শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এগৰাকী যুৱতীৰ আপত্তিজনক ফটো কিছুমান ভাইৰেল হৈছিল। দাবী কৰা হৈছিল যে যুৱতীগৰাকী অসমৰ আৰু তেওঁৰ নাম অৰ্চিতা ফুকন, যিয়ে শেহতীয়াকৈ প’ৰ্ণ জগতত পদাৰ্পন কৰিছে। এই যুৱতীগৰাকীৰ বিভিন্ন ফটো তথা ভিডিঅ’ বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ব্যাপকভাৱে শ্বেয়াৰ কৰাৰ উপৰিও অসমৰ বিভিন্ন প’ৰ্টেলত অসমৰ যুৱতীৰ প’ৰ্ণ জগতত পদাৰ্পন সম্পৰ্কে বাতৰি পৰিৱেশন পৰ্যন্ত কৰা হয়। কিন্তু, যোৱা ১২ জুলাইত ডিব্ৰুগড়ৰ এগৰাকী মহিলাৰ পৰিয়ালে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰাৰ পাছতেই এই ঘটনাৰ অন্য এটি দিশ ওলাই পৰে। ডিব্ৰুগড় আৰক্ষীক মহিলাগৰাকীৰ পৰিয়ালে জনায় যে অৰ্চিতা ফুকন নামৰ যিগৰাকী যুৱতীৰ ফটো তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, সেয়া হৈছে ডিব্ৰুগড়ৰ সেই মহিলাগৰাকীৰ বিকৃত কৰা ফটো। ডিব্ৰুগড় আৰক্ষীয়ে এক সংবাদমেলত কয় যে যিবোৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট। প্ৰীতম বৰা নামৰ এজন ব্যক্তিয়ে ব্যক্তিগত আক্ৰোশ পূৰাবলৈ মহিলাগৰাকীৰ ফটো এইদৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বিকৃত কৰিছিল। ডিব্ৰুগড় আৰক্ষীয়ে প্ৰীতম বৰাক গ্ৰেপ্তাৰ কৰে আৰু বিভিন্ন সম্পত্তি যেনে লেপটপ, ম’বাইল ফোন, হাৰ্ড ডিস্ক, চিম কাৰ্ড ইত্যাদি জব্দ কৰে। আৰক্ষীয়ে উল্লেখ কৰে যে প্ৰথমে যদিও প্ৰীতম বৰাই ব্যক্তিগত আক্ৰোশৰ বাবে এই কাম কৰিছিল, তেওঁ সেই ফটো আৰু ভিডিঅ’সমূহ পৰ্ণ চাইটত আপলোড কৰি বৰ্তমানমানলৈ প্ৰায় দহ লাখ টকা উপাৰ্জন কৰিছে। টকা উপাৰ্জন কৰাৰ পাছৰে পৰা তেওঁ লোভৰ বশৱৰ্তী হৈ এই কাম চলাই গৈ থাকে।
অৰ্চিতা ফুকনৰ এই ঘটনাই কৃত্ৰিম বুদ্ধিমত্তাৰ ভয়াবহতাৰ দিশটো উদঙাই তুলিছে।
বিগত সময়চোৱাত কৃত্ৰিম বুদ্ধিমত্তা বিকশিত প্ৰযুক্তিৰ এক উল্লেখযোগ্য অংশ হৈ পৰিছে। কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ ভুল হ্ৰাস, সময় ৰাহি, নিৰপেক্ষ সিদ্ধান্ত লোৱা, পুনৰাবৃত্তিমূলক কাম স্বয়ংক্ৰিয় কৰি, কাৰ্য্যকৰী দক্ষতা বৃদ্ধি, বৃহৎ পৰিমাণৰ তথ্য প্ৰক্ৰিয়াকৰণ আৰু গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰি মানৱ জাতিক উপকৃত কৰিছে।
কিন্তু, এআইয়ে নিয়োগ (Employment) হ্ৰাস কৰিছে। তদুপৰি গোপনীয়তা আৰু ডাটা সুৰক্ষাৰ ক্ষেত্ৰত এই আইৰ ব্যৱহাৰ চিন্তনীয়। ইয়াক হানি কৰিবলৈ প্ৰগ্ৰেম কৰিব পাৰি, ই সমালোচনাত্মক চিন্তাশীল ক্ষমতা হ্ৰাস কৰিব পাৰে।
ছ’চিয়েল মিডিয়াৰ এক বিপদজনক বিষয় হৈছে ডিপফেক (Deepfake)। ডিপফেক হৈছে কোনো সম্পাদিত ভিডিঅ’, অডিঅ’ অথবা ফটো, যিবোৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সৃষ্টি কৰা হয়। কৃত্ৰিম বুদ্ধিমত্তাৰে এজন ব্যক্তিৰ চেহেৰা বা কণ্ঠ আন এজনৰ লগত সলনি কৰা হয়, অথবা কোনো এজন ব্যক্তিৰ কণ্ঠস্বৰ কৃত্ৰিমভাৱে সৃষ্টি কৰি সেই ব্যক্তিজনে প্ৰকৃততে নকৰা কাম কৰা অথবা কোনো কথা কোৱা বুলি দেখুওৱা হয়। ডিপফেক মানে বাস্তৱ জীৱনত কোনো অস্তিত্ব নথকা কম্পিউটাৰৰ দ্বাৰা সৃষ্টি কৰা বিষয়বস্তুকো বুজোৱা হয়।
ৰেডিট, ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ কিছুমান ব্যৱহাৰকাৰীয়ে এআইৰ দ্বাৰা সৃষ্টি কৰা ছবিক ব্যংগ বিষয়বস্তু হিচাপে ব্যৱহাৰ কৰি আছে, যিটো অৱশেষত বাস্তৱ হিচাপে ভাইৰেল হৈ পৰে। অসমত শেহতীয়াকৈ ঘটা অৰ্চিতা ফুকনৰ ভাইৰেল ফটো-ভিডিঅ’ৰ ঘটনা ইয়াৰ এক জ্বলন্ত উদাহৰণ।
যদিও কৃত্ৰিম বুদ্ধিমত্তা বহু উন্নত হৈছে, এতিয়াও ভালদৰে লক্ষ্য কৰিলে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’, ফটো ইত্যাদি চিনাক্ত কৰিব পাৰি। বিভিন্ন সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ফটো-ভিডিঅ’সমূহত বিসংগতি দেখা যায়। উদাহৰণস্বৰূপে, শেহতীয়াকৈ ভাইৰেল হোৱা অৰ্চিতা ফুকনৰ এই ফটোখন চাব পাৰি। এই ফটোখনত কুকুৰটোক ধৰি থকা হাতখন অস্পষ্ট আৰু বিসংগতিপূৰ্ণ।
অৰ্চিতা ফুকনৰ ভাইৰেল ভিডিঅ’সমূহ লক্ষ্য কৰিলেও বিসংগতি দেখা যায়, যেনে মুখৰ অভিব্যক্তিৰ অস্বাভাবিকতা।
ইয়াৰ পূৰ্বেও ছ’চিয়েল মিডিয়াত বাৰাণসীৰ এগৰাকী বিকিনি পৰিহিত কইনাৰ ফটো ভাইৰেল হৈছিল। কিন্তু আমাৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছিল যে সেই ফটো দৰাচলতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট আছিল। এই সম্পৰ্কে আমাৰ এক লেখা ইয়াত পঢ়িব পাৰিব।
ছ’চিয়েল মিডিয়াত যিকোনো তথ্য পালেই তাৰ সত্যাসত্য বিচাৰ নকৰি শ্বেয়াৰ কৰা অনুচিত। কোনো ফটো, ভিডিঅ’ অথবা অডিঅ’ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ডিপফেক হয়নে নহয় সেয়া প্ৰথম দৃষ্টিতে চিনাক্ত কৰা কিছু কঠিন যদিও অসম্ভৱ নহয়। যদি ভিডিঅ’ বা অডিঅ’ ভালদৰে লক্ষ্য কৰা হয় তাত থকা বৈসাদৃশ্য কিছুমান আমি চিনাক্ত কৰিব পাৰোঁ। ডিপফেক ভিডিঅ’সমূহত লিপ চিংকৰ সমস্যা, অস্বাভাৱিক অভিব্যক্তি, কোনো বাক্যৰ মাজৰ অস্বাভাৱিক বিৰাম আদি সাধাৰণতে দেখা যায়। তদুপৰি কোনো ভিডিঅ’, অডিঅ’ অথবা ফটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে নেকি সেই বিষয়ে সঠিকভাৱে জানিবলৈ ইণ্টাৰনেটত বিভিন্ন এ আই কণ্টেণ্ট ডিটেকচন টুল উপলব্ধ। সেই টুল বা সাধনসমূহ ব্যৱহাৰ কৰি আমি ডিফপেকৰ চিনাক্ত কৰিব পাৰোঁ।
আশংকা কৰা হৈছে যে হয়তো ভৱিষ্যতে এআই ইমানেই শক্তিশালী হ’ব যে মানৱতাই ইয়াৰ ওপৰত নিয়ন্ত্ৰণ অপ্ৰত্যাৱৰ্তনীয়ভাৱে হেৰুৱাব পাৰে। প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে ভুৱা তথ্যৰ পয়োভৰো বৃদ্ধি পোৱা দেখা গৈছে। কৃত্ৰিম বুদ্ধিমত্তা নৈতিকতাৰে ব্যৱহাৰ কৰাৰ অতি প্ৰয়োজন। আমি এআইৰ দাস হোৱাতকৈ মানৱ জাতিৰ উত্থানৰ বাবে এআই ব্যৱহাৰ কৰাত মনোনিৱেশ কৰা উচিত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অৰ্চিতা ফুকন- কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট এক চৰিত্ৰ।
Fact Check By: Debanjana BaishyaResult: Insight
