
শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে অগ্নিসংযোগ কৰি আক্ৰমণ কৰিছে। ভিডিঅ’টোত অগ্নিকাণ্ডৰ দৃশ্য দেখা গৈছে। ছাৰমিনাৰৰ সমীপত এই অগ্নিকাণ্ড দেখা গৈছে ভিডিঅ’টোত। পোষ্টটোত লিখা হৈছে- মুছলমানে #ভাগ্যলক্ষ্মী_মন্দিৰত অগ্নিসংযোগ কৰি আক্ৰমণ কৰিলে … হায়দৰাবাদত। #মিলাদ_নবী নে কিবা দিন উদযাপনৰ আনন্দ কৰিবলৈ #হিন্দুৰ_মন্দিৰ_আক্ৰমণ
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক ইউটিউৱ লিংক লাভ কৰিলোঁ। Siasat Daily ৰ ইউটিউৱ চেনেলত Mild Tension at Charminar during Milad un Nabi Procession | Hyderabad শীৰ্ষক এক ভিডিঅ’ প্ৰতিবেদন লাভ কৰিলোঁ। তাত সবিস্তাৰে উল্লেখ কৰা হৈছে যে মিলাড-উন-নবী নামৰ ইছলাম ধৰ্মী লোকসকৰ এক অনুষ্ঠানত ডিজে আৰু চাউণ্ড চিষ্টেমত অগ্নিসংযোগ ঘটে। ফলত সেই স্থানত এক হুলস্থুলীয়া পৰিবেশৰ সূচনা হয়। আৰক্ষীয়ে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।
ইয়াৰ পাছত আমি আন এটা ইউটিউৱ ভিডিঅ’ লাভ কৰিলোঁ। Running DJ caught fire during milad un Nabi celebration in frount of charminar dj ma lagi aag hyd শীৰ্ষক ভিডিঅ’টোত উল্লেখ কৰা হৈছে যে ডিজে আৰু চাউণ্ড চিষ্টেমত জুই লাগি যোৱাৰ ফলত সেই পৰিস্থিতিৰ উদ্ভৱ হয় আৰু সেই দৃশ্য উল্লিখিত ঘটনাটোৰে হয়। তদুপৰি NNC NEWSৰ A fire broke out at #Charminar during a Milad-un-Nabi rally on Thursday night None hurt শীৰ্ষক ভিডিঅ’টোতো চাউণ্ড চিষ্টেমত জুই লগাৰ কথাটোকে উল্লেখ কৰা হৈছে।
আমি হায়দৰাবাদৰ পুলিচ কমিছনাৰ চি.ভি.আনন্দে সংবাদ মাধ্যমক উদ্দেশ্যি দিয়া মন্তব্যৰ সহিতে কৰা এটা টুইট লাভ কৰিলোঁ। তাত তেওঁ সকলো অনুষ্ঠান শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ কথা উল্লেখ কৰিছে। ভাগ্যলক্ষ্মী মন্দিৰত অগ্নিসংযোগৰ কথা কমিছনাৰৰ মন্তব্যত উল্লেখ নাই।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক একাউণ্টটোৰ পৰা কৰা দাবীটো সত্য নহয়। হায়দৰাবাদৰ ছাৰমিনাৰৰ সমীপত মিলাড-উন-নবী অনুষ্ঠানত ব্যৱহৃত ডিজে চাউণ্ড চিষ্টেমত দুৰ্ঘটনাবসতঃ অগ্নিসংযোগ ঘটে আৰু কিছু উদ্বিগ্নতাৰ পৰিবেশ সৃষ্টি হয়। সেয়া ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানৰ আক্ৰমণ নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। হায়দৰাবাদৰ ছাৰমিনাৰৰ সমীপত মিলাড-উন-নবী অনুষ্ঠানত ব্যৱহৃত ডিজে চাউণ্ড চিষ্টেমত দুৰ্ঘটনাবসতঃ অগ্নিসংযোগ ঘটে আৰু কিছু উদ্বিগ্নতাৰ পৰিবেশ সৃষ্টি হয়। সেয়া ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানৰ আক্ৰমণ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে আক্ৰমণ কৰি জুই লগাই দিয়া নাই। দাবীটো মিছা।
Fact Check By: Pranjal SharmaResult: False
