
শেহতীয়াভাৱে উত্তৰাখণ্ডৰ উত্তৰাঞ্চল বিশ্ববিদ্যালয়ে সমাৱৰ্তন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ড্ৰেছ কোড প্ৰৱৰ্তন কৰি ক’লা গাউন আৰু টুপিৰ সলনি বাধ্যতামূলকভাৱে গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধিব লাগিব বুলি দাবী কৰা এদল ছাত্ৰ-ছাত্ৰীৰ এখন ফটো ভাইৰেল হৈ পৰিছে।
আমাৰ WhatsApp Tipline নম্বৰ 9049053770 ত ইয়াৰ সত্যতা নিৰূপণৰ অনুৰোধৰ সৈতে সেই ফটোখন এগৰাকী ব্যৱহাৰকাৰীয়ে আমালৈ প্ৰেৰণ কৰিছিল।
আমি দেখিলোঁ যে দাবীটো বিভ্ৰান্তিকৰ আৰু ই সম্পূৰ্ণ সত্য নহয়। ছাত্ৰ-ছাত্ৰীসকলক আচলতে কেৱল গেৰুৱা ৰঙৰ স্কাৰ্ফ নহয়, নিজ নিজ শৈক্ষিক বিভাগৰ ভিত্তিত বিভিন্ন ৰঙৰ স্কাৰ্ফ ডিঙিত ল’বলৈ দিয়া হৈছিল।
দাবীটো কি?
ভাইৰেল ফটোখনত এগৰাকী ছাত্ৰীয়ে তোলা চেলফি লোৱা দেখা গৈছে। ইয়াত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে এটা প্ৰেক্ষাগৃহত গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধি থকা দেখা গৈছে।

সত্যতা নিৰূপণ পদ্ধতি
আমালৈ অহা ভাইৰেল ফটোখনৰ আঁত ধৰি আমি উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানৰ সবিশেষ জানিব বিচাৰিলোঁ। আমি ২০২১ চনত একেটা দাবীৰে টুইটাৰত শ্বেয়াৰ কৰা একেখন ভাইৰেল ফটো আকৌ পালোঁ।
আমি জানিব পাৰিলোঁ যে দাবী কৰা ভাইৰেল ফটোখন আচলতে ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তনৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত লোৱা হৈছে।
সেই উপলক্ষে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সেই সময়ৰ উচ্চ শিক্ষা মন্ত্ৰী ড০ ধন সিং ৰাৱট।
আমি সেই অনুষ্ঠানটোৰ একাধিক ফটো পালোঁ, য’ত ছাত্ৰ-ছাত্ৰীসকলে নীলা, বেঙুনীয়া, মেৰুণ, গেৰুৱাকে ধৰি বিভিন্ন ৰঙৰ স্কাৰ্ফ পিন্ধি থকা দেখা গৈছিল।
এই অনুষ্ঠানৰ ৭৩৯ খন ফটোৰ এক সংকলন আপোনালোকে ইয়াত চাব পাৰিব।

বিশ্ববিদ্যালয়খনৰ মুখপাত্ৰই ফেক্ট ক্ৰেচেণ্ডো ইংৰাজীক জনোৱা মতে, ভাইৰেল হোৱা ফটোখন সঁচাকৈয়ে সেই অনুষ্ঠানৰ যদিও ভাইৰেল হোৱা দাবীটো সঁচা নহয়।
বিশ্ববিদ্যালয়ৰ মুখপাত্ৰৰ মতে, সমাৱৰ্তন অনুষ্ঠানৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক কুৰ্তা পিন্ধিবলৈ নিৰ্দেশ দিয়া হৈছিল, আৰু তেওঁলোকৰ শৈক্ষিক বিভাগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰঙৰ স্কাৰ্ফ প্ৰদান কৰা হৈছিল। গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধা ছাত্ৰ-ছাত্ৰীক দেখুওৱা ফটোখন কেৱল বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীৰ অংশ আছিল আৰু কোনো ধৰ্মীয় বা সামাজিক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্য নাছিল সেই অনুষ্ঠানৰ।
বিশ্ববিদ্যালয়খনৰ অফিচিয়েল ফেচবুক পেজত ভাইৰেল ফটোখনত প্ৰকাশ পোৱা ছোৱালীজনীৰ ফটোও আমি পাইছিলোঁ। এইদৰে ই প্ৰমাণ কৰে যে ভাইৰেল ফটোখন সঁচাকৈয়ে উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানৰ আছিল।

ফলাফল
উত্তৰাঞ্চল বিশ্ববিদ্যালয়ে সমাৱৰ্তন অনুষ্ঠানত গেৰুৱা ৰঙৰ স্কাৰ্ফ পৰিধান কৰাটো বাধ্যতামূলক বুলি দাবী কৰা এই পুৰণি ফটোখন বিভ্ৰান্তিকৰ। সমাৱৰ্তন অনুষ্ঠানত উত্তৰাঞ্চল বিশ্ববিদ্যালয়ে গেৰুৱা কাপোৰ বাধ্যতামূলক কৰা নাছিল। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক বিভাগৰ ভিত্তিত বিভিন্ন ৰঙৰ স্কাৰ্ফ পৰিধান কৰাৰ অনুমতি দিয়া হৈছিল। ইয়াত কেৱল ছাত্ৰ-ছাত্ৰীক পৰম্পৰাগত কুৰ্তা পিন্ধিবলৈহে কোৱা হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধাটো বাধ্যতামূলক নেকি ?
Fact Check By: Pranjal SharmaResult: Misleading
