’টোত উল্লেখ কৰা পুৰুষ আৰু মহিলাগৰাকীয়ে আন কেইবাটাও চিত্ৰনাট্যযুক্ত ভিডিঅ’তো অভিনয় কৰা দেখা গৈছে। এনে চিত্ৰনাট্যযুক্ত ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো বাস্তৱ নহয় বৰঞ্চ চিত্ৰনাট্যযুক্ত। গতিকে অসমৰ হোৱাটছএপত বিয়পি পৰা ফটোখন আৰু দাবীটো সত্য নহয়।

আমি লগতে দেখিলোঁ যে সেই ইউটিউব চেনেলটো অংকিতা কৰোটীয়া নামৰ এটা ইনষ্টাগ্ৰাম হেণ্ডেলৰ সৈতে লিংক কৰা হৈছে। তাত আমি দেখিলোঁ যে তেওঁ নিজৰ বায়’ত নিজকে দিল্লীৰ ভিডিঅ’ ক্ৰিয়েটৰ আৰু প্ৰেংকষ্টাৰ বুলি বৰ্ণনা কৰিছে।

অধিক সন্ধান কৰি আমি দেখিলোঁ যে একেটা ভাইৰেল ভিডিঅ’ ২০২৪ চনৰ ২ নৱেম্বৰত অংকিতা কাৰোটিয়া নামৰ ফেচবুক পেজতো আপলোড কৰা হৈছিল।ফেচবুকত অংকিতা কৰোতিয়াই নিজকে ডিজিটেল ক্ৰিয়েটৰ আৰু অভিনেতা বুলি অভিহিত কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXch9rNi2ClGFkbv5iYbwHpYWRvHLrB_eXupWUuu1Wbt1hhEvKGIVN2APnIbsZml04Z-N2m8FE99S0iC4XBcUIGCvWFK0YoUwP8K24CQsXAmoZyhnrS1UgOf0Wf10OkgmaYQNrBD?key=rqn4runC1BjZ_P7Hds6lW64P

ভিডিঅ’টোৰ বিষয়ে অধিক তথ্যৰ বাবে আমাৰ ফালৰ পৰা অংকিতা কৰোতিয়াৰ সৈতে যোগাযোগ কৰা হৈছে। সঁহাৰি পোৱাৰ লগে লগে কাহিনীটো আপডেট কৰা হ’ব।

সম্প্ৰতি এই তথ্যলানিৰ পৰা এই কথা স্পষ্ট যে যিখন ফটোৰে এই দুই পুৰুষ মহিলা পিতৃ-কন্য আৰু পৰস্পৰৰ মাজত বিবাহপাশত আৱদ্ধ হোৱা বুলি দাবী কৰা হৈছে, সেই দাবী অসত্য। সেয়া মনোৰঞ্জনৰ বাবে প্ৰস্তুত কৰা চিত্ৰনাট্যযুক্ত এটা ভিডিঅ’ৰ এক কিয়দংশহে, বাস্তৱত তেওঁলোক পিতৃ-কন্যা নহয়। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। সেয়া মনোৰঞ্জনৰ বাবে প্ৰস্তুত কৰা চিত্ৰনাট্যযুক্ত এটা ভিডিঅ’ৰ এক কিয়দংশহে, বাস্তৱত তেওঁলোক পিতৃ-কন্যা নহয়। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:৫০ বছৰীয়া পিতৃৰ সৈতে ২৩ বছৰীয়া কন্যাই বিবাহপাশত আৱদ্ধ হোৱা দাবীটো বিভ্ৰান্তিকৰ। ই সত্য নহয়।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *