এতিয়াৰে পৰা আমাৰ দেশত ৭৫টকাৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হ’ব নেকি? সত্যটো কি?

Misleading Social

দেশৰ নতুন সংসদ ভৱন মুকলি কৰা দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি বিশেষ স্মৃতিচাৰণ মুদ্ৰাও মুকলি কৰে। এই সন্দৰ্ভত বিভিন্ন বা-বাতৰি প্ৰকাশ আৰু প্ৰচাৰ হোৱা দেখা গৈছে। অসমতো একাংশ সংবাদ প্ৰতিস্থান তথা ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন পোষ্ট দিয়া পৰিলক্ষিত হৈছে। তেনেকুৱা কিছুমান পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। DA News Plus নামৰ এটা সংবাদ প্ৰতিস্থানে তেনেকুৱা এটা বাতৰিত উল্লেখ কৰিছে “আজিৰ পৰা দেশত প্ৰৱৰ্তন হ’ব ৭৫ টকীয়া মুদ্ৰা” #Da_News_Plus #ReserveBankofIndia

দেশৰ নতুন সংসদ ভৱনটো আৰু বিশেষ মুদ্ৰাটোৰ ফটোৰে প্ৰকাশ কৰা বাতৰিটোত সেইদৰে লিখা হৈছে।  

 Facebook LinkArchived Link

 অনুৰূপ ধৰণৰ পোষ্ট এটা ৰাণী হুছেইন নামৰ একাউন্ট এটাৰ পৰা কৰা দেখা গৈছে। সেই পোষ্টটোত আন কিছুমান মুদ্ৰা আৰু নোটৰ ফটো দিয়া হৈছে। 

Archived Link

কিন্তু সঁচাকৈয়ে দেশত ৭৫টকীয়া মুদ্ৰা বা তেনেকুৱা আন মুদ্ৰা প্ৰৱৰ্তন হৈছে নেকি? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি সাম্ভাব্য আৰু প্ৰাসংগিক কিছু কী-ৱৰ্ড লৈ গুগলত ছাৰ্চ কৰি চালোঁ, তেতিয়া আমি দেশৰ বিভিন্ন আগশাৰীৰ সংবাদ প্ৰতিস্থানে এই সম্পৰ্কে কৰা বিভিন্ন বাতৰিৰ লিংক লাভ কৰিলোঁ। The Indian EXPRESS এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশৰ নতুন সংসদ ভৱন মুকলিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫টকাৰ এক Commemorative coin অৰ্থাত স্মৃতিচাৰণ মুদ্ৰা মুকলি কৰিছে। লেখাটোত এই সম্পৰ্কে সবিস্তাৰে উল্লেখ কৰিছে। সেই মুদ্ৰাটো কিমান আকাৰৰ, কিহেৰে নিৰ্মিত, ক’ত আৰু কেনেকৈ লাভ কৰিব পৰা যাব আদি উল্লেখ কৰা হৈছে। লিখিছে যে নতুন সংসদ ভৱনৰ উদ্বোধনী উপলক্ষে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ টকাৰ স্মৃতিচাৰণ মুদ্ৰা মুকলি কৰে। 

বৃহস্পতিবাৰে (২৫ মে’২০২৩) প্ৰকাশ কৰা এক অধিসূচনাত বিত্ত মন্ত্ৰালয়ে প্ৰথমে এই মুদ্ৰা মুকলি কৰাৰ কথা ঘোষণা কৰে। ‘নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বত জাৰি কৰাৰ বাবে ৭৫ টকাৰ মুদ্ৰাটো মিণ্টত উপলব্ধ কৰা হ’ব।’

The Indian EXPRESSৰ সেই লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব। 

স্মৃতিচাৰণ মুদ্ৰা নো কি?

স্মৃতিচাৰণ মুদ্ৰা হৈছে কোনো বিশেষ ঘটনা বা মহান ব্যক্তিৰ স্মৃতিত জাৰি কৰা মুদ্ৰা, যিটো অনুষ্ঠানত সেইবোৰ জাৰি কৰা হৈছিল, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি এটা সুকীয়া ডিজাইনৰ সৈতে ইয়াক প্ৰস্তুত কৰা হয়। এই শ্ৰেণীৰ বহুতো মুদ্ৰা কেৱল সংগ্ৰাহকৰ সামগ্ৰী হিচাপে ব্যৱহাৰ হয় যদিও কিছুমান দেশত নিয়মীয়া প্ৰচলনৰ বাবেও স্মৃতিচাৰণ মুদ্ৰা জাৰি কৰা নজিৰ আছে।

উল্লেখযোগ্য যে মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱা, চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা বিয়পোৱা, বা গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনা স্মৰণ কৰা আদি কেইবাটাও কাৰণত ভাৰতে ১৯৬০ চনৰ পৰাই স্মৃতিচাৰণ মুদ্ৰা জাৰি কৰি আহিছে।

তদুপৰি আন আন কেইবাটাও সংবাদ প্ৰতিস্থানে এই সম্পৰ্কে বাতৰি প্ৰকাশ কৰিছে। Business Today এই স্মৃতিচাৰণ মুদ্ৰাটো সাধাৰণ ৰাইজে কোন কোন মিন্টৰ পৰা সংগ্ৰহ কৰিব পাৰিব সেই সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে দেশৰ কলকাতা, মুম্বাই, হায়দৰাবাদ আদি ঠাইত এই মিন্টসমুহ আছে। সেই মিন্টৰ ৱেবচাইটত এই স্মৃতিচাৰণ মুদ্ৰা ক্ৰয় কৰাৰ বাবে অৰ্ডাৰ দিব পাৰে সাধাৰণ ৰাইজে। প্ৰতিটো লেখাতে অধিসুচনাখনতে উল্লেখ কৰা ধৰণে কোৱা হৈছে যে এই মুদ্ৰাটো বৃত্তাকাৰ ।ইয়াৰ ব্যাস ৪৪ মিলিমিটাৰ আৰু ইয়াৰ প্ৰান্তত ২০০ টা ঘাত কঁটা আছে। ৩৫ গ্ৰাম ওজনৰ এই মুদ্ৰাটো ৫০ শতাংশ ৰূপ, ৪০ শতাংশ তাম, ৫ শতাংশ নিকেল আৰু ৫ শতাংশ জিংকৰে গঠিত চাৰিটা অংশৰ মিশ্ৰণৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তলত ২০২৩ বছৰটো আৰু উপলক্ষ অনুসৰি সংসদ ভৱনৰ ছবি এখন খোদিত কৰা হৈছে।

Business Todayৰ লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব। 

ক’ত উপলব্ধ এই স্মৃতিচাৰণ মুদ্ৰাসমুহ? 

ইতিমধ্যেই উল্লেখ কৰিছোঁ যে সময়ে সময়ে আমাৰ দেশত এইধৰণৰ স্মৃতিচাৰণ মুদ্ৰা জাৰি কৰা হৈ আহিছে। বিভিন্ন সময়ত জাৰি কৰা সেই মুদ্ৰাসমুহ সম্পৰ্কে জানিবলৈ আপোনালোকে Security Printing and Minting corporation of Indiaৰ এই ৱেবচাইটটো লৈ যাব পাৰে। ইয়াত ভাৰতৰ বিভিন্ন কোমেমৰেটিভ অৰ্থাত স্মৃতিচাৰণ মুদ্ৰাৰ সবিশেষ লাভ কৰিব আপোনালোকে। 

আপোনালোকে এইধৰণৰ কোনো স্মৃতিচাৰণ মুদ্ৰা যদি ক্ৰয় কৰিব বিচাৰে তেনেহলে মিন্টেজ ৱৰ্ল্ডৰ ৱেবচাইটৰ পৰা অৰ্ডাৰ কৰি ক্ৰয় কৰিব বাৰে। তদুৰপি ওপৰত উল্লেখ কৰা Security Printing and Minting corporation of Indiaৰ ৱেবচাইটতো সেই সুবিধা উপলদ্ধ। 

শেষত উল্লেখ কৰিব বিচাৰিছোঁ যে এই স্মৃতিচাৰণ মুদ্ৰাসমুহ ডাকযোগেও সংগ্ৰহ কৰিব পাৰি। মুদ্ৰাভেদে দৰ ভিন্ন। বেলেগ বেলেগ দেশত বিভিন্ন উদ্দেশ্যেৰে স্মৃতিচাৰণ মুদ্ৰা সময়ে সময়ে উলিয়ায়। বাণিজ্যিক উদ্দেশ্য আগত ৰাখিও সমসাময়িক পৰিঘটনাক প্ৰাধান্য দি স্মৃতিচাৰণ মুদ্ৰা বা কোমেমৰেটিভ কইন উলিওৱা হয়। সেই সম্পৰ্কে সবিস্তাৰে ইয়াত পঢ়িব পাৰিব।

স্মৃতিচাৰণ মুদ্ৰাক তিনিটা প্ৰকাৰৰ ভিতৰত এটা বুলি ক’ব পাৰি: 

১) নিয়মীয়াকৈ ইছ্যু কৰা মুদ্ৰা হৈছে প্ৰতিদিনে বাণিজ্যত ব্যৱহাৰ কৰিবলৈ লোৱা সাধাৰণ মুদ্ৰা আৰু সাধাৰণতে কেইবাবছৰ ধৰি একে ডিজাইনৰ সৈতে ইছ্যু কৰা হয় এই মুদ্ৰা।

 ২) প্ৰচলনযোগ্য স্মৃতিচাৰণ মুদ্ৰা হৈছে সেইবোৰ, যিবোৰ বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ উদ্দেশ্যেৰে কৰা হয়, কিন্তু কোনো অনুষ্ঠান, বৰ্ষপূৰ্তি, ব্যক্তি বা স্থানৰ স্মৃতিতহে ডিজাইনটো সীমিত সময়ৰ বাবেহে জাৰি কৰা হয়।

৩) নন-চাৰ্কুলেটিং লিগেল টেণ্ডাৰ (NCLT) হৈছে এনে মুদ্ৰা যিবোৰ আইনী টেণ্ডাৰ হয়, আৰু সেয়েহে তত্ত্বগতভাৱে সামগ্ৰী বা সেৱা ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি, কিন্তু এনে ধৰণে ব্যৱহাৰ কৰা নহয়। বৰঞ্চ, ইয়াক নুমিজমেটিক অৰ্থাত এইধৰণৰ মুদ্ৰাজাতীয় মূল্যৰে সংগ্ৰাহকৰ বস্তু হিচাপে উদ্দেশ্য কৰি প্ৰস্তুত হয়। ই প্ৰায়ে সোণ বা ৰূপত উৎপাদিত হয়।  

শেহতীয়াভাৱে উলিওৱা ৭৫টকাৰ এই স্মৃতিচাৰণ মুদ্ৰাটোৰ আইনী মূল্য বা লিগেল টেণ্ডাৰ হিচাপে মূল্য আছে। কিন্তু যিহেতু ইয়াক সংগ্ৰহ কৰাৰ বাবে গ্ৰাহকে ৭৫টকাতকৈ অধিক ধন ভৰিব লাগিব, গতিকে ১০০ বা ১০০০(উদাহৰণ হিচাপে উল্লেখ কৰা হৈছে) টকাৰে ৭৫টকাৰ স্মৃতিচাৰণ মুদ্ৰাটো ক্ৰয় কৰি সেইটোৰে কেৱল ৭৫টকাৰ সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰাটো নিশ্চয় যুক্তিসংগত বা বুদ্ধিমত্তাৰ কাম নহ’ব। 

এই বিষয়ে আৰু অধিক জনাৰ বাবে আপোনালোকে ইয়াত ক্লিক কৰি পঢ়ি চাব পাৰে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে শেহতীয়াভাৱে দেশৰ প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশৰ স্বাধীনতাৰ ৭৫বছৰ হোৱা পৰিঘটনাক স্মৃতিচাৰণ কৰি প্ৰস্তুত কৰা ৭৫টকাৰ মুদ্ৰাটো এটা স্মৃতিচাৰণ মুদ্ৰা হে। DA News Plus নামৰ সংবাদ প্ৰতিস্থানটোৱে দাবী কৰা ধৰণে ই দেশত প্ৰৱৰ্তনযোগ্য মুদ্ৰা নহয়। ইয়াৰ সাধাৰণ ৰাইজে সংগ্ৰহৰ বাবে উপলব্ধ হ’ব। কিন্তু ই বজাৰত ব্যৱহাৰ হোৱাকৈ দেশত প্ৰৱৰ্তন নহয়। গতিকে সংবাদ প্ৰতিস্থান DA News Plusৰ দাবীটো বিভ্ৰান্তিকৰ আৰু অৰ্ধসত্য।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এতিয়াৰে পৰা আমাৰ দেশত ৭৫টকাৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হ’ব নেকি? সত্যটো কি?

Written By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *