AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন কাৰ্য সম্পাদনৰ বিভিন্ন ডিজিটেল আহিলা বৰ্তমান সমগ্ৰ বিশ্বতে উপলব্ধ। ইন্টাৰনেটৰ মাধ্যমত উপলব্ধ এই এআই অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ আহিলা অথবা টুলছ সমুহেৰে কোনোবাই যদি গল্প,কবিতা, ই-মেইল আদি লিখিবলৈ চেষ্টা কৰিছে, কোনোবাই আকৌ ছবি অঁকাৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰিত্ৰ সৃষ্টি কৰাকলৈ বিভিন্ন কৰ্ম কৰিছে। তেনেকুৱা এক প্ৰেক্ষাপটতে অসমৰ ছোচিয়েল মিডিয়াতো কিছুমান ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। এগৰাকী অসমীয়া চিত্ৰশিল্পীয়ে এআই টুলছৰ সহায়ত অসমীয়া জনজীৱনত কথিত কিছুমান ভূত-প্ৰেতৰ কাল্পনিক ৰূপ অংকন কৰা দেখা গৈছিল। কিন্তু তাৰ মাজতে কিছুমান মিছা খবৰ প্ৰচাৰেৰে একাংশ সংবাদ মাধ্যমে এনেকুৱা কাল্পনিক ফটো ভাইৰেল কৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাও আমাৰ দৃষ্টিগোচৰ হৈছে। অতি শেহতীয়াভাৱে অসমৰ ডিজিটেল সংবাদ প্ৰতিস্থান DB News এ যোৱা ২৮ মে’ ২০২৩ত WWEৰ প্ৰাক্তন তাৰকা তথা হলিউদৰ অভিনেতা দ্ৱায়েন জনছন অৰ্থাত ‘দ্য ৰক’ৰ কেইখনমান ফটো আপলোক কৰি কেপছনত লিখিছে - “WWE চেম্পিয়নশ্বিপ তথা হলিউদৰ অভিনেতা দ্য ৰক এ গ্ৰহণ কৰিলে সনাতন ধৰ্ম। উৎসঃ সামাজিক মাধ্যম ”

পোষ্টটোৰে তেওঁলোকে দাবী কৰিছে যে ‘দ্য ৰকে’ সনাতন ধৰ্ম গ্ৰহন কৰিছে।

Facebook LinkArchived Link

কিন্তু দ্বায়েন জনছন অৰ্থাত ‘দ্য ৰকে’ সঁচাকৈয়ে সনাতন ধৰ্ম অৰ্থাত হিন্দুত্ব গ্ৰহন কৰিছেনে?

আন ছোচিয়েল মিডিয়াতো তেনেকুৱা কিবা দাবী সম্বলিত কোনো পোষ্ট উপলব্ধ হৈছে নেকি, তাকে পৰীক্ষা কৰোঁতে আমি একাধিক টুইট দেখা ।

গোপাল গোস্বামী নামৰ হেণ্ডেলটোৰ পৰা কৰা টুইটটোত দ্য ৰকৰ ফটো এখন আপলোড কৰি লিখিছে “Famous heavyweight wrestler and Hollywood actor, Mr. Dwayne Johnson, popularly known as "The Rock" performing Aarti Hindu traditions.”

https://twitter.com/igopalgoswami/status/1662419283266396163

তদুপৰি দিপ্তী নামৰ হেণ্ডেলটোৰ পৰা দ্য ৰকৰ ফটো কেইখনমান আপলোড কৰি কেপছন লিখিছে “Hindu Hriday Samrat : Dwayne Johnson ”

অৰ্থাত টুইটাৰতো একাংশই এইদৰে দাবী কৰিছিল যে দ্য ৰকে সনাতন ধৰ্ম গ্ৰহন কৰিছে। কিন্তু কিমানদূৰ সত্য এই দাবী?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি কেইটামান প্ৰাসংগিক কী-ৱৰ্ড লৈ গুগল ছাৰ্চ কৰি এই সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰিলোঁ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিস্থিত আৰু বিশ্বাসযোগ্য কোনো সংবাদ প্ৰতিস্থানে বিশ্ব বিখ্যাত তাৰকাগৰাকীয়ে সনাতন ধৰ্ম গ্ৰহন কৰা সন্দৰ্ভত কোনো বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰিছে নেকি আমি জানিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সেই সম্পৰ্কে কোনোধৰণৰ বাতৰি বা তথ্য আমি লাভ নকৰিলোঁ।

ইয়াৰ পাছত আমি ‘দ্য ৰক’ৰ টুইটাৰ হেণ্ডেলটো আৰু ফেচবুক পেজটো পৰীক্ষা কৰিলোঁ। তাতো আমি তেওঁৰ দ্বাৰা এইধৰণৰ কোনো খবৰ প্ৰচাৰ কৰা দেখা নাপালোঁ।

তাৰ পাছত আমি ভাইৰেল ফটোকেইখনৰ এখন লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি অনুসন্ধান আৰম্ভ কৰিলোঁ। তেনেকৈ ছাৰ্চ কৰোঁতে আমি এই ফটোকেইখনৰ প্ৰকৃত স্ৰষ্টা ভাৰ্গৱ ভালেৰা নামৰ ফটোগ্ৰাফাৰজনৰ ফেচবুক একাউণ্টৰ লিংক এটা লাভ কৰিলোঁ। তেওঁৰ একাউণ্টটো পৰীক্ষা কৰি আমি দেখিলোঁ যে তেওঁ ইতিমধ্যে বিভিন্ন তাৰকাক সনাতন ধৰ্মীয় পৰিধানত এআই অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে অংকন কৰি আপলোড কৰিছে। আনকি মহাত্মা গান্ধীকো অন্যধৰণে অংকন কৰি আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হ’ল। ফটোগ্ৰাফৰগৰাকীয়ে এটা পোষ্ট আপলোড কৰি লিখিছে যে তেওঁ এইআইৰ মাধ্যমেৰে অংকন কৰা দ্য ৰকৰ ফটোকেইখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Facebook Link

তদুপৰি ভাৰ্গৱ ভালেৰাই দ্য ৰকৰ সেই ফটোকেইখন সৃষ্টি কৰি নিজৰ যোৱা ২২ এগ্ৰিল ২০২৩তে ফেচবুকত আপলোড কৰা সেই পোষ্টটোও আমি দেখা পালোঁ।

Facebook Link

ইয়াৰ পৰাই আমি নিশ্চিত হ’লোঁ যে দ্বায়েন জনছনৰ সেই ফটোকেইখন AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোহে। সঁচাকৈ তেওঁ সনাতন ধৰ্ম গ্ৰহন কৰি হিন্দু হোৱা নাই। অসমৰ সংবাদ প্ৰতিস্থান DB Newsএ কৰা দাবীটো মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে বিশ্ব বিখ্য়াত তাৰকা দ্য ৰকে সনাতন ধৰ্ম গ্ৰহণ কৰা বুলি ভাইৰেল হোৱা ফটোকেইখন প্ৰকৃততে এগৰাকী ফটোগ্ৰাফাৰ কথা চিত্ৰকৰ ভাৰ্গৱ ভালেৰাই কৃত্ৰিম বুদ্ধিমত্তাৰেহে সৃষ্টি কৰিছিল। দ্য ৰকে কিন্তু সনাতন ধৰ্ম গ্ৰহণ কৰা নাই। সংবাদ প্ৰতিস্থান DB Newsএ কৰা দাবীটো মিছা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হলিউদ অভিনেতা তথা প্ৰাক্তন WWE তাৰকা ‘দ্য ৰকে’ সঁচাকৈয়ে সনাতন ধৰ্ম গ্ৰহণ কৰিছেনে ?

Written By: Pranjal Sharma

Result: False