
বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত এটা স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ভাৰতৰ এক মিস্তান্ন উত্পাদক কেডবেৰী ইণ্ডিয়াই তেওঁলোকৰ খাদ্যসমগ্ৰীসমুহত গো-মাংস ব্যৱহাৰ কৰে।

স্ক্ৰিনশ্বটটো কেডবেৰী ৱেবচাইটৰ আৰু তাত লিখা আছেঃ
“অনুগ্ৰহ কৰি মন কৰিব, যদি আমাৰ যিকোনো এটা সামগ্ৰীকে জিলেটিন ব্যৱহাৰ কৰা হয়, আমি ব্যৱহাৰ কৰা সেই জিলেটিন হালাল স্বীকৃতপ্ৰাপ্ত আৰু গো-মাংসৰ পৰা প্ৰাপ্ত।
তালিকাত থকা সামগ্ৰীসমুহে কেডবেৰী ফেভৰিট ভেৰাইটী পেকত উপলব্ধ উপাদানৰ ক্ষুদ্ৰ এক প্ৰকাৰক প্ৰতিনিধিত্ব কৰে। ”
একেটা স্ক্ৰিনশ্বট আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770লৈ এগৰাকী ব্যক্তিয়ে সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছে। Archived Link
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে সেই দাবীটো বিভ্ৰান্তিকৰ।
সত্যতা নিৰূপম পদ্ধতি
প্ৰথমে আমি প্ৰাসংগিক শব্দ ব্যৱহাৰ কৰি গুগলত ছাৰ্চ কৰি চালো আৰু কেডবেৰী অষ্ট্ৰেলীয়াৰ ৱেবচাইটত হালালৰ ওপৰত এটা পৃষ্ঠা লাভ কৰিলো।

আমি কেডবেৰী ইণ্ডিয়াৰ অফিচিয়েল টুইটাৰ পেজটোত এটা টুইট দেখা পালো,যত তেওঁলোকে এটা স্পষ্টীকৰণ প্ৰকাশ কৰিছে ২০২১ৰ ১৯ জুলাইত । তাত উল্লেখ কৰিছে ভাইৰেল হোৱা স্ক্ৰিনশ্বটটো কেডবেৰীৰ দ্বাৰা ভাৰতত উত্পাদিত আৰু বিক্ৰী কৰা সামগ্ৰীৰ সৈতে কোনোধৰণে সম্পৰ্কিত নহয়। এইটো হৈছে সেই টুইটটোঃ
— Cadbury Dairy Milk (@DairyMilkIn) July 18, 2021
আমি মন কৰিলো যে কেডবেৰীয়ে ভাৰতত উত্পাদন কৰা সামগ্ৰীসমুহত সেই সেউজীয়া ডটটো থাকে, যাৰ অৰ্থ হৈছে সেই সামগ্ৰীসমুহ নিৰামিষ। ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আমি FSSAI অৰ্থাত Food Safety and Standards Authority of Indiaৰ ৱেবচাইটটো চালো আৰু দেখা পালো সেউজীয়া ডটটোৰ অৰ্থ হৈছে লেক্টো-নিৰামিষ আৰু মুগা ডটটোৰ অৰ্থ হৈছে আমিষ খাদ্য সামগ্ৰী।

FSSAI PDF (Packaging and labelling)
ফলাফল
ভাইৰেল হোৱা স্ক্ৰিনশ্বটটো কেডবেৰী ইণ্ডিয়াৰ নহয়, কেডবেৰী অষ্ট্ৰেলীয়াৰ ৱেবচাইটক পৰা লোৱা হে। কোম্পানীটোৱে এইকথা নিশ্চিত কৰিছে তেওঁলোকে ভাৰতত উত্পাদিত আৰু বিক্ৰীকৃত সামগ্ৰীসমুহত কোনো ধৰণৰ আমিষ উপাদান ব্যৱহাৰ নকৰে ।

Title:ভাইৰেল হোৱা স্ক্ৰিনশ্বটত দেখা গো-মাংসৰ পৰা প্ৰাপ্ত উপাদনাসমুহ কেডবেৰী ইণ্ডিয়া ৱেবচাইটৰ নহয়
Fact Check By: Manjori BorkotokyResult: False
