যোৱা ১১ জুন ২০২৩ত অতিশয় শক্তিশালী ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ হৈছে বিগত প্ৰায় ৬০টা বছৰৰ ভিতৰত পশ্চিম উপকূলত প্ৰভাৱ পেলোৱা তৃতীয়টো ঘূৰ্ণীবতাহ। আই.এম.ডি. (IMD)ৰ মুৰব্বী সুনীল কাম্বলেই ১৫ জুনত জানিবলৈ দিয়া মতে বিপৰ্যয় বৰ্তমান মুম্বাইৰ পৰা আঁতৰত আছে। এই ঘূৰ্ণীবতাহ আৰু ধুমুহাই ১৫ জুনত মাণ্ডৱী আৰু কৰাচীৰ মাজৰ স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। তদুপৰি ২৪ ঘন্টাৰ ভিতৰত সৌৰাষ্ট্ৰৰ কচ্ছত ধাৰাসাৰ বৰষুণ হ’ব পাৰে ইয়াৰ প্ৰভাৱত।

শেহতীয়াভাৱে এই প্ৰেক্ষাপটতে ছ’চিয়েল মিডিয়া ধুমুহাৰ ফলত সৃষ্টি হোৱা বৰ বৰ জোৱাৰৰ ভিডিঅ’ৰে ভৰি পৰিছে। তেনেকুৱাকৈয়ে সাগৰৰ পাৰত ডাঙৰ ঢৌৰ সৃষ্টি হোৱা এটা ভিডিঅ’ ভাইৰেল হৈছে আৰু ইয়াৰ শিৰোনামত লিখা হৈছে যে “গুজৰাটৰ ওচৰেৰে পাৰ হৈ যোৱা আৰব সাগৰত সৃষ্টি হোৱা অতি ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহা “বিপৰ্যয়”ৰ প্ৰভাৱত মাধৱপুৰ (গুজৰাট)ত চৰম সাগৰীয় জোৱাৰ দেখা পোৱা গৈছে। ”

Archived Link

প্ৰচাৰ কৰা সেই ভিডিঅ’টো সঁচাকৈয়ে বিপৰ্যয় নামৰ ঘূৰ্ণীবতাহৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ'টো কেইবাটাও কী-ফ্ৰেমত ভাগ কৰি গুগলত এটা ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। আমাৰ সেই প্ৰাথমিক অনুসন্ধানত এটা ইউটিউব চেনেলে ১০ জানুৱাৰী , ২০২১ তাৰিখে আপলোড কৰা একেধৰণৰ ভিজুৱেল দেখুওৱা এটা ভিডিঅ' লাভ কৰিলোঁ। ভিডিঅ'টোৰ বিৱৰণত লিখা আছে যে “এয়া উত্তৰ স্পেইন। গভীৰ পানীৰ সাগৰৰ ঢৌৰ বাবে এইদৰে বছৰত প্ৰায় দুবাৰকৈ হোৱা এই জোৱাৰ ২৪ মিটাৰ উচ্চতা পৰ্যন্ত উঠিব পাৰে”।

অধিক অনুসন্ধানত আমি ষ্টক ইমেজ চাইট Alamy ত একেটা স্থানৰ দৰে দেখা হাই টাইড অৰ্থাত উচ্চ জোৱাৰৰ ফটো এখন পালোঁ। ৱেবছাইটৰ তথ্য অনুসৰি ফটোখন ছান চেবাষ্টিয়ানৰ পাচেও নুৱেভ’ত তোলা হৈছে।

আমি ইনষ্টাগ্ৰাম পোষ্টত আপলোড কৰা আন এটা ভিডিঅ’ও পালোঁ যিটোত ভাইৰেল ভিডিঅ’টোৰ দৰে একেধৰণৰ ভিজুৱেল দেখা গৈছিল। ভিডিঅ'টো ২০২০ চনৰ ডিচেম্বৰ মাহত শ্বেয়াৰ কৰা হৈছিল, আৰু কেপচনত লিখা আছিল: Big Waves at San Sebastián Donostian waves (অনুদিত)

গুগল মেপত উত্তৰ স্পেইনৰ বিস্কে উপসাগৰৰ কাষৰ উপকূলীয় চহৰ ডনষ্টিয়া-ছান চেবাষ্টিয়ান বিচাৰিলোঁ আৰু আমি ভাইৰেল ভিডিঅ’টোৰ সঠিক স্থান স্পেইনৰ পাচেলেকুৱা বেৰিয়া, ড’নষ্টিয়া-ছান চেবাষ্টিয়ান বুলি পালোঁ।

গুগল মেপছৰ ছবি আৰু স্পেইনৰ পাচেও নুৱেভ' অঞ্চলক ভিডিঅ'টোত দেখুওৱা ভিজুৱেলৰ সৈতে তুলনা কৰিলে নিশ্চিত কৰা হৈছে যে ভিডিঅ'টোত স্পেইনৰ ছান চেবাষ্টিয়ান চহৰৰ পাচেও নুৱেভ'ৰ পুৰণি ভিজুৱেল দেখুওৱা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল হোৱা ভিডিঅ’টোক লৈ কৰা দাবীটোক মিছা। ভাইৰেল ভিডিঅ’টো পুৰণি আৰু সেইটো স্পেইনৰহে। গুজৰাটৰ ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:স্পেইনৰ পুৰণি ভিডিঅ’কে গুজৰাটৰ ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

Written By: Pranjal Sharma

Result: False