
The Wireৰ এটা বাতৰিৰ কিয়দংশ বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে, য’ত দাবী কৰা হৈছে যে নিউজ পৰ্টেলটোৱে উদ্দেশ্যপ্ৰনোদিতভাৱে দেৱী দূৰ্গাক যৌন দাসী আখ্যা দি অপমান কৰিছে। Original Link- Twitter | Archived Link
অসমত হোৱাটচ এপ্পত প্ৰচাৰ হৈ থকা স্ক্ৰিণশ্বটটোত লিখা হৈছে যে, “দূৰ্গা পূজা হৈছে আটাইতকৈ বিতৰ্কিত বৰ্ণবাদী উছৱ,যত এগৰাকী বগা বৰণৰ সুন্দৰীক দেৱী সজোৱা হৈছে,যিয়ে কৃষ্ণ বৰণৰ মহিশাসুৰ নামৰ এজন লোকক নৃসংশভাৱে হত্যা কৰে। মহিশাসুৰ আছিল এজন সাহসী আত্মসন্মানী নেতা,যাক প্ৰলোভিত কৰি আৰ্যসকলে বিবাহপাশত আৱদ্ধ কৰোৱাইছিল। তেওঁলোকে দূৰ্গা নামৰ এগৰাকী যৌন দাসীক মাতি আনিছিল, যিয়ে মহিশাসুৰত প্ৰলুব্ধ কৰিছিল বিবাহলৈ আৰু নটা ৰাতিৰ মধুচন্দ্ৰিকা যাপনৰ অন্তত শুই থকা অৱস্থাতেই হত্যা কৰিছিল।” Archived Link
এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ফেক্ট ক্ৰেছেণ্ডৰ ফেক্টলাইন নম্বৰ 9049053770ত ইয়াৰ সত্যাসত্য পৰীক্ষা কৰিবলৈ দিছিল আৰু জানিব বিচাৰিছিল যে সঁচাকৈয়ে The Wireত এইটো প্ৰকাশ হৈছিল নেকি ।
ফেক্ট ক্ৰেছেণ্ডৱে সত্যতা পৰীক্ষা কৰি গম পালে যে এইটো আচলতে এটা লেখাৰ কিয়দংশ হে হয় আৰু ইয়াক অপ্ৰাসংগিকভাৱে প্ৰচাৰ কৰা হৈছে ।
সত্যতা নিৰূপন পদ্ধতি
আমি গুগলত প্ৰাসংগিক শব্দৰে চাৰ্ছ কৰি চালো আৰু একেটা বিষয়ক লৈ কেইবাটাও টুইট পালো আৰু ২০২০ চনৰ ২৬অক্টোবৰত The Wireৰ প্ৰতিস্থাপক সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনে কৰা এটা টুইট পালো, যত তেওঁ সেই মূল লেখাটোৰ লিংকটো শ্বেয়াৰ কৰি দিছে।
Original Link- Twitter | Archived
আমি জানিবলৈ পাৰিলো যে সেই অংশটো The Wire ৰ এনেকুৱা এটা লেখাৰ, য’ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে সংসদত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হিন্দু উছৱ দূৰ্গা পূজাক অৱমাননা কৰি বিতণৰ কৰা বুলি তেওঁ দাবী কৰা এক পুস্তিকাৰ বিষয়ে দিয়া ভাষণৰ উদ্ধৃতি দি লিখা হৈছে। জাহ্নৱী সেনে কৰা “Mahishasura and the Minister” শীৰ্ষক সেই বাতৰিটো প্ৰকাশ হৈছিল ২০১৬ চনৰ ২৭ফেব্ৰুৱাৰীত। Original Link- The Wire | Archived Link
আমি ২৫ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে ইউটিউবত স্বৰাজ্য চেনেলটোত, “জেএনইউৰ বাওঁপন্থিসকলে দেৱী দুৰ্গাৰ বিষয়ে কিদৰে বিকৃত কাহিনী প্ৰচাৰ কৰিছে, সেই বিষয়ে স্মৃতি ইৰাণীয়ে এনেদৰে কৈছে” বুলি শিৰোনামা দি এক ভিডিঅ’ আপলোড হোৱা দেখিলোঁ য’ত আমি তেখেতৰ সম্পূৰ্ণ ভাষণটো শুনিবলৈ পালো ।
Original YouTube Link- Swarajya
ফলাফল:
স্ক্ৰিণশ্বটটো ২০১৬চনত স্মৃতি ইৰাণীয়ে সংসদত পাঠ কৰা এখন পুস্তিকাৰ কিয়দংশৰ হে হয় আৰু এই অংশ অপ্ৰাসংগিকভাৱে প্ৰচাৰ কৰা হৈছে।

Title:দেৱী দূৰ্গাক যৌন দাসী বুলি উল্লেখ কৰা এক স্ক্ৰিনশ্বট প্ৰসংগ সংগতিহীন ভাৱে প্ৰচাৰ হৈছে!
Fact Check By: Manjori BorkotokyResult: Missing Context