GI Tag(Geographical Indications): অসমৰ GI টেগ পোৱা সামগ্ৰী, নতুন প্ৰস্তাৱ, আবেদন প্ৰক্ৰিয়া আৰু লাভসমূহ  

Insight Social

GI Tag (Geographical Indications) কি?

জিআই(GI-Geographical Indications) হৈছে তেনে এটা সুৰক্ষা চিহ্ন যি নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত অনন্য গুণ, খ্যাতি বা বৈশিষ্ট্য থকা সামগ্ৰীক আইনীভাৱে চিনাক্ত কৰে। ভাৰতত GI টেগ ‘Geographical Indications of Goods (Registration and Protection) Act, 1999’ অনুসৰি দিয়া হয় আৰু GI ৰেজিস্ট্ৰি, চেন্নাই (Geographical Indications Registry, under DPIIT/CGPDTM)-এ জাৰি কৰে।

অসমৰ GI টেগ পোৱা সামগ্ৰীসমূহ:

তলত উল্লিখিত তালিকাখন ভাৰত চৰকাৰৰ GI ৰেজিস্ট্ৰিৰ ৩১ মাৰ্চ, ২০২৫ তাৰিখৰ ৰাজ্যভিত্তিক নথিপত্ৰ আৰু চৰকাৰী/অঞ্চলিক সংস্থাৰ সংমিশ্ৰিত তালিকাৰ আধাৰত সাজু কৰা হৈছে। (কিছুমান GI অসম-অৰুণাচল দুয়োটাৰ সৈতে যৌথভাৱে পঞ্জীয়ন কৰা।)

কৃষিজাত/খাদ্য/উৎপাদিত:

অসম অৰ্থ’ডক্স চাহ (Assam Orthodox Tea), কাৰ্বি আংলঙৰ আদা(Karbi Anglong Ginger),তেজপুৰ লিচু (Tezpur Litchi), অসমৰ জহা ধান (Joha Rice of Assam), বোকা চাউল (Boka Chaul), চোকুৱা চাউল (Chokuwa Rice of Assam),কাজি নেমু ( Kaji Lemon of Assam), জুদিমা (Judima) — ডিমা হাছাওৰ ৰাইচ ৱাইন)

বড়ো খাদ্য/কৃষিজাত/পানীয়:

কেৰাড়াপানী, গোংগাৰ ডুংঞ্জিয়া, খাৰদৈ, নাৰ্জি, নাফাম (Fermented Fish), ওণ্ডলা, গওখা-গওখি(Gwkha-Gwkhw)i, জৌ গ্ৰৈন(Jou Gwran), জৌ গিশ্বি(Jou Gishi), মাব্ৰা জৌ বিদৱৈ (Maibra Jou Bidwi)।

চিংফ’ ফলাপ/চিংফ’ চাহ (Singpho Phalap) — অসম আৰু অৰুণাচলৰ যৌথ।

হস্তশিল্প/বস্ত্ৰশিল্প:

অসমৰ মুগা ৰেচম (Muga Silk of Assam) ,অসমীয়া গামোচা (Gamosa of Assam), মাজুলীৰ মুখা (Majuli Mask of Assam) আৰু মাজুলীৰ পাণ্ডুলিপি (Assam Majuli Manuscript Painting)। জাপি (Assamese Jaapi), সৰ্থেবাৰীৰ ধাতুশিল্প (Sarthebari Metal Craft), আশাৰিকান্দিৰ টেৰাক’টা (Assam’s Asharikandi Terracotta Craft), অসমৰ পানিমেটেকা শিল্প (Assam Pani Meteka Craft), অসমৰ বিহু ঢোল (Assam Bihu Dhol), অসমীয়া গহনা(Assamese Jewellery, মিছিং হস্ততাত Mishing Handloom Products (অসম-অৰুণাচল) ।

বড়ো বস্ত্ৰ/বাদ্য/শিল্প: 

আৰোণাই, দখনা, এৰি, বড়ো গামোচা, থৰ্কা, জৈমগ্ৰা, খাম, চেৰ্জা, চিফুং বাঁহী, গগনা, জোথা। 

অসমৰ অপেক্ষাৰত GI প্ৰস্তাৱসমূহ:

GI ৰেজিস্ট্ৰেছনৰ সদ্য সংকলন অনুসৰি অসমৰ কেইটামান সামগ্ৰীৰ আবেদন চলি আছে বা সদ্য দাখিল হৈছে। সেইসমূহ হৈছে অসমৰ বিহুৰ পেঁপা, বাঁহ শিল্প, দেউৰী হস্তাতাত শিল্প, অসমীয়া ৰিহা ইত্যাদি। উল্লেখযোগ্যে যে ঔটেঙাৰ GI মঞ্জুৰ নহ’ল।

GI টেগ কেনেকৈ আবেদন কৰিব? (ধাপসমূহ সংক্ষেপে):

১. উৎপাদকসকলৰ সংগঠন ,কোনো সংস্থা বা কর্তৃপক্ষ যি সংশ্লিষ্ট উৎপাদকসকলৰ স্বার্থ প্ৰতিনিধিত্ব কৰে, তেওঁলোকে জিআই টেগিঙৰ বাবে আবেদন কৰিব পাৰে। 

২. ফৰ্ম GI-1 সহ, পৰিঘটনাৰ বিৱৰণ, মানচিত্র, উৎস, প্রমাণ ইত্যাদি লৈ GI Registry, Chennai ত আবেদন দাখিল কৰিব লাগে। 

৩. তাৰ পাছত প্ৰাৰম্ভিক পৰীক্ষা কৰা হয়। ত্ৰুটি থাকিলে এক মাহত তাক সংশোধন কৰিব লাগে। তাৰ পাছত  বিষয়া-বিশেষজ্ঞ আদিৰে দলে মূল্যায়ন কৰি Examination Report দাখিল কৰে। 

৪. এইক্ষেত্ৰত কোনো আপত্তি থাকিলে ২ মাহৰ ভিতৰত শুনানিৰ ব্যৱস্থা থাকে। 

৫. সকলোখিনি গ্ৰহণৰ ৩ মাহৰ ভিতৰত আপত্তি নাহিলে পঞ্জীয়ন হয় আৰু GI Journal-ত ইয়াক প্ৰকাশ কৰা হয়। 

GI টেগ পালে কি লাভ হয়?

১.আইনী সংৰক্ষণঃ অঞ্চল-বিশেষৰ নামৰ অপব্যৱহাৰ আৰু নকলৰ বিৰুদ্ধে ই সুৰক্ষা প্ৰদান কৰে। ন্যায়সঙ্গত প্ৰতিযোগিতা নিশ্চিত কৰে।

২. চাহিদা আৰু বজাৰমূল্য বৃদ্ধিঃ GI টেগে উপভোক্তাৰ বিশ্বাস বৃদ্ধি কৰে। উৎস-গুণমানৰ নিশ্চয়তা দিয়ে আৰু সেয়ে সাধাৰণতে সামগ্ৰীবিধ উচ্চ দামৰ হয় আৰু চাহিদা বৃদ্ধি হয়।

৩ গ্ৰামীন-অৰ্থনীতি/জীৱিকাৰ উন্নতিঃ স্থানীয় উৎপাদক, হস্তশিল্পী, কৃষক আদিয়ে ব্র্যান্ড এটাৰ উচ্চমান গঢ়ি তুলিব পাৰে। পর্যটনৰ লগতে ৰপ্তানীৰ সম্ভাৱনাও বৃদ্ধি পায়।

৪. সাংস্কৃতিক পৰিচয় আৰু সংৰক্ষণঃ অঞ্চল বিশেষৰ পৰম্পৰা, কৌশল, স্বাদ আদি GI ৰ জৰিয়তে সংৰক্ষিত হৈ থাকে আৰু ই এক পৰিচয় বহন কৰি থাকে।

এই টেগ লাভৰ বাবে কিছুমান ব্যৱহাৰিক পৰামৰ্শ:

জিআই টেগৰ আবেদনৰ আগতে উৎপাদকসকলৰ সংগঠন (producer-group) গঠন কৰি ল’ব লাগে। তাৰ পাছত পৰিঘটনাৰ বিৱৰণ (Statement of Case)ত উৎপত্তিৰ অঞ্চল, গুণমান, মানদণ্ড, পৰীক্ষা, প্ৰমাণৰ পদ্ধতি আদি স্পষ্ট কৰি ল’ব লাগে। পঞ্জীয়নৰ পাছত কৰ্তৃত্বশীল ব্যৱহাৰকাৰী (Authorized Users) পঞ্জীয়ন, গুণমান-নিয়ন্ত্ৰণ, পেকেজিং/লেবেলিং গাইডলাইন অনুসৰণ কৰিলে বাস্তৱিক লাভ পোৱাত গুৰুত্বপূৰ্ণ সুবিধা হয়।

অসমৰ ভোটগ্ৰহণমুখী বডোলেণ্ডত জি আই টেগিঙক লৈ তুমুল আলোচনা:

অসমৰ ভোটগ্ৰহণমুখী বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ত আছে এক সাধাৰণ সমস্যা। ইয়াৰ এটা নতুন আলোচনাৰ বিষয়ও আছে । সেয়া হৈছে ইয়াৰ পৰম্পৰাগত সামগ্ৰী, শিল্পকৰ্ম, আৰু কৃষি সামগ্ৰীৰ বাবে ভৌগোলিক সূচক বা জি আই টেগ লাভ। ৮,৯৭০ বৰ্গ কিলোমিটাৰত হ’ব নিৰ্বাচন। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ দ্বাৰা পৰিচালিত বিটিআৰত  ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন।৷

ইয়াৰ মাজতে বড়ো যুৱকৰ এটা দলে এনে এক পদক্ষেপ গ্ৰহণ কৰে যিয়ে বিটিআৰ চৰকাৰক স্থানীয় বস্ত্ৰ আৰু পৰম্পৰাগত সুৰাকে ধৰি ২১টা সামগ্ৰীৰ জিআই পঞ্জীয়ন লাভ কৰাত সহায় কৰে। এনে টেগিঙৰ অন্তৰ্নিহিত সুবিধাৰ বিষয়ে সজাগতাই কাৰ্যতঃ ২৬টা খিলঞ্জীয়া সম্প্ৰদায়ৰ মাজত নিজৰ সাংস্কৃতিক শিল্পকৰ্মসমূহ পঞ্জীয়ন কৰাৰ দৌৰৰ সূচনা কৰিছিল। 

২০২১ চনৰ পৰা এই দলটোৱে তথ্য সংগ্ৰহ আৰম্ভ কৰিছিল আৰু জি আই টেগিঙৰ বাবে যোগ্যতা অৰ্জন কৰা ৫০টাতকৈও অধিক বস্তু চিনাক্ত কৰিছিল। ইয়াৰে ২১ টাৰ বাবে ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৪ চনৰ মে’ মাহৰ ভিতৰত পঞ্জীয়ন নিশ্চিত কৰা হৈছিল।

কিছু মাহ পূৰ্বে বিটিআৰত বসবাস কৰা ২৬টা জনগোষ্ঠীৰ আটাইকেইটা জনগোষ্ঠীৰ বাকী থকা আৰু অধিক পৰম্পৰাগত সামগ্ৰীৰ জিআই টেগ সুৰক্ষিত কৰাৰ বাবে বিটিআৰ চৰকাৰে এক বিশেষ অভিযান আৰম্ভ কৰিছিল। প্ৰধান বডোসকলৰ বাহিৰেও আদিবাসী, গোৰ্খা, কোঁচ-ৰাজবংশী, হাজং, কুৰুখ, মদাহি কছাৰী, হীৰা, আৰু পাটনী আদি সম্প্ৰদায়সমূহ আছে।

লক্ষ্য হৈছে “জি আই গাঁও” সৃষ্টি কৰা, য’ত শিল্পী আৰু কৃষকৰ ক্লাষ্টাৰসমূহক প্ৰশিক্ষণ, আন্তঃগাঁথনি, আৰু প্ৰত্যক্ষ বজাৰ সংযোগৰ দ্বাৰা সমৰ্থিত কৰা হ’ব।

উপসংহাৰ:

অসমে GI ক্ষেত্ৰত বস্ত্ৰশিল্প, হস্তশিল্প, কৃষিজাত আৰু আঞ্চলিক খাদ্য, পানীয় মিলাই বৈচিত্ৰ্যময়তাৰে ৩০ৰো অধিক সামগ্ৰীৰে শক্তিশালী উপস্থিতি নিশ্চিত কৰিছে। উপৰোক্ত তালিকাখনে অৰ্থনৈতিক-সাংস্কৃতিক সুফলৰ এক বিস্তৃত ক্ষেত্ৰ দেখুৱায়। নিজৰ সামগ্ৰী GI ত আনিব খোজা সংঘ বা সংস্থাই ওপৰৰ ধাপসমূহ অনুসৰি GI ৰেজিস্ট্ৰিৰ সদ্য গাইডলাইন চায়ে আবেদন আগবঢ়াব পাৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:GI Tag(Geographical Indications): অসমৰ GI টেগ পোৱা সামগ্ৰী, নতুন প্ৰস্তাৱ, আবেদন প্ৰক্ৰিয়া আৰু লাভসমূহ

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *