ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়!

False Social
hoina.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত টুইটাৰ পোষ্টটোত দাবী কৰা হৈছে যে পোষ্টটোত সংলগ্ন ফটোখনত দেখা দম্পতীহাল আচলতে মাক-পুতেক হয় আৰু তেওঁলোকৰ বিবাহৰ পাছত এক তিনি বছৰীয়া সন্তানও আছে । উক্ত টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বটটোক লৈ ছচিয়েল মিডিয়াত

চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে এই বিষয়ে নানা প্ৰশ্ন কৰা দেখা গৈছে । 

‘Hoi Na হয় না’ নামৰ এক ফেচবুক পেজৰ পৰা উক্ত ভাইৰেল স্ক্ৰীনশ্বটটো ১৯ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছিল । উক্ত ফেচবুক পোষ্টটোত আপলোড কৰা হোৱা ফটোখনত, ‘ভাৰত বৰ্ষৰ ঘটনা । মাকে বিয়া পাতিলে পুতেকক’ বুলি শিৰোনামা দিয়া হৈছে । উক্ত ফেচবুক পোষ্টটো ৩২ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হব ধৰিছে । 

টুইটাৰ পোষ্টটোত লিখা আছে, “মোৰ প্ৰথম পতি ঢুকাইছে যেতিয়া মোৰ লৰাৰ বয়স ১২ বছৰ আৰু মোৰ বয়স ৩০ বছৰ আছিল । আমি দুয়ো একেলগে আছিলোঁ আৰু মোক আচৰিত কৰি মোৰ মৰমৰ পুত্ৰয়ে যেতিয়া কলেজ শেষ কৰিলে সি মোক বিয়াৰ প্ৰস্তাৱ দিলে আৰু কিছু মাহৰ পাছত মই মান্তি হ’লো আৰু আমি ২০১৬ চনত বিয়া পাতিলোঁ । আৰু আমাৰ এতিয়া ৩ বছৰীয়া ল’ৰা এটা আছে ।”

সঁচাকৈ ফটোখনত দেখা দম্পতীহাল আচলতে মাক-পুতেক হয় নেকি? সঁচাকৈ মাকে বিয়া পাতিছিল নেকি পুতেকক? সত্য কি? জানো আহক । 

প্ৰণালী

প্ৰথমে আমি কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্চ কৰিলোঁ আৰু আমি একে নামৰ এক টুইটাৰ ইউজাৰ দেখিলোঁ কিন্তু তেওঁৰ টুইটাৰ হেণ্ডেলটো অলপ (@RajashreeSelv) বেলেগ । তেওঁ এক টুইট কৰিছে যে তেওঁৰ নামেৰে এক ভুৱা টুইটাৰ একাউণ্ট বনোৱা হৈছে আৰু এই ভুৱা একাউণ্টৰ পৰা এক মালাইছিয়ান দম্পতীৰ বিষয়ে কিছুমান মিছা কথা পোষ্ট কৰা হৈছে । উল্লেযোগ্য যে কমেণ্টছ চেক্সনত উক্ত মালাইছিয়ান দম্পতীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ বিষয়েও এই টুইটাৰ ইউজাৰ গৰাকীয়ে তথ্য দি থৈছে । 

hoina1.png

ইয়াৰ পাছত আমি উক্ত মালাইছিয়ান দম্পতীৰ ইনষ্টাগ্ৰাম একাউণ্টটো খুলিলো আৰু দেখিলোঁ যে তেওঁলোকে ইতিমধ্যে এই বিষয়ে এক ভিডিঅ’ আপলোড কৰি স্পষ্টিকৰণ দিছে যে তেওঁলোক ভাইৰেল পোষ্ট বোৰত দাবী কৰাৰ দৰে মাক-পুতেক নহয় বৰঞ্চ স্বাভাৱিক পতি-পত্নী হয় । 

hoina2.png

এই বিষয়ে কীৱৰ্ডছ চাৰ্চ কৰি আমি পত্নী গৰাকীৰ ফেচবুক প্রফাইলটোও বিচাৰি পালোঁ  য’ত তেওঁলোকে ইতিমধ্যে এই বিষয়ে আন এক স্পষ্টিকৰণ দিছে । তেওঁলোকে লগতে সকলোকে অনুৰোধ কৰিছে যাতে ভুৱা বাতৰি বা বাৰ্তা শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকে । 

hoina3.png

ফলাফল

উক্ত ফেচবুক পোষ্টটো ভুৱা হয় । ফটোখনত দেখা দম্পতীহাল আচলতে স্বাভাৱিক পতি-পত্নী হয়, ভাইৰেল পোষ্টবোৰত দাবী কৰাৰ দৰে মাক-পুতেক নহয় । 

Avatar

Title:ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *