
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুত্তলিকাত মৰিয়াই আছে। দাবী কৰা হৈছে যে এপষ্টিন ফাইলছ প্ৰকাশৰ পাছতেই ট্ৰাম্পৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#এপষ্টেইন_ফাইল-ত #ট্ৰাম্পৰ নাম প্ৰকাশ পোৱাৰ পিছত ট্ৰাম্পৰ বিৰোধিতা বাঢ়িছে..!!”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৫ চনৰ ২০ অক্টোবৰত আপলোড হোৱা দেখিলোঁ।

কেপশ্বন অনুসৰি ভিডিঅ’টো ২০২৫ চনৰ অক্টোবৰ মাহত চিকাগোত হোৱা “No Kings Protest”ৰ সময়ৰ।
https://www.instagram.com/reel/DQBpB6ukjsd
আমি পুনৰ অনুসন্ধান কৰি ষ্টক ইমেজ ৱেবছাইট Getty Images ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা এখন ফটো পালোঁ। বিৱৰণ অনুসৰি সেয়া ২০২৫ চনৰ ১৮ অক্টোবৰত চিকাগোত অনুষ্ঠিত “No Kings Protest”ৰ সময়ৰ দৃশ্য।

একেধৰণৰ বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু এপষ্টিন ফাইলছৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো প্ৰসংগ সংগতিহীন। দাবী কৰা ধৰণে ভিডিঅ’টো এপষ্টিন ফাইলছ প্ৰকাশৰ পাছতেই ট্ৰাম্পৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৃশ্যৰ নহয়। এই ভিডিঅ’টো ২০২৫ চনৰ অক্টোবৰ মাহত চিকাগোত অনুষ্ঠিত “No Kings Protest” ৰ সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এপষ্টিন ফাইলছ প্ৰকাশৰ পাছত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৃশ্যৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo TeamResult: Misleading


