মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ফডনৱিছে বিনায়ক দামোদৰ সাৱাৰকাৰক লৈ অপমানজনক মন্তব্য কৰা দেখা গৈছে। মহাৰাষ্ট্ৰ বিধানসভাত হিন্দুত্ববাদী মতাদৰ্শবাদী ভি.ডি. সাৱৰকাৰক ফাডনবিছে অপমান কৰা বুলি দাবী কৰি এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।

১০ চেকেণ্ডৰ ভাইৰলে ভিডিঅ’ ক্লিপটোত শুনা গৈছে যে “Veer Savarkar was an apologist, Veer Savarkar was homosexual, Veer Savarkar was not a freedom fighter.”(“বীৰ সাৱাৰকাৰ ক্ষমাপ্ৰাৰ্থী আছিল, বীৰ সাৱাৰকাৰ সমকামী আছিল, বীৰ সাৱাৰকাৰ স্বাধীনতা সংগ্ৰামী নাছিল।”)

Archived Link

কিন্তু সঁচাকৈয়ে ফাডনৱিছে সাৱাৰকাৰক সমকামী, ক্ষমাপ্ৰাৰ্থী বুলি কৈছেনে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅটো ভালকৈ পৰীক্ষা কৰিলোঁ। যিহেতু ভাইৰেল ক্লিপটোত মাৰাঠী নিউজ চেনেল ABP Majha ৰ ল'গ' দেখা গৈছে, সেয়েহে আমি তেওঁলোকৰ ইউটিউব চেনেলত মূল ভিডিঅ'টো বিচাৰিলোঁ। তাৰ পাছত দেৱেন্দ্ৰ ফাডনাভিছ ২ আগষ্টত মহাৰাষ্ট্ৰ বিধানসভাত দিয়া ভাষণৰ সম্পূৰ্ণ ক্লিপটো আমি পালোঁ। সম্পাদনা নকৰা এই ভিডিঅ’টোত দেৱেন্দ্ৰ ফাডনৱিছে সোঁপন্থী নেতা সম্ভাজী ভিদে মহাত্মা গান্ধীক লৈ দিয়া বিতৰ্কিত বক্তব্যৰ কথা উল্লেখ কৰিছিল।

শিৱ প্ৰতিষ্ঠান হিন্দুস্তানৰ নেতা সম্ভাজী ভিড়ে মহাত্মা গান্ধীক “মুছলমান পিতৃ-মাতৃয়ে ডাঙৰ-দীঘল কৰা আৰু শিক্ষিত কৰা” বুলি দাবী কৰা বুলি জানিব পৰা গৈছে। ভিড়েৰ এই আপত্তিজনক মন্তব্যক লৈ কংগ্ৰেছ দলে তীব্ৰ আপত্তি জনাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছ বিধায়কসকলেও ২ আগষ্টত ৰাজ্যৰ বিধায়িনী দলৰ দুয়োটা চেম্বাৰত এই বিষয়টো উত্থাপন কৰিছিল। প্ৰত্যুত্তৰত দেৱেন্দ্ৰ ফাডনবিছে কয়, “যদিও সম্ভাজী ভিড়ে উদাৰবাদী কৰ্ম কৰে, তথপিও কিন্তু দেশৰ কোনো মহান ব্যক্তিৰ বিৰুদ্ধে এনে বক্তব্য দিয়াৰ তেওঁৰ কোনো কৰ্তৃত্ব নাই।”

ভিড়েৰ এই কাৰ্যৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ফাডনবিছে আশ্বাস দিয়ে। ইয়াৰ উপৰিও তেওঁ ইয়াকো উল্লেখ কৰে যে কংগ্ৰেছৰদ্বাৰা প্ৰকাশিত ‘শ্বিদ’ৰী’ৰ বিৰুদ্ধেও হিন্দুত্ববাদী মতাদৰ্শবিদ ভি.ডি. সাৱাৰকাৰক উদ্দেশ্য কৰি আপত্তিজনক মন্তব্য আগবঢ়ো হৈছে। তাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

“কংগ্ৰেছৰ মুখপত্ৰ ‘শ্বিদ’ৰী’ত বীৰ সাৱাৰকাৰৰ বিৰুদ্ধে আপত্তিজনক লেখা লিখা হৈছে, য’ত বীৰ সাৱাৰকাৰ এজন ‘মাফিবীৰ’ (ক্ষমাপ্ৰাৰ্থী) আছিল বুলি উল্লেখ কৰা হৈছে; তেওঁ সমকামী আছিল আৰু স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাছিল বুলিও লিখা হৈছে। গতিকে, ‘শ্বিদ’ৰী’ৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’-ফাডনবিছে কয়।

তলত উল্লিখিত তুলনামূলক ভিডিঅ’ এটাত স্পষ্ট হৈ পৰে যে ফাডনাভিছে ‘শ্বিদ’ৰী’ কাকতৰ এটা লেখাৰ উদ্ধৃতিহে দিছিল। মন্তব্যবোৰ তেওঁৰ নিজস্ব নাছিল।

কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক নন্দকিশোৰ কুয়াতে ৰাজাপেথ থানাত ভিড়েৰ বিৰুদ্ধে আনুষ্ঠানিকবাৱে এজাহাৰ দাখিল কৰে। পিছত ভিড়ে আৰু তেওঁৰ দুজন সহযোগীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ১৫৩ এ, ৫০০, ৫০৫ (২), আৰু ৩৪ ধাৰাত অভিযোগ ৰুজু কৰা হয়। নাচিকতো ভিড়েৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু কৰা হয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে এটা সম্পাদিত ভিডিঅ’ ক্লিপৰ জৰিয়তে দেৱেন্দ্ৰ ফাডনভিছে সাৱাৰকাৰক সমকামী আৰু ক্ষমাপ্ৰাৰ্থী বুলি উল্লেখ কৰি অপমান কৰা বুলি ভুৱা দাবী প্ৰচাৰ কৰা হৈছে। বাস্তৱত ফাডনবিছে এটা প্ৰবন্ধৰ কথাহে উল্লেখ কৰিছিল য’ত এই বক্তব্যবোৰ লিখা হৈছিল। দাবী কৰা ধৰণে সেয়া ফাডনবিছৰ নিজৰ বক্তব্য নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:দেৱেন্দ্ৰ ফা়ডনবিছে বীৰ সাৱাৰকাৰক সমকামী,ক্ষমাপ্ৰাৰ্থী আদি বুলি কৈছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Altered