

ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে ভাৰতে শেহতীয়াকৈ বলিউডৰ দুজনকৈ কিংবদন্তি অভিনেতা ২৪ ঘণ্টাৰ ভিতৰত হেৰুৱালে । ইৰফান খান আৰু ঋষি কাপুৰ নামৰ দেশৰ অভিনয় জগতৰ দুজনকৈ উজ্জ্বল নক্ষত্ৰ হেৰুৱাই দেশবাসী শোকত ম্ৰিয়মান হৈ পৰিছে । ঋষি কাপুৰে যোৱা ৩০ এপ্ৰিল, ২০২০ তাৰিখে, ৬৭ বছৰ বয়সত, কেঞ্চাৰ ব্যাধিৰ সৈতে দুবছৰতকৈ বেছি যুঁজি অৱশেষত হাৰ মানি ইহলীলা স্মৰণ কৰিলে । তেওঁৰ মৃত্যুৰ কেইঘণ্টামানৰ পাছততেই এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ।
ভিডিঅ’টোত এজন হস্পিটেলৰ কৰ্মচাৰীক হস্পিটেলৰ বিচনাত শয্যাগত ঋষি কাপুৰক তেওঁৰ হিট চিনেমা ‘দিৱানা’ৰ এটা গান গাই শুনাই তেওঁৰ পৰা আশীৰ্বাদ লোৱা দেখা গৈছে । দাবী কৰা হৈছে যে এইটো ঋষি কাপুৰৰ অন্তিম নিশাৰ ভিডিঅ’ হয় আৰু মুম্বাইৰ যিখন হস্পিটেলত তেওঁক ভৰ্তি কৰোৱা হৈছিল আৰু য’ত তেওঁ পাছত মৃত্যু বৰণ কৰিছিল, এইটো সেইখন হস্পিটেলত ৰেকৰ্ড কৰা ভিডিঅ’ হয় ।
দেশৰ আন ঠাইৰ দৰে অসমটো এই ভিডিঅ’টো বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু বিভিন্নজনে দাবী কৰিছে যে এইটো অভিনেতাজনৰ অন্তিমটো ভিডিঅ’ হয় । শ্বহীদ তালুকদাৰ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এপ্ৰিল ৩০, ২০২০ তাৰিখে উক্ত ভিডিঅ’টো, “ঋষি কাপুৰ অন্তিম ভিডিয় ছচিয়েল মিডিয়াত চেয়াৰ কৰিলে অনুৰাগীয়ে।
সংগ্ৰহ” বুলি শিৰোনামা দি আপলোড কৰা হৈছে আৰু এতিয়ালৈকে ২৮ বাৰ শ্বেয়াৰ কৰা হৈছে । এনেদৰে বিভিন্নজনে উক্ত ভিডিঅ’টো আপলোড কৰিছ আৰু শ্বেয়াৰ কৰি ভাইৰেল কৰি তুলিছে ।
এই ধৰণৰ আপলোডবোৰ চাওক :



সঁচাকৈ এইটো ঋষি কাপুৰৰ অন্তিম ৰাতিৰ বা মৃত্যুৰ আগৰাতিৰ ভিডিঅ’ নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ ফলত আমি উক্ত ভিডিঅ’টো ধীৰজ কুমাৰ চানু নামৰ এক ইউটিউব প্ৰফাইলৰ পৰা প্ৰথমে আপলোড হোৱা দেখিলোঁ । আমি ভালদৰে লক্ষ্য কৰি দেখিলোঁ যে উক্ত ভিডিঅ’টো আচলতে কেইবামাহ পুৰণি আৰু ফেব্ৰুৱাৰী ৩, ২০২০ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল ।

ইয়াৰ পাছত আমি এই মানুহজনৰ ফেচবুক প্ৰফাইলটো বিচাৰি উলিয়ালোঁ আৰু দেখিলোঁ যে তেওঁ নিজৰ ফেচবুক টাইমলাইনত ইতিমধ্যে এই বিষয়ে এক স্পষ্টীকৰণ ভিডিঅ’ প্ৰকাশ কৰিছে । ভিডিঅ’টোত তেওঁ স্পষ্ট কৰিছে যে এইটো পুৰণি ভিডিঅ’ হয় আৰু ফেব্ৰুৱাৰী ১ বা ২ তাৰিখে ৰেকৰ্ড কৰা হৈছিল । তেওঁ লগতে কৈছে যে ভিডিঅ’টো মুম্বাইৰ হস্পিটেলৰ নহয় বৰঞ্চ চাকেত, দিল্লীত অৱস্থিত মেক্স হস্পিটেলৰ হয় আৰু তেওঁ তাতে ৱাৰ্ড বই হিচাবে কৰ্মৰত আছিল ।

আমি ফেব্ৰুৱাৰী মাহৰ আৰম্ভণি সময়ত ঋষি কাপুৰ দিল্লীৰ মেক্স হস্পিটেলত দুদিনমানৰ বাবে ভৰ্তি হোৱা তথ্য গুগল চাৰ্ছ কৰি ইণ্ডিয়া টুডেইৰ সেই সম্পৰ্কে এক বাতৰিৰ পৰা সঁচা বুলি নিশ্চিত হলোঁ ।

ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো ঋষি কাপুৰৰ অন্তিম ৰাতিৰ বা মৃত্যুৰ আগৰাতিৰ ভিডিঅ’ নহয় বৰঞ্চ এইটো পুৰণি ভিডিঅ’ হয় আৰু ফেব্ৰুৱাৰী ৩, ২০২০ তাৰিখে ইউটিউবত প্ৰথমবাৰৰ বাবে আপলোড কৰা হৈছিল । ঋষি কাপুৰৰ এপ্ৰিল ৩০, ২০২০ তাৰিখে হঠাৎ মৃত্যু হোৱাৰ বাবে এই পুৰণি ভিডিঅ’টো এতিয়াৰ ভিডিঅ’ বুলি ভাইৰেল হৈ পৰিছিল ।