
অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ফটোখনত এবিভিপি, (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) অসমৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰা হৈছে । যিহেতু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই আইনখন আনিছে আৰু অসমতো বৰ্তমান বিজেপিৰে চৰকাৰ আছে, এবিভিপি (যি বিজেপিৰে এক ছাত্ৰ সংগঠন) নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত জড়িত হৈ পৰাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ভাইৰেল ফটোখনত আন্দোলনকাৰী সকলক এখন বেনাৰ হাতত ধৰি থকা দেখা গৈছে য’ত লিখা আছে, “আমি NRC, CAB aru CAA সমৰ্থন নকৰোঁ । মোদী গ’ বেক, টকলা অমিত গ’ বেক ।” বেনাৰখনত লগতে “#এবিভিপি অসম” বুলি লিখা আছে ।
সন্দেহ উপজাত আমি ফটোখনৰ আঁৰৰ কাহিনী জানিবলৈ চেষ্টা কৰিলোঁ । সঁচাকৈ নিজৰে দলৰ চৰকাৰৰ বিৰুদ্ধে অসম এবিভিপিয়ে প্ৰতিবাদ কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু একেখন ফটো আহমেদাবাদ মিৰ’ৰ নামৰ বাতৰি কাকতখনত ১৯ ডিচেম্বৰ, ২০১৯ তাৰিখে প্ৰকাশ হোৱা এটা বাতৰিত দেখা পালোঁ । আমি দেখিলোঁ যে যদিয়ো দুইখন ফটো দেখাত হুবহু একেই, বেনাৰখনত লিখা কথাবোৰ কিন্ত সম্পূৰ্ণ বেলেগ ।

আমি দেখিলোঁ যে এবিভিপিয়ে আচলতে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষেহে বেনাৰখন লিখিছিল আৰু এই প্ৰকৃত বেনাৰখন পাছত এডিটিং কৰি ভাইৰেল ফটোত দেখা বেনাৰখন বনোৱা হৈছিল ।
ইয়াৰ উপৰিয়ো আমি প্ৰকাশিত বাতৰিটোৰ পৰা আৰু গম পালোঁ যে ১৮ ডিচেম্বৰ, ২০১৯ তাৰিখে বিজেপি’ৰ ছাত্ৰ সংগঠন এবিভিপিৰ প্ৰায় ৫০০ কায্যকৰ্তায়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে আহমেদাবাদত এক ৰেলিৰ আয়োজন কৰিছিল । আচল ফটোখন এই ৰেলিৰে হয় ।
ইয়াৰ পাছতেই আমি এই বিষয়ে এবিভিপিৰ অসম শাখাৰ লগত যোগাযোগ কৰিলোঁ । প্ৰণৱ জ্যোতি ভূঞায়ে (ডিভিজনেল অৰ্গেনাইজিঙ ছেক্ৰেটেৰী, অসম এবিভিপি) আমাক জনালে যে ভাইৰেল হোৱা ফটোখনত দেখা পোৱা বেনাৰখন অসম এবিভিপিৰ নহয় ।
ইয়াৰ উপৰিয়ো এই ভাইৰেল ফটোখন ফেক্ট ক্ৰেছচেণ্ড মালয়ালমে যোৱা ২ জানুৱাৰী, ২০২০ তাৰিখেই সৰ্বপ্ৰথমে ফেক্ট চেক কৰিছিল আৰু প্ৰমাণ কৰিছিল যে ফটোখন অসম এবিভিপিৰ নহয় বৰঞ্চ আহমেদাবাদৰ হয় আৰু এডিটিং কৰি বনোৱা ফটো হয় ।

মালয়ালমত প্ৰকাশ পোৱা বাতৰিটো পঢ়ক ইয়াত ।
ফলাফল
এই ফটোখন ভুৱা হয় । আহমেদাবাদত এবিভিপি দ্বাৰা নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ সমৰ্থনত উলিওৱা এক ৰেলিৰ ফটো এডিটিং কৰি অসম এবিভিপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে কৰা প্ৰতিবাদ বুলি প্ৰচাৰ কৰা হৈছে ।

Title:এইখন অসম এবিভিপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ফটো নহয়!
Fact Check By: Manjori BorkotokyResult: False