সিন্ধু জল সন্ধি (Indus Waters Treaty)ঃ অতীত আৰু বৰ্তমান

Insight Social
https://lh7-rt.googleusercontent.com/docsz/AD_4nXeowN8-JWaN-KFNM-0i_-SgKM3tu6xN2JbteJOEzvA0EcApaIxJyUmSWF4Sag3NLKSEW3LdFymrbIoMNKCx2EhXdvh1kv3PcrhfbyWjApRMGPic_vxccRnLB1TBKbzc7nN7pGoZ?key=S6s2IvKpyCdV2te3wGZIjXOC

প্ৰস্তাৱনা

যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে ৬৫ বছৰীয়া সিন্ধু জল সন্ধি (Indus Waters Treaty) স্থগিত ৰাখে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বিধানসভাৰ এক বিশেষ অধিৱেশনত কয়, ‘এয়া কেৱল এখন ৰাজ্যৰ লোকৰ ওপৰত আক্ৰমণ নাছিল — ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছিল।এই আক্ৰমণৰ ফলত সমগ্ৰ ভাৰতৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে, কেৰালাৰ পৰা জম্মু-কাশ্মীৰলৈকে সমগ্ৰ দেশখনেই প্ৰভাৱিত হৈছে।” জম্মু-কাশ্মীৰে দশকৰ পাছত প্ৰথমবাৰৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূৰ্ণ বন্ধ পালন কৰিছিল। কিয়নো এই আক্ৰমণে এইহেন পৰ্যটনৰ বতৰৰ শিখৰত ৰাজহৰ মূল উৎস বন্ধ কৰি পেলাইছিল। এই হত্যাকাণ্ডই দেশখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা কেবিনেট কমিটি অন ছিকিউৰিটি (CCS)ক সিন্ধু জল সন্ধি(Indus Waters treaty)ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা দিছিল আৰু “পাকিস্তানে বিশ্বাসযোগ্যভাৱে আৰু অপ্ৰত্যাহাৰ্যভাৱে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন অস্বীকাৰ নকৰালৈকে” ইয়াক স্থগিত ৰাখিছিল। 

কি আছে সন্ধিত 

বিশ্ব বেংকে প্ৰকাশ কৰা এখন তথ্যপত্ৰত কোৱা হৈছে যে ৯ বছৰৰ আলোচনাৰ অন্তত ১৯৬০ চনৰ ১৯ ​​ছেপ্টেম্বৰত সিন্ধু জল সন্ধি(Indus Waters treaty) স্বাক্ষৰ কৰা হৈছিল। এই সন্ধিৰ স্বাক্ষৰকাৰী ভাৰত আৰু পাকিস্তান আৰু বিশ্ব বেংক। এই সন্ধিৰ অধীনত পাকিস্তানক পশ্চিমৰ তিনিখন নদী ক্ৰমে ঝেলুম, চেনাব আৰু সিন্ধুৰ পানী দিয়া হৈছিল। আনহাতে ভাৰতে পূবৰ সাতলুজ, বিয়াছ আৰু ৰৱি নদীৰ পানীৰ ওপৰত নিৰপেক্ষ নিয়ন্ত্ৰণ লাভ কৰিছিল। পশ্চিমৰ নদীসমূহে মুঠ ৮ কোটি একৰ-ফুট (MAF) পানী যোগান ধৰে, ইয়াৰে ভাৰতে মাত্ৰ ৩.৬ MAF পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰে, য’ত জলসিঞ্চন, খোৱাপানী যোগান, যাতায়ত, আৰু নদীখনৰ গতিপথ সলনি নকৰাকৈ জলবিদ্যুৎ উৎপাদন আদি অন্তৰ্ভুক্ত।ভাৰতে পূবৰ নদীসমূহৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিলে, য’ত মুঠ ৩৩ কোটি একৰ-ফুট (MAF) পানী আছে। ভাক্ৰা-নাংগল বান্ধ, ৰঞ্জিত সাগৰ বান্ধ, পং বান্ধ, আৰু দীঘলীয়া খাল নেটৱৰ্কৰ জৰিয়তে দেশখনে পূবৰ নদী ব্যৱস্থাৰ প্ৰায় সমগ্ৰ অংশ ব্যৱহাৰ কৰে।

ঐতিহাসিক প্ৰাসংগিকতা

ব্ৰিটিছ ৰাজৰ সময়ত পঞ্জাৱত জলসিঞ্চনৰ বাবে এক জটিল খাল ব্যৱস্থা নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনত দেশ বিভাজনৰ পাছত খালৰ মুখ্য বিন্দুৰ ওপৰত নিয়ন্ত্ৰণ বেছিভাগেই ভাৰতৰ হাতত থাকিল, বিশেষকৈ পঞ্জাৱৰ ফিৰোজপুৰত। ১৯৪৮ চনত ভাৰতে পাকিস্তানলৈ পানীৰ সোঁত সাময়িকভাৱে বন্ধ কৰি দিয়ে, যাৰ ফলত ইছলামবাদত কৃষিৰ সম্ভাৱ্য পতনৰ বিষয়ে উদ্বেগ বৃদ্ধি পায়। তেতিয়া কেইবাবাৰো লৰ্ড মাউণ্টবেটেনকে ধৰি ভূমি বিভাজনৰ লগত জড়িত আলোচনাপন্থীৰ সহায় বিচাৰা হৈছিল, যাতে নিম্ন নদীৰ ৰাজ্যখনৰ বাবে এনে এখন ন্যায্য সন্ধি কৰিব পৰা যায় যিয়ে ভাৰতক পানীৰ প্ৰবাহৰ বাবে জবাবদিহি কৰিব পাৰে। কিন্তু যিহেতু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটেইনে ঔপনিৱেশিক ক্ষমতা হেৰুৱাই পেলাইছিল, সেয়েহে আমেৰিকাই হস্তক্ষেপ কৰি নতুনকৈ স্বাধীন ভাৰত আৰু পাকিস্তানক আলোচনাত লিপ্ত হ’বলৈ উৎসাহিত কৰিছিল। ১৯৫৫ চনত আমেৰিকাই বিশ্ব বেংকৰ সৈতে মিলি এই আলোচনাসমূহৰ সুবিধাৰ বাবে কাম কৰে আৰু শেষত ১৯৬০ চনত এই চুক্তি হয়

ভাৰতৰ তৰফৰ অধিসূচনা

চিচিএছ(CCS)ৰ সিদ্ধান্তৰ পাছত প্ৰথম আনুষ্ঠানিক যোগাযোগত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ সচিব দেবাশ্ৰী মুখাৰ্জীয়ে পাকিস্তানৰ তেওঁৰ সমকক্ষ পদবীধাৰী চৈয়দ আলী মুৰ্তাজালৈ সিন্ধু জল সন্ধি(Indus Waters treaty)ৰ অধীনত বাধ্যবাধকতাসমূহৰ পুনৰ মূল্যায়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখিছিল। সিন্ধু জল সন্ধি(Indus Waters treaty) স্থাপনৰ মূল পৰিস্থিতি বহু পৰিমাণে সলনি হৈছে বুলিও তেওঁ কয়। যাৰ বাবে আলোচনা আৰু পুনৰ আলোচনাৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰে। তেওঁ পৰিৱৰ্তিত জনগাঁথনি, স্বচ্ছ শক্তিৰ প্ৰয়োজনীয়তা আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা অন্যান্য কাৰক , যিয়ে পানীৰ ভাগ-বতৰা কৰা অনুমানক প্ৰভাৱিত কৰ, তাৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও পত্ৰখনত উল্লেখ কৰে যে প্ৰথম অৱস্থাত এই সন্ধিখন সদিচ্ছাৰে প্ৰতিষ্ঠা কৰা হৈছিল, যিটো ধাৰাবাহিকভাৱে ক্ষতিগ্ৰস্ত হৈ আহিছে, যাৰ ফলত ভাৰতে চুক্তিখনৰ অধীনত নিজৰ অধিকাৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব নোৱাৰে।

এই বিষয়ত পাকিস্তানলৈ প্ৰেৰণ কৰা এয়া প্ৰথম জাননী নাছিল। ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতে প্ৰথমে সিন্ধু জল সন্ধি(Indus Waters treaty) সংশোধনৰ উদ্দেশ্য প্ৰকাশ কৰিছিল কাৰণ পাকিস্তানে সন্ধিস্থিত বিবাদ নিষ্পত্তিৰ ব্যৱস্থা মানি চলাত ব্যৰ্থ হৈছিল। তাৰ পৰিৱৰ্তে, তেওঁলোকে একপক্ষীয়ভাৱে হেগৰ স্থায়ী সালিসী আদালতৰ কাষ চাপিছিল আৰু জম্মু-কাশ্মীৰৰ দুটা জলবিদ্যুৎ প্ৰকল্প ক্ৰমে কিছাংগাংগা আৰু ৰেটলেৰ বিষয়ে অভিযোগ কৰিছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতে পাকিস্তানলৈ আন এখন জাননী প্ৰেৰণ কৰিছিল, য’ত পুনৰ পৰিস্থিতিৰ মৌলিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰা হৈছিল যাৰ বাবে সন্ধিৰ পুনৰীক্ষণৰ প্ৰয়োজন হৈছিল।

জলবায়ু পৰিৱৰ্তন

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ আৰু কাশ্মীৰত সন্ত্ৰাসবাদৰ প্ৰতি চলি থকা সমৰ্থনে উত্তেজনা আৰু অধিক ভয়াৱহ কৰি তুলিছে। সন্ধিৰ আলোচনাৰ সময়ত আলোচনাপন্থীসকলে গোলকীয় উষ্ণতা বৃদ্ধিয়ে অঞ্চলটোৰ হিমবাহৰ ভৰৰ ভাৰসাম্যতাক কেনেদৰে প্ৰভাৱিত কৰিব সেই কথা বিবেচনা কৰা নাছিল। যাৰ ফলত অৱবাহিকাসমূহত পানীৰ প্ৰবাহ হ্ৰাস পায়। শেহতীয়াকৈ আন্তৰ্জাতিক সংহত পৰ্বত উন্নয়ন কেন্দ্ৰৰ (ICIMOD) এক প্ৰতিবেদনত আলোকপাত কৰা হৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিন্দু কুশ হিমালয়ত বৰফৰ স্থায়িত্ব কম হৈছে, যাৰ অংশ হৈছে সিন্ধু অৱবাহিকা। বিগত দুটা দশকৰ ভিতৰত এই অঞ্চলত বৰফৰ স্থায়িত্ব সৰ্বনিম্ন হোৱা দেখা গৈছে আৰু বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে সিন্ধু অৱবাহিকাৰ আধাৰ হিমবাহবোৰ ত্বৰান্বিত হাৰত গলিছে।

উপসংহাৰ

পেহেলগাম আক্ৰমণ আৰু ভাৰতে সিন্ধু জল সন্ধি(Indus Waters treaty) স্থগিত ৰখাৰ পাছত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই সন্ধিক জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে আটাইতকৈ অন্যায়কাৰী নথি বুলি অভিহিত কৰে। বিশেষজ্ঞসকলে যুক্তি আগবঢ়ায় যে এই সন্ধিখন দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা কৰা হৈছিল যদিও ইয়াৰ ফলত জম্মু-কাশ্মীৰে নিজৰ জলসম্পদ ব্যৱহাৰ কৰাত বাধা আহিছে। সময়ৰ লগে লগে জম্মু-কাশ্মীৰৰ অৰ্থনৈতিক আকাংক্ষা বৃদ্ধি পাইছে। এই আকাংক্ষাসমূহক ভালদৰে মোকাবিলা কৰি অঞ্চলটোক জলসম্পদৰ উচিত অংশ প্ৰদানৰ বাবে সংশোধিত সন্ধিৰ আলোচনাৰ লক্ষ্য লৈছে চৰকাৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সিন্ধু জল সন্ধি (Indus Waters Treaty)ঃ অতীত আৰু বৰ্তমান

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *